সমললৈ যাওক

পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০০
আবিষ্কাৰ


 এইবােৰ কাৰ্য্য হাতত লওঁতে এটা কথা কিন্তু সদায় মনত ৰাখিব লাগিব যে নাৰী আৰু পুৰুষৰ গঠন আৰু কৰ্ম্মক্ষেত্র প্রকৃতিয়ে নিজে বেলেগাই দিছে। সেই কাৰণে দুয়ােৰে শিক্ষা-পদ্ধতিত পার্থক্য থাকিবই লাগিব। চমুকৈ ক'বলৈ হ'লে পাশ্চাত্য আৰ্হি নলৈ ভাৰতীয় আদৰ্শলৈ লক্ষ্য ৰাখিব লাগিব। এইবােৰ কথা এতিয়া বহলাই কোৱা অনাৱশ্যক, কামৰ লগে লগে তাক উপলব্ধি কৰিব পাৰিবা । বিশেষকৈ এইবােৰ বিষয়ে মই কাকতে-পত্ৰই বহুবাৰ আলােচনা কৰিছোঁ।
 প্রতিমা। মই আপােনাৰ লিখা পঢ়িছোঁ, কিন্তু তাত আপুনি তিৰুতা অকলশৰে ফুৰাটো অনুমােদন কৰা নাই ।
 মাধৱ। নাই কৰা আৰু বৰ্ত্তমান সময়ত কৰিব নােৱাৰোঁও। বর্ত্তমান সময়ত আমাৰ তিৰুতা আত্মৰক্ষা কৰিবলৈ বহুত সময়ত অপাৰগ। যদি এনে সময় কেতিয়াবা আহে যেতিয়া তেওঁলােক পুৰুষৰ সাহায্য নহলেও চলিব পৰা হয়, তেতিয়াৰ কথা বেলেগ হ'ব। আজি কিন্তু মই এনে পুৰুষ বহুতো দেখিছোঁ যি সাজ-পাৰত কাৰবাক নাৰী বুলি বুজিলেই অসৎ অভিপ্রায়েৰে পিচ লয় । তেনে পুৰুষৰ হাতত অকলশৰীয়া তিৰুতা লাঞ্ছিতা নােহােৱাকৈ নাথাকে।
 প্রতিমা। কিন্তু মােক যে আপুনি নানা ঠাইত ফুৰিবলৈ কৈছে?
 মাধৱ। মই তােমাক অকলশৰে ফুৰিবলৈ কোৱা নাই। অহা-যােৱা কৰোঁতে তােমাৰ সহকর্ম্মিণী এদল লগত থাকিব