পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৭
দায়িত্ব ত্যাগ


তুমি এনে এটা সামান্য প্ৰতিবন্ধকতে পিচ হুঁহকিব খোজা দেখি মই লাজ পাইছোঁ। তুমি নাৰী, নাৰীত্বৰ-মাতৃত্বৰ আহ্বানেৰে এলেহুৱা ডেকা-বুঢ়াক জগাই নিদিলে জগাব কোনে। তথাপি তোমাৰ বক্তৃতা শুনি মই যেনেকৈ মুগ্ধ হৈছিলোঁ, তোমাক মাতৃ-জাতিৰ শীৰ্ষস্থানত বহুৱাইছিলোঁ, এতিয়া তোমাৰ এই দুৰ্ব্বলতা আৰু সঙ্কোচ দেখি তেনেকৈয়ে হতাশ হ'ব লগাত পৰিছোঁ। তোমাৰ দৰে মহিলাৰ এই দুৰ্ব্বলতা দেশৰ দুৰ্ভাগ্য, ভগৱন্তৰ অভিশাপ। তোমাৰ কথাত মই বেজাৰ পাইছোঁ। ইমান পৰিশ্ৰমৰ পাচতো এখন্তক জিৰণি নলৈ বৰ আশাৰে তোমাৰ ওচৰলৈ আহিছিলোঁ, সচাকৈয়ে মোক বিমুখ কৰিবলৈ তোমাৰ মন গৈছে নে? মোৰ আৰু সময় নাই, কোৱা তোমাৰ শেষ সিদ্ধান্ত কি।
 প্ৰতিমা। এতিয়াই ক'ব নোৱাৰোঁ, কালিলৈ ক’ম।
 বৰুৱা। কালিলৈ ক'বৰ কোনো প্ৰয়োজন নাই। মোৰ সকলো কথা ভাবি চাই বুকত হাত দি কোৱাঁচোন তোমাৰ মত কি।
 প্ৰতিমা। মোৰ নিজৰ মতত চলিব পৰা হ'লে এতিয়াই প্ৰতিজ্ঞা-পত্ৰত চহী দিলোঁহেতেন।
 বৰুৱা। আকৌ “চলিব পৰা হ'লে?” নোৱাৰিবা কিয়? তোমাৰ স্বাধীন মতৰ ওপৰত কাৰো প্ৰভুত্ব খাটিব নোৱাৰে। মিছাতে পলম নকৰিবা। চাওঁ, ফৰ্ম্মখন পূৰাই চহী দিয়াঁ।
 প্ৰতিমাই দিওঁ নিদিওঁকৈ ফৰ্ম্মখন পূৰাই দিলে। কাকত খন