কৰিব, আন নালাগে, যাৰ টকাৰে এই সমিতি গঠিত
তেওঁলোকেই ইয়াৰ সাহায্য়ৰ পৰা বঞ্চিত হ'ব। আন সদস্য
সকলো কংগ্ৰেচী হোৱাত, মোৰ কথা যে নৰজে সি স্বতঃসিদ্ধ।
সেই কাৰণে মই এই সমিতিত থাকিবলৈ অক্ষম।”
বহুতে মাধৱক নানা যুক্তিৰে ৰাখিবৰ চেষ্টা কৰিছিল।
কিন্তু তেওঁ সম্মত নহ’ল। অগত্যা ৰায় চাহাব আৰু তেওঁৰ
ঠাইত আন দুজন কংগ্ৰেচী সত্য বাছি লোৱা হ'ল। দুজন
বিশিষ্ট কংগ্ৰেছ কৰ্ম্মীয়ে সভাপতি আৰু সম্পাদকৰ বাব পালে।
সমিতিৰ কাৰ্য্য়ালয় কংগ্ৰেচ অফিচলৈ উঠাই নিয়াৰ প্ৰস্তাবো
গৃহীত হ'ল।
ইয়াৰ পাচত স্বেচ্ছা-সেৱকসকলৰ সেৱা-সম্পৰ্কীয় কেইটা
মান দৃশ্যাবৃত্তি দেখুওৱা হ'ল। দৃশ্যাবৃত্তিৰ পিচত ধন্যবাদ
জ্ঞাপন আৰু সামৰণি গীতেৰে সেই দিনাৰ কাৰ্য্য় শেষ কৰি
সমজুৱাসকল ঘৰাঘৰি গ'ল।
বাটত যাওঁতে ৰায় চাহাবে মাধৱক ক'লে,-“এনেবোৰ
সমিতিৰ ওপৰত মোৰ আগৰে পৰা আস্থা নাই। সেই কাৰণে
টকাকেইটা কোনো সমিতিক নিদি তোমাৰ ইচ্ছামতে খৰচ
কৰিবলৈহে দিছিলোঁ। তুমিহে সমিতিৰ কথা উলিয়ালা।
সি যি কি নহওক, পৰিচালনাৰ ভাৰ তোমাৰ হাতত নথকা হ'লে
মই কেতিয়াও তাৰ লগত সম্পৰ্ক নাৰাখিলোঁহেতেন। এনেবোৰ
সমিতিৰ লাভ-লোকচান নিৰ্ভৰ কৰে পৰিচালকৰ ব্যক্তিত্বৰ
ওপৰত। অনুপযুক্ত হাতত পৰিলে তাৰ সুফল নষ্ট হয়।”
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৩০
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২২
আবিষ্কাৰ
