পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৬
আবিষ্কাৰ


 বৰুৱা। হয়, চিনি পাওঁ। কিন্তু তেওঁৰ অনুমতি বিচাৰিবলৈ গ'লে তোমাৰ কংগ্ৰেত যোগ দিয়া নহয়। সভা ভগাৰ পাচতেই মই তেওঁৰ ওচৰলৈ গৈছিলোঁ, আৰু আমাৰ লগত যোগ দিবলৈ অনুৰোধ জনাইছিলোঁ। কিন্তু তেওঁ নিজৰ মতটোৰ বাহিৰে আন কাৰো কথা নামানে। তেওঁ আছে এটা আদৰ্শ লৈ। যদিও সি কেতিয়াও কাৰ্য্য়ত পৰিণত নহয়, তথাপি তেওঁ তাক নেৰে। সেইটো তেওঁৰ বলিয়ালি। তেওঁৰ দ্বাৰা কোনো কাম নহয়।
 প্ৰতিমা। কিন্তু তেওঁৰ অনুমোদন নোহোৱাকৈ কোনো কামত হাত নিদিওঁ বুলি প্ৰতিশ্ৰুতি দিয়াতহে তেওঁ মোৰ অভিভাবকত্ব গ্ৰহণ কৰিছিল।
 বৰুৱা। তেওঁৰ লগত তোমাৰ সম্বন্ধ কি?
 প্ৰতিমা। এনেয়ে একো নাই। কিন্তু তেওঁ মোৰ পৰম উপকাৰী। অতি সাংঘাতিক বিপদতো তেওঁ মোক ৰক্ষা কৰি আহিছে। তেওঁৰ সাহায্য নোপোৱা হ'লে মোৰ জীৱনৰ গতিয়েই বেলেগ হ'লহেতেন।
 বৰুৱা। কিন্তু কংগ্ৰেচত যোগ দিলে দেখিবা এখন দেশ তোমাক তেনে সাহায্য কৰিবলৈ সাজু। আৰু চোৱাঁ, এই জাতীয় যুদ্ধত জয়-লাভ কৰিবলৈ হ'লে সাধাৰণ অনুভূতিবোৰ একেবাৰেই বাদ দিব লাগিব। সেই দেখিয়েই গোটেই দেশ জুৰি পুতেকে বাপেকৰ, ঘৈণীয়েকে গিৰীয়েকৰ শাসন অবজ্ঞা কৰিও এই জাতীয় যজ্ঞত হবি যোগাবলৈ আগ বাঢ়িছে।