পঞ্চদশ অধ্যায়
-আদৰ্শ আৰু লক্ষ্য-
মাধৱৰ ব্যৱস্থামতে প্ৰতিমাই গুৱাহাটীতে ঘূৰি ঘূৰি শেহত
এখন নাৰী-কল্যাণ-সমিতি স্থাপন কৰিলে; লগে লগে এটা
পুঁজি-সংগ্ৰহৰ ব্যৱস্থাও হাতত ললে। মহিলা সমাজে ইয়াত
যথেষ্ট আগ্ৰহ দেখুৱালে; পুৰুষ-সমাজৰ পৰাও আশাতীত
সহানুভূতি পোৱা গ'ল। কৃতকাৰ্য্য়তাৰ লক্ষণ প্ৰথম চেষ্টাতে
পৰিস্ফুট হৈ উঠাত প্ৰতিমাৰ উৎসাহ দুগুণে বাঢ়িল আৰু
প্ৰচাৰৰ পৰিসৰ ক্ৰমশঃ বঢ়াই নিবলৈ ধৰিলে। গুৱাহাটীকে
কেন্দ্ৰ কৰি তাৰ কেইওফালৰ প্ৰধান ঠাইবিলাকত সমিতি
স্থাপন কৰাতো বৰ বেচি দিন নালাগিল।
এনেকৈয়ে চাৰিওফালে জাগৰণৰ আভাস পাই প্ৰতিমাই
অসমৰ আন আন ঠাইতো প্ৰচাৰ কাৰ্য্য় চলাবলৈ মন মেলিলে;
মাধৱেও তাত সৰ্ব্বান্তঃকৰণে সম্মতি দিলে অকল সম্মতি
দিয়াই নহয়, কেনে ভাবে কাৰ্য্য়ত আগ বাঢ়িব লাগিব,
কি কি কাৰ্য্য হাতত ল'ব লাগিব, সেই সম্পৰ্কে সকলো
দিহা নিয়াৰিকৈ দি কাম কৰিবলৈ সুচল লগায়ো দিলে।
কাম আৰম্ভ কৰিবলৈ যি প্ৰাথমিক খৰচৰ প্ৰয়োজন হৈছিল
তাকো মাধৱেই বহন কৰিছিল।