স্ত্ৰী-শিক্ষাৰ বিস্তাৰ, বাল্যবিবাহ-নিবাৰণ আৰু নাৰীৰ
অধিকাৰ। এতিয়া আগৰ কেইটাৰ বিষয়ে যথাশক্তি হাতে-
কামে লাগি আছে, কিন্তু পিচৰ কেইটাৰ সম্পৰ্কে লেখত
ল'বলগীয়া কোনো কাম হাতত ল'ব পৰা নাই। মাজে-সময়ে
কাকতে পত্ৰই আন্দোলনৰ অলপ সূত্ৰপাত কৰিছোঁ যদিও,
তাৰ পৰা কোনো কাম হোৱা নাই, আৰু নহ'বও। তাৰ
কাৰণ এতিয়া নাৰী-সমাজত আখৰ চিনি পোৱা তিৰুতাৰ
লেখেই অতি নগণ্য, দুই-চাৰি গৰাকী শিক্ষিত মহিলাই মোৰ
প্ৰচেষ্টাৰ আভাস পোৱাৰ পৰা কোনো কাম নহয়; কাৰণ
তেওঁলোকৰ অভাব অভিযোগ নিচেই সামান্য। সেই কাৰণে
নাৰী-সমাজৰ মঙ্গল সাধিব খুজিলে তেওঁলোকৰ কাষ চাপি
তেওঁলোকৰ অভাব-অভিযোগবোৰ দেখুৱাই দিব লাগিব;
তেওঁলোকৰ নিৰক্ষৰতা গুচাবলৈ যত্ন কৰিব লাগিব; দেশৰ,
সমাজৰ আৰু জাতিৰ উন্নতি কেনেকৈ তেওঁলোকৰ উন্নত
মাতৃত্বৰ ওপৰত নিৰ্ভৰ কৰে তাক তেওঁলোকৰ অন্তৰত ভালকৈ
সুমাই দিব লাগিব। মই দেখিছোঁ এইবোৰ কাৰ্য্য় পুৰুষৰ
পক্ষে অসম্ভৱ; ইয়াৰ ভাৰ ল'ব লাগিব নাৰীয়ে। ইমান দিনৰ
পৰীক্ষাৰ পাচত মোৰ বিশ্বাস জন্মিছে, তোমাৰ দ্বাৰাই মোৰ এই
অভিলষিত কাৰ্য্য় সম্পূৰ্ণৰূপে নহলেও আংশিকৰূপে সম্পন্ন হ’ব
পাৰিব। সেই দেখি মই তোমাক অন্যান্য কৰ্ত্তব্যৰ পৰা অজৰাই
দি অকল নাৰী-জাগৰণত আত্ম-বিয়োগ কৰিবলৈ দিব খোজোঁ।
তুমি মোৰ এই অসম্পূৰ্ণ কাৰ্য্য সম্পূৰ্ণ কৰিব পাৰিবা?”
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১০৬
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৮
আবিষ্কাৰ