পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৩
আদৰ্শ আৰু লক্ষ্য


 প্ৰতিমাই একাণপতীয়াভাবে কাম কৰি যাবলৈ ধৰিলে। তেওঁৰ আশাশুধীয়া চেষ্টা, উদ্যম আৰু অক্লান্ত পৰিশ্ৰমৰ ফলত গোটেই দেশৰ নাৰী-সমাজত এটা নব জাগৰণৰ ঢৌ উঠিল। তাকে দেখি প্ৰতিমাই গৰ্ব্ব অনুভব কৰিলে, মাধৱেও এটা অভূতপূৰ্ব্ব আনন্দ অন্তৰত উপলব্ধি কৰিলে।
 তেতিয়া ১৯৩১ চন। মহাত্মা গান্ধীৰ অসহযোগ আন্দোলন আইন-অমান্য আন্দোলনত পৰিণত হৈছে। গোটেই ভাৰতবৰ্য জুৰি হুলস্থুল। শই শই হাজাৰে হাজাৰে দেশ-সেৱক ফাটেকলৈ যাব লাগিছে, অম্লানবদনে শান্তি-ৰক্ষকৰ লাঠিৰ কোব পিঠি পাতি লৈছে। যিবোৰ মানুহে আগেয়ে ৰাজনীতি খায় নে কাণত পিন্ধে বুজি নাপাইছিল, সেইবোৰেও এইবোৰ দেখি-শুনি উত্তেজিত হৈ আন্দোলনত যোগ দিছেহি। নগৰে-গাৱেঁ ঘৰে- বাহিৰে কেৱল এই আন্দোলনৰ মেল, য’তে-ত’তে সভা-সমিতি।
 এই আন্দোলনৰ সময়ত গুৱাহাটীতে এখন ডাঙৰ কংগ্ৰেচী সভা বহিছিল। তালৈ অসমৰ নানা ঠাইৰ পৰা প্ৰতিনিধি আহিছিল। চৰকাৰী কৰ্ম্মচাৰীৰ বাহিৰে জাতি-বৰ্ণ নিৰ্ব্বিশেষে সকলো স্থানীয় মানুহে তাত গোট খাইছিল।
 স্বেচ্ছা-সেৱক সকলৰ এটি গীতেৰে সভা আৰম্ভ হয়। যেনে :-

 তই বাঢ়িব লাগিব আগ।
কৰিব লাগিব  মোহ নিদ্ৰা ভাঙি
 জড়তা-ভীৰুতা ত্যাগ।