প্ৰতিমা। পাৰোঁ নে নোৱাৰোঁ কেনেকৈ কওঁ! ইয়াকে
মাথোন ক'ব পাৰোঁ যে যদি আপুনি বাট দেখুৱাই লৈ যায়,
মই সেই বাটে দি আগ বাঢ়িবলৈ প্ৰাণপণে যত্ন কৰিম।
মাধৱ। মোকো তাকেই হে লাগে। কাৰ্য্য়-পদ্ধতি মই
স্থিৰ কৰি দিম। ক’ত, কেনেকৈ কি কৰিব লাগিব তাৰ আঁচনি
মোৰ পৰা পাবা।
প্ৰতিমা। যদি সেয়ে হয় মোৰ তাত কোনো আপত্তি
নাই। আপোনাৰ দিহামতে কাম কৰিবলৈ মই সদায় সাজু।
মাধৱ। তেন্তে শুনা,—তোমাৰ কাম হ’ব অসমৰ সকলো
ঠাইতে একোখন নাৰী-কল্যাণ সমিতি স্থাপন কৰা আৰু সেই
সমিতিৰ যোগে দিয়েই গাওঁ-ভূঁই সকলোতে প্ৰচাৰ কাৰ্য্য়
চলাবলৈ ব্যৱস্থা কৰা। এনেকৈ যেতিয়া গোটেই দেশত
নাইবা অধিকাংশ ঠাইত এনে সমিতি স্থাপিত হ'ব, তেতিয়া
সকলোৰে প্ৰতিনিধি লৈ এখন কেন্দ্ৰীয় সমিতি স্থাপন কৰিব
লাগিব। সেই সমিতিবোৰে প্ৰথমতে এই দুটা কাম হাতত
ল'ব লাগিবঃ—
(১) স্ত্ৰী-শিক্ষাৰ প্ৰচাৰ।
২) বাল্য-বিবাহ-নিবাৰণ।
এই দুটা হলেই আন আন সামাজিক আৰু ৰাজনৈতিক অধিকাৰৰ দাবী আপোনা-আপুনি আহিব। স্ত্ৰী-শিক্ষাৰ অন্তৰায় বাল্য-বিবাহ, ইয়াক দূৰ নকৰিলে কেতিয়াও জাতীয় মঙ্গল নহয়।