পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০১
নাৰী-কল্যাণ সমিতি


আৰু যি ঠাইত কাম কৰিবা সেই ঠাইৰ বিশিষ্ট মহিলাসকলক আগ ধৰি তোমাৰ লগৰীয়া হবলৈ সম্মত কৰাব লাগিব।
 প্ৰতিমা। যেনেকৈ যি কৰিব লাগে কৰিম, কিন্তু মই নিজে একো নাজানো, সকলো দিহা অপুনিয়েই দিব লাগিব।
 মাধৱ। সেইটো হ'ব। সম্প্ৰতি এফালৰ পৰা কাম আৰম্ভ কৰিব লাগিব। প্ৰথমে গুৱাহাটীকে কেন্দ্ৰ কৰি আগ বঢ়া ভাল। তুমি ইয়াৰ কেইগৰাকীমান মহিলাৰ লগত পৰামৰ্শ কৰি এখন সভাৰ আয়োজন কৰাঁ, তাত কি কৰিব লাগিব তাৰ কাৰ্য্য়-তালিকা মই প্ৰস্তুত কৰি দিম। গুৱাহাটীতে এই আন্দোলনৰ সূত্ৰপাত কৰি তাৰ পৰিসৰ ক্ৰমশঃ বঢ়াই নিব লাগিব। তেতিয়া তোমাৰ লগৰো অভাব নহ'ব।
 প্ৰতিমাই বিশেষ উৎসাহেৰে গাত ল’লে। ইমান দিন বৈ ফুৰা বলে নোৱৰা বোজা এটা প্ৰতিমাৰ মূৰত তুলি কি অব্যাহতি লাভ কৰাৰ আশাত মাধৱৰ মনতো এটা নতুন আনন্দই দেখা দিলে।
 সেই দিনাৰ পৰাই প্ৰতিমা নতুন কৰ্ত্তব্যত আগ্ৰহেৰে লাগি গ'ল।