পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২০
আবিস্কাৰ


ভবিষ্যৎ বাণী কৰিব পাৰোঁ, ৰাজনৈতিক হুলস্থুলবোৰ মাৰ যোৱাৰ পিচতো এইবোৰ সংস্কাৰ তোমালৈকে থাকি যাব।
 মাধৱ। মই মোৰ নিজা প্ৰণালীৰে ৰাইজৰ সেৱা কৰিবলৈ সদায় সাজু, কিন্তু মোৰ মতৰ বিৰুদ্ধে আনৰ আদেশ মানিবলৈ প্ৰস্তুত নহওঁ-তেহেলেই লাগে যদি আদেশকাৰীজন স্বয়ং ব্ৰহ্মাই হওক।
 এনেতে দুয়ো তিনি আলিৰ মূৰ পালেগৈ। তাতে দুয়ো বিদায় লৈ নিজ নিজ বাটে দি প্ৰস্থান কৰিলে।