কথাৰ মাজতে বগা কপাহী চাদৰৰ আঁচলেৰে অশ্রুসিক্ত চকু , দুয়ােগাল মচি লৈছে মানুহগৰাকীয়ে।
: পিছদিনা ৰাতিপুৱা তাৰ পঢ়া টেবুলত মােলৈ লিখি থােৱা চিঠিখন দেখি মই হতভম্ভ হৈছিলাে... আকাশখন মূৰৰ ওপৰত ভাগি পৰা যেন লাগিছিল...মই কান্দোনত গছ পাত সৰালাে...কিন্তু সি ঘূৰি নাহিল। সেইদিনা মােৰ তােলৈ বৰ মনত পৰিছিল অ আই... তই থকা হলে ...সি নগলহেঁতেন।
উচুপি উঠিছে মানুহগৰাকী।
ক্রন্দনমিশ্রিত কণ্ঠ আৱেগত থুকাথুকি হৈ পৰিছে।
: এদিন হঠাৎ শুনিলাে সি আত্মসমর্পণ কৰিছে। সেইদিনা খুব ভাল লাগিছিল মােৰ। কেইমাহমান জেইলত থাকি সঁচাকৈ ঘূৰি আহিছিল সি। মােৰ হাতে ৰন্ধা খাইছিল, কোলাত শুইছিল... জীৱটো ঘূৰি অহা যেন পাইছিলোঁ মই ... পিছে কপালত শান্তি লিখা থাকিলেহে!! অৰণ্যৰ সতীর্থই তাক বিচাৰি চলাথ কৰিছিল... সি অহা গম পাই ঘৰ ঘেৰি ধৰিছিল এদিন ৰাতি। কোনােমতে বাছিল সি সেইনিশা। তাক নাপায় সিহঁতে যতে ততে গুলিয়াইছিল...মােৰ ভৰিৰ কলাফুলৰ মাজেদি পাৰ হৈ যােৱা এটা গুলিত মই বাগৰি পৰিছিলোঁ... বিষত অজ্ঞান হৈ পৰিছিলোঁ।
কথাবােৰ কৈ থাকোতে মানুহগৰাকীৰ দুচকুত বিষাদ আৰু যন্ত্রণা স্পষ্টকৈ ধৰা দিছে।
শিয়ঁৰি উঠিছে অমৃতা। শৰীৰৰ অস্থিমজ্জালৈকে তাই অনুভৱ কৰিছে এটি অদ্ভুত কঁপনি।
দুচকুৰ আগত যেন ভাহি আহিছে সেই ভয়ানক নিশাৰ দৃশ্য ...তাই স্বচক্ষুৰে যেন দেখা পাইছে অগ্নি স্ফুলিংগ এটাই ভৰিৰ মঙহ বিদিৰ্ণ কৰি যােৱা সেই দৃশ্য...গুৰি কটা গছৰ দৰে যেন বাগৰি পৰিছে মানুহজনী তাইৰ দুচকুৰ আগত।
অন্তৰখন হমহমাই উঠিছে তাইৰ।
একেই এটুকুৰা অগ্নি স্ফুলিংগই যেন জ্বলাই নিছে ... বুকু বিদিৰ্ণ কৰি গৈছে তাইৰ।
শংকা জাগিছে মনত ...ভীষণ শংকা।
অনুৰাগক অৰণ্যৰ পুৰণি সতীর্থই এতিয়াও বিচাৰি ফুৰে বিশ্বাসঘাটকতাৰ পােতক তুলিবলৈ। অৰণ্যৰ জীৱন কটাবলৈ আহি পুলিচৰ আগত আত্মসমর্পণ কৰাটো সিহঁতৰ বাবে বিশ্বাসঘাটকতা!!
সেয়ে অনুৰাগৰ এই জীৱন সিহঁতৰ কাম্য নহয়।
তাইৰ প্রেম.... তাইৰ সপােন, অনুৰাগৰ মৃত্যু ইহঁতৰ বাবে কাম্য।
বুকুখনত এক তীব্র বিষ, এক তীব্র যন্ত্রণা অনুভৱ কৰিছে অমৃতাই।
কৰবাৰ পৰা মােৰ ভৰিত গুলি লগাৰ খবৰ শুনি সি আহিছিল পুনৰ। মই অকণমান সুস্থ হৈছিলোঁ তেতিয়ালৈ। সেইবাৰ মই তাক পুনৰ জোৰ কৰি পঠিয়াই দিলোঁ।
সি ইচ্ছা কৰিলেও ইয়ালৈ আহিব নােৱাৰে, .. মােলৈ ঘনাই ঘনাই ফোন কৰিলেও মােৰ ভয় লাগে। সিয়েই সীমান্ত আৰু হীৰাক ইয়াত মােৰ লগত থকাৰ দায়িত্ব দিলে।
টকা পইচাই জানাে সকলাে সুখ দিব পাৰে?? সিয়েই ঘৰখন পকী কৰালে, মােৰ সুবিধাৰ কাৰণে টিভি, ফ্রীজ, ৱাছিং মেচিন লগালে... তথাপিও শান্তি নাই মােৰ। অনবৰতে ভয় লাগি থাকে তাৰ কথা ভাবি।
: .......
নির্বাক মূর্তিৰ দৰে স্থবিৰ হৈ শুনি ৰৈছে তাই মাথাে।
: এতিয়ানাে সি কিয় আহিল ?
মই লাগিলে তাক নােচোৱাকৈয়ে মৰিম কিন্তু তাৰ বুকুত গুলি লগা মই চাব নােৱাৰিম। সেই ৰাতিপুৱাই ওলাই যােৱা এতিয়ালৈ ঘূৰি অহা নাই।
কথা কৈ কৈ ভাগৰি গৈছে মানুহজনী। ফোঁপাব ধৰিছে, নাকৰ পাহি বাৰে বাৰে ফুলি উঠিছে ...
অমৃতা বাকৰুদ্ধ হৈ পৰিছে।
মানুহজনীক কি বুলি সান্তনা দিব তাই ভাবি পােৱা নাই।
সঁচাকৈ।