পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮

 দুচকুৰ আগত ভাঁহি উঠিছে অন্য এটি দৃশ্যপট।

 .....কাণত ফুল, চুলিত ফুল , ডিঙিত আকাশীলতাৰে মেৰিয়াই বনাই লােৱা হালধীয়া মালা আৰু মূৰত গছৰ পাত আৰু নানাৰঙী বনৰীয়া ফুলেৰে বনাই লােৱা মুকুট পিন্ধি শৈশৱৰ বনকুঁৱৰী অমৃতাজনী ......আৰু,

 সেই একেই গছৰ পাত, ফুলেৰে বনাই লােৱা মুকুট পিন্ধা তাইৰ বনকোঁৱৰ, অনুৰাগ !!

 ক’ব নােৱাৰাকৈয়ে এটি হাঁহি বাগৰি গ’ল তাইৰ ওঁঠত ..

 মনৰ মণিকোঠত সযতনে সাঁচি ৰখা অতীতৰ পৃষ্ঠাবােৰ ফৰফৰাই খােল খাইছে, শৈশৱৰ মধুৰ স্মৃতি সজীৱ হৈ উঠিছে। ভাঁহি উঠিছে তাইৰ দুচকুৰ আগত সময়ৰ বুকুত লীন হৈ যােৱা ক্ষণবােৰ, ...কিছু সুখৰ, কিছু দুখৰ, কিছু আৱেগৰ।

 অমৃতাৰ দুচকুৰ আগত লৰি ঢাপৰি ফুৰিছে এহাল নিষ্পাপ লৰা ছােৱালী... তাৰপিছত কৈশােৰ অতিক্রমি ন যৌৱনৰ দুৱাৰদলিত মধুৰ স্বপ্নৰ আৱেষ্টনী বুকুত বান্ধি প্রাণখুলি হাঁহি উঠা এহাল প্রাণােদ্দীপ্ত ডেকা গাভৰু।

 ৰাস্তাৰ কাষত থিয় হৈ দাঁত মাজি থকা লৰা বুঢ়া কিছুমানে তাইলৈ ঘূৰি ঘূৰি চাইছে,.... অমৃতাই

 জানি বুজি মুখখন ঘূৰাই দিছে অন্যফালে। তাইৰ কাৰাে লগত কথা পাতিবলৈ ইচ্ছা নাই সদ্যহতে।

 কাৰণ কথা পাতিলেই তাই সন্মুখীন হব বহু প্রশ্নৰ ...

 ভাস্কৰ কত? সি কিয় নাহিল ?

 পােন্ধৰ বছৰত এবাৰাে কিয় অহা নাছিল তাই গাঁৱলৈ ??

 দেউতাৰৰ শ্ৰাদ্ধটো নাহিলি কিয়?

 বিয়া হােৱাৰ পিছতাে অনুৰাগক বিচাৰি অহাৰ কাৰণ কি?

 আকৌ কাৰণটো কলেও নানা ধৰণৰ অন্য প্রশ্নই মূৰ দাঙি উঠিব। আৰু তাই এতিয়াও সেই প্রশ্নবােৰৰ উত্তৰ দিবৰ জোখাৰে পৰ্য্যাপ্ত সাহসী হৈ উঠা নাই।

 চাওঁ নাচাওকৈ তাই জংঘলে আৱৰি ৰখা পৰিত্যক্ত ঠাই ডােখৰলৈ চাই পঠিয়ালে। এইখিনিতেই আছিল অমৃতাহঁতৰ ঘৰটো।

 এতিয়া ইয়াত ঘৰখনৰ ভগ্নাৱশেষও নাই ...

 পােন্ধৰ বছৰ জানাে কম সময় !!

 মদ খাই লিভাৰ ফেইল হৈ মৃত্যু হােৱা দেউতাকৰ খবৰ পাইছিল তাই। ভাস্কৰেই খবৰটো দিছিল তাইক। কিন্তু সেই খবৰে অকণাে বিচলিত কৰি তােলা নাছিল তাইক, কোনাে ধৰণৰ দুখবােধ জাগি উঠা নাছিল তাইৰ অন্তৰত ... এক অনামী জিদত বৰফৰ দৰে কঠিন হৈ উঠিছিল তাই। বিভীষিকাময় নিশাবােৰৰ যন্ত্ৰণাত মৰি আহিছিল তাইৰ অন্তৰৰ সকলাে আৱেগ, অনুভূতি... মনত কঠিন বৰফৰ দৰে এটৰপ দুটৰপকৈ মাথাে গােট খাব ধৰিছিল ঘৃণা, খং, হতাশা আৰু জীৱনৰ প্রতি প্রচণ্ড অভিমান।

 সেয়ে তাই খবৰ পাইও অহা নাছিল দেউতাকৰ অন্তিম সংস্কাৰত।

 সেমেকি উঠিছে অমৃতাৰ চকুযুৰী। শাওনৰ মেঘাচ্ছন্ন আকাশখনৰ দৰেই কলীয়া ডাৱৰে আৱৰি ধৰিছে তাইৰ মনটোক.... দুচকুৰে বৈ আহিব খুজিছে অবাধ্য চকুলাে।

 নাই। ক্ষমা কৰিব নােৱাৰে। নােৱাৰে তাই।

 ক্ষন্তেকৰ বাবে আৱেগিক হৈ উঠা মনটো পুনৰ কঠোৰ হব ধৰিছে। ভাস্কৰৰ দৰে পহুৰ হাতত টকা আৰু বিলাতী মদৰ বিনিময়ত তাইৰ কৌমার্য্য তুলি দিয়াৰ অক্ষমনীয় ভুল কৰিছিল তাইৰ দেউতাকে।

 প্ৰকৃততে অপৰাধ।

 পুনৰ দপকৈ জ্বলি উঠিছে তাইৰ দুচকুত ঘৃণাৰ জুইকুৰা।

 মনৰ বিষাদ দূৰ কৰিবলৈ, চকু পানীক ৰােধ কৰিবলৈ চেষ্টা কৰি তাই বিশাল আকাশখনলৈ মূৰ তুলি চালে।

 শাওনৰ আকাশখন উন্দুলি উঠিছে... বিষাদগ্রস্ত এজনী অভিমানী গাভৰুহে যেন!! সৰসৰকৈ সৰি আহিব যেন অলপতে, আকাশৰ বুকুত ৰােধ কৰি থােৱা চকুলােবােৰ বৃষ্টি বন্যা হৈ।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড