পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৫
দায়িত্ব ত্যাগ


নিছিগে। কিন্তু যদি আমাৰ গাইগুটীয়া সুখ-সুবিধা, ভোগ- বিলাস, কল্পনা আৰু আদৰ্শ বিসৰ্জ্জন দি মাতৃযজ্ঞত আত্ম- বলি দিবলৈ আগ বাঢ়োঁ, তেন্তে অবিলম্বে স্বৰাজ লাভ নহৈ নোৱাৰে। উদাহৰণস্বৰূপে কওঁ, তুমি যদি তোমাৰ ব্যক্তিগত মতামতলৈ পিঠি দি নাৰী-সমাজত কংগ্ৰেচৰ বাণী শুনাবলৈ সাজু হোৱা, তেন্তে আমাৰ উদ্দেশ্য সিদ্ধি হোৱাত পলম নঘটে। এই কাৰ্য্য়ত নিয়োগ কৰিবলৈ দ্বিতীয়া মহিলা মই জনাত নাই। যদি তুমি তোমাৰ মততে লাগি থাকি আমাক বিমুখ কৰা, তেন্তে আমাৰ কাৰ্য্য সম্পূৰ্ণ কৰাত বিলম্ব ঘটিব, হয় তো কেতিয়াও সম্পূৰ্ণ নহ'বই। মুঠতে এতিয়া আমাৰ কাৰ্য্যৰ সফলতা ঘাইকৈ নিৰ্ভৰ কৰিছে নাৰীসকলৰ সাহচৰ্য্য়ৰ ওপৰত। মই আশা কৰোঁ, তুমি কোনো আপত্তি নকৰি মোৰ অনুৰোধ ৰক্ষা কৰিবা, কংগ্ৰেচৰ গৌৰৱ বৃদ্ধি কৰিবা।
 এই দৰে কৈয়েই বৰুৱাই এখন প্ৰতিশ্ৰুতি-পত্ৰ আগ বঢ়াই দিলে। প্ৰতিমাই কাকতখন হাতত লৈ ক'লে,- “মই এতিয়া চহী কৰিব নোৱাৰোঁ। আপুনি নাজানিব পাৰে, কিন্তু মোৰ এজন অভিভাবক আছে। তেওঁক নোসোধাকৈ আৰু তেওঁৰ অনুমতি নোপোৱাকৈ মই কোনো কামত যোগ দিব নোৱাৰোঁ।”
 বৰুৱা। কোন তেওঁ?
 প্ৰতিমা। তেওঁৰ নাম মাধৱচন্দ্ৰ ভূঞা। বোধ কৰোঁ আপুনি চিনি পায়।