লৈ বৰুৱাই ক'লে,-“কালিলৈ তোমাৰ কাৰ্য্য়-তালিকা পাবা।
এতিয়া যাওঁ, এনেকৈ আমনি কৰাৰ বাবে বেয়া নাপাবা।”
এনেকৈ কৈয়েই বৰুৱাই বিদায় ল'লে।
পিচ দিনা পুৱা প্ৰতিমাৰ ঘৰলৈ আহি যেতিয়া মাধৱে
প্ৰতিমাৰ সিদ্ধান্তৰ কথা শুনিলে, তেতিয়া তেওঁ এটা দীঘল
হুমুনিয়াহ কাঢ়িলে। তাৰ পাচত ক'লে,-“প্ৰতিমা, তোমাৰ
সিদ্ধান্তৰ ওপৰত মোৰ ক’বলৈ একো নাই! তোমাৰ দ্বাৰা
যি কাৰ্য্য সম্পাদন কৰাম বুলি ভাবিছিলোঁ, সি অসম্পূৰ্ণ ৰ’ল,
এয়েই মোৰ বেজাৰ।”
প্ৰতিমা। কংগ্ৰেচৰ যোগে দি জানো সেই কাৰ্য্য় কৰিব
নোৱাৰিম।
মাধৱ। পাৰিব পাৰা। কিন্তু সি মোৰ আদৰ্শমতে
নহয়। মই যি সামাজিক শৃঙ্খলাৰ মাজে দি এই কাম কৰিব
খুজিছিলোঁ, সি কংগ্ৰেচৰ পদ্ধতিৰে হৈ নুঠে। সমাজ-
নীতিতকৈ তাত ৰাজনীতিৰ প্ৰভাব পৰিব বেচি। তাৰ ফল
হ’ব সামাজিক বিশৃঙ্খলা। সি যি কি নহওক, সেই বিষয়ে
এতিয়া মই আলোচনা কৰিব নোখোজোঁ। তুমি যি উচিত
বুলি ভাবিছা তাকে কৰাঁ। মাত্ৰ তোমাক ইমানকে কওঁ যে
মই তোমাৰ যি দায়িত্ব গ্ৰহণ কৰিছিলোঁ, সি আজিয়েই শেষ।
এনেকৈ কৈয়েই প্ৰতিমাৰ কোনো উত্তৰলৈ অপেক্ষ
নকৰি মাধৱ ওলাই গ'ল; প্ৰতিমাই থৰ লাগি চাই থাকিল।
⸺