পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯

 অনুৰাগহঁতৰ ঘৰৰ গেটৰ সন্মুখত ৰিক্সাখন ৰখাই বিশ টকামান তাই ৰিক্সাৱালাৰ হাতত গুজি দিলে।

 দুৰু দুৰু বুকুৰে অমৃতাই চাই পঠিয়ালে ঘৰখনলৈ.... নাই, পুৰণি ঘৰখনৰ অকণাে চিন চাব নাই। পুৰণি ঘৰখনৰ ঠাইত আছে এটা সুন্দৰ সৰু পকী ঘৰ....বাঁহৰ জেউৰাৰ ঠাইত পকী ৱাল ... বাঁহৰ পুৰণি জপনাখনৰ ঠাইত লােহাৰ গেট।

 মােবাইলটো বেগৰ পৰা উলিয়াই ললে অমৃতাই। অদিতিহঁতে হয়তাে চিন্তা কৰি আছে। অদিতিলৈ এবাৰ ফোন এটা কৰি জনাওঁ বুলি নাম্বাৰ ডায়েল কৰােতেই দেখিলে নেটৱৰ্ক নাই।

 কল ৰেকৰ্ড আৰু ইনবক্স খুলি চালে তাই। বত্রিশটামান ভাস্কৰৰ মিছড কল, যি তাই ইচ্ছাকৃতভাৱে উঠোৱা নাছিল। ভাস্কৰে পঠোৱা শেষৰ মেছেজ তাে পঢ়ি চালে তাই।

 “ফোন নুঠোৱা কিয় ?? আৰু কৰি থাক নাটক... প্রেম কৰি ঘূৰি ফুৰ। খবৰটো খুব সােনকালেই পাবি। মােক খং উঠাই লৈছতাে !! হি হেজ টু ডাই। এণ্ড আই ৱিল মেক চিওৰ ...গুড লাক অমৃতা”

 যাত্ৰাৰ ক্লান্তি , অৱসাদ নিমিষতে উৰি গল তাইৰ ....,

  ভয়, দুশ্চিন্তা, শংকাই আৱৰি ধৰিছে অন্তৰাত্মা...

 মেঘৰ গাজনি অনন্তত নহয় ... যেন তাইৰ বুকুতহে উৎপন্ন হৈছে, আৰু সেই গাজনিত থৰথৰকৈ কঁপি উঠিছে তাইৰ সর্বশৰীৰ । ভৰিৰ চেণ্ডেলযােৰ যেন মাটিত খােপনি পুতি ৰব খােজা নাই।

 শংকিত খােজেৰে তাই নিজকে কোনােমতে চম্ভালি আগবাঢ়ি গল ঘৰখনৰ ফালে।

 অনুৰাগ আছে নে নাই বা ঘৰত...?

 ইমান দূৰলৈ আহিও যদি অনুৰাগক লগ নাপাই কলৈ যাব তাই তাক বিচাৰি?

 ভয় আৰু দুশ্চিন্তাত, শৰীৰ আৰু মনৰ অৱসাদত বিহ্বল দৃষ্টি, শেঁতা আৰু বিৱর্ণ ওঁঠ মুখেৰে যেতিয়া তাই ঘৰখনৰ সন্মুখৰ মূল দুৱাৰত দুর্বল হাতৰ আঙুলিৰে টোকৰ মাৰিলেগৈ তেতিয়ালৈ চিপচিপকৈ বৰষুণ জাক সৰি আহিব ধৰিছিল ইতিমধ্যে।

 অমৃতাৰ গালে, মুখে, চুলিয়ে হাত ফুৰাই হুকহুকাই কান্দি উঠিছে হুইলচেয়াৰত বহি থকা মানুহগৰাকী। বয়সস্থ মানুহজনীৰ চকুহাল ৰঙা পৰিছে ... আৱেগত নাকৰ পাহি ফুলি উঠিছে।

 পকা ফ্লৰত আঁঠু কাঢ়ি বহি লৈ মানুহজনীৰ কোলাত মুখ গুজি হেঁপাহ পলুৱাই উচুপি উচুপি কান্দি উঠিছে অমৃতাই।

 : তই কিয় গুচি গৈছিলি অ’ মােৰ লখিমীজনী?? কিয় গৈছিলি ? তােক মই কিমান মৰম কৰিছিলোঁ.. চব পাহৰিলি! তই গুচি যােৱা কাৰণে মােৰ লৰাটোৰ জীৱনত সুখ কেতিয়াও নাহিল অ লখিমী। এতিয়া বিচাৰি আহিছ তই তাক !! কত পাবি তাক? কতাে শান্তিত থাকিব নােৱাৰে সি ..জংঘলৰ মানুহবােৰে তাক বিচাৰি ফুৰে। মাজৰাতি ঘৰত ডকাইতৰ দৰে আহি উৎপাত কৰে। তই বিয়া হৈ গুচি নােযােৱা হলে সেইবােৰ নহলহেঁতেন। ঘৰৰ লৰা ঘৰতে সুখেৰে থাকিলেহেঁতেন। মই তাক নাহিব কৈছিলাে তথাপিও সি আহিল। তাৰ বুকুত গুলি লগা মই চাব নােৱাৰিম অ’ লখিমী। তাক ইয়াৰ পৰা লৈ যা। লৈ যা।

 বিদ্যুৎস্পৃহ মানুহৰ দৰে নিথৰ হৈ শুনি ৰল অমৃতাই কথাবােৰ।

(২১)

 সময়ৰ নিষ্ঠুৰতাৰ গাঁথা শুনি নির্বাক হৈ পৰিছে অমৃতা। পােন্ধৰ বছৰৰ ভিতৰত ইমান সলনি হব পাৰেনে? সময়ৰ সোঁতত সোঁত মিলাই যােৱা মানুহৰ মন ইমান নিষ্ঠুৰ হব পাৰেনে?

 ইমান হিংসা, ইমান বিদ্বেষ, ইমান প্রতিশােধপৰায়ণ !! দুখত, ক্ষোভত অমৃতাই মাথাে অনুৰাগৰ মাকৰ কোলাত মুখখন গুজি কান্দিছে।

 ইমান বছৰৰ মূৰত অমৃতাক দেখি, আৱেগিক হৈ উঠা মানুহগৰাকীও অন্তৰ উজাৰি কান্দিব ধৰিছে।

 বাহিৰত জৰ জৰাই খহি আহিব ধৰিছে আকাশৰ চকুলাে। বহুবছৰৰ পিছত লগ হৈ আৱেগিক হৈ উঠা মানুহ দুগৰাকীলৈ অবাক হৈ চাই ৰৈছে অনুৰাগৰ দূৰ সম্বন্ধীয় মাহীয়েকৰ লৰা সীমান্ত আৰু হীৰা নামৰ বন কৰা ছােৱালীজনী।

 সীমান্ত নামৰ কম বয়সীয়া লৰাজনেই এতিয়া অনুৰাগৰ অনুপস্থিতিত ঘৰখনৰ লগতে মাকক চোৱাচিতা কৰে।

 : কি কৰিবি। সকলাে ভাগ্যৰ খেল। শান্ত, ভদ্ৰ মােৰ লৰাটো তই গুচি যােৱাৰ পিছত অনবৰতে মন মাৰি থকা হৈছিল, ওলােৱা সােমােৱা নকৰিছিল. মই কিবা সুধিলেও, বুজাব গলেও মােকেই খং কৰিছিল । এদিন ৰাতি হঠাৎ সি গুচি গৈছিল ।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড