পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২০
বাৰ্ষিক উৎসৱ


 মাধৱ। আপোনাৰ কথা মিছা নহয়, কিন্তু বৰ্ত্তমান ক্ষেত্ৰত ফলাফল নৌ দেখোতেই মন্তব্য প্ৰকাশ কৰা উচিত। নহয়। দেশ-কালেই সকলো আন্দোলনৰ গতি-বিধি নিয়ন্ত্ৰণ কৰে। অসহযোগ আন্দোলনৰ আগতে মোৰ অকলশৰীয়া আন্দোলনেই গোটেই দেশত এটা আলোড়ন সৃষ্টি কৰিছিল; বহুত মানুহে আন্তৰিকতাৰে মোৰ কাৰ্য্য়ত সাহায্য কৰিছিল; বিশেষকৈ নিপীড়িত, পদদলিত আৰু সংস্কাৰকামীসকল নানা ঠাইৰ পৰা বুদ্ধি পৰামৰ্শ বিচাৰি মোৰ ওচৰ চাপিছিল। বহুতে সঙ্ঘবদ্ধভাবে সংগঠনৰ কাম হাতত লৈছিল। আজি তাৰ পৰিবৰ্ত্তন ঘটিছে, মোৰ আন্দোলন সকলোখিনিয়েই ৰাজনৈতিক আন্দোলনৰ অন্তৰ্গত হোৱাত, সুকীয়া আন্দোলনৰ প্ৰয়োজন নোহোৱা হৈছে বা কমি গৈছে।
 ৰা, চা। সেইটো সচা নহয়। দেখাত প্ৰয়োজন কমিলেও প্ৰকৃততে বাঢ়িছেহে। চোৱাঁ, তুমি সংস্কাৰৰ নিমিত্তে ক্ষেত্ৰ প্ৰস্তুত কৰি ৰাখিছা; নেতাসকলে উপযুক্ত ক্ষেত্ৰত উপযুক্ত গুটি সিঁচিলেই হৈ যায়। কিন্তু তাকে কৰিছে ক’তা! তোমাৰ কামতো বাধা জন্মাইছে, তেওঁলোকেও একো নকৰে।
 মাধৱ। সি যি কি নহওক, এইটো ঠিক যে এতিয়া সঙ্ঘবদ্ধভাবে মোৰ আন্দোলন চলোৱা সম্ভব নহয়। অকল- শৰীয়াকৈ যি কৰিব পাৰোঁ তাতে সন্তুষ্ট থাকিব লাগিব।
 ৰা, চা। তাৰ বাহিৰে আৰু উপায় নাই। কিন্তু মই