পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৪
আবিষ্কাৰ


কি পুৰুষ, কি নাৰী, প্ৰত্যেকেই হ'ব লাগিব জাতীয় যুদ্ধৰ দুৰ্দ্ধৰ্ষ সৈনিক। সেয়ে হলেই আমাৰ জয়, স্বৰাজ লাভ অনিবাৰ্য্য়।
 প্ৰতিমা। কিন্তু আপুনি জানে আমাৰ প্ৰায় তিৰুতাই অশিক্ষিতা। সেই কাৰণে প্ৰথমে তেওঁলোকৰ মাজত শিক্ষা প্ৰচাৰ কৰা আৰু অন্ধ বিশ্বাস আঁতৰোৱাই হ'ব লাগিব আমাৰ প্ৰথম কাম। জ্ঞান হ’লে, জগতৰ আও-ভাও বুজিব পাৰিলে নিজে নিজেই তেওঁলোক দেশ-সেৱাত লাগি যাব।
 বৰুৱা। তোমাৰ কথা সম্পূৰ্ণ ঠিক নহয়। প্ৰথমতে চোৱা অশিক্ষিতৰ মনত কোনো এটা কথা সুমাই দিয়া যিমান সহজ, স্বাৰ্থান্বেষী শিক্ষিতৰ মনত সুমুওৱা সিমান সহজ নহয়! সেই কাৰণে অশিক্ষিতৰ মনত স্বদেশপ্ৰেম শিক্ষিততকৈ বেগই জগাই তুলিব পাৰি। দ্বিতীয়তে তোমাৰ প্ৰণালীৰে তিৰুতাক শিক্ষা দি জাতীয় ভাবত অনুপ্ৰাণিত কৰিবলৈ যে কিমান বছৰ লাগিব তাক ক'ব নোৱাৰি। আন ফালে যদি আমি কি মতা, কি তিৰুতা জাতি-বৰ্ণ-নিৰ্ব্বিশেষে কংগ্ৰেচ-পতাকাৰ তলত গোট খাওঁ, তেন্তে এমাহৰ ভিতৰতে স্বৰাজ লাভ নহৈ নোৱাৰে। স্বৰাজ হলেই সকলো সংস্কাৰ সহজ হৈ পৰিব। তুমি তোমাৰ কাৰ্য্য়ত পঞ্চাশ বছৰে যিমান আগুৱাব পাৰিবা, স্বৰাজ হ’লে একে বছৰতে তাতকৈ বেচি আগ বাঢ়িব পাৰিবা।
 প্ৰতিমা। যদি স্বৰাজ নহয়?
 বৰুৱা। যদি আমি নিজ স্বাৰ্থত মগ্ন থাকি জাতীয় স্বাৰ্থলৈ পিঠি দিওঁ, তেন্তে আমাৰ দাসত্বৰ শিকলি কেতিয়াও