পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৫

.......

 উৎকণ্ঠা আৰু উদ্বিগ্নতাৰে অস্থিৰভাৱে পদচালনা কৰিছে ভাস্কৰে। ৰাতিপুৱা দেৰিকৈ সাৰ পাইছিল সি৷ প্রায় দহ বজাত। চকু মেলিয়েই ঘড়ীটোলৈ চাই চকু কপালত উঠিছিল তাৰ। কাষতে গভীৰ নিদ্রাত আচ্ছন্ন অমৃতাক দেখি প্রচণ্ড খং এটা উঠি আহিছিল তাৰ । প্রথমে চিঞৰিছিল ....পিছলৈ গাত জোৰ-জোৰকৈ লৰাই মাত দিছিল সি। কিন্তু কোনাে সাৰ সুৰ নাছিল তাইৰ গাত... অমৃতাৰ সম্পূর্ণ শেঁতা পৰা চেঁচা শৰীৰ আৰু মুখমণ্ডল দেখি ঘর্মাক্ত হৈ উঠিছিল তাৰ সর্ব শৰীৰ। তাইৰ হাতৰ মুঠিত তেতিয়াও লাগি আছিল অৱশিষ্ট দুটা শ্লিপিং টেবলেট। ভাস্কৰে বিভ্রান্তৰ দৰে দৌৰি গৈ সশব্দে মেডিচিন কেবিনেটটো খুলিছিল... হাতত আহিছিল খালি টেমাটো।

 মুহূর্ততে হুৱাদুৱা লাগি গৈছিল।

 অদিতি, বিপ্লৱহঁতলৈ সি ফোন কৰিছিল। লিফ্টমেন, চকীদাৰ, ড্রাইভাৰ, ফ্লেট প্রতিবেশী দুৱাৰমুখত দুচকুত ভয় আৰু সন্দেহ লৈ গােট খাইছিল।

 অকণাে সময় খৰচ নকৰাকৈ তাইক লৈ অনা হল হস্পিটেলৰ ইমাৰজেঞ্চি ডিপার্টমেন্টলৈ। চিধাই হস্পিটেললৈ লৱৰি আহিছিল অদিতি আৰু বিপ্লৱ।

 “পেছেন্ট ইছ ইন এ ভেৰি কৃতিকেল কণ্ডিচন”

 বুলি কৈ আই চি ইউ ত এডমিট কৰা হল অমৃতাক।

 “কেছ অফ শ্লিপিং টেবলেট অভাৰদ’জ”

 শিপিং টেবলেট অভাৰডজ হােৱাৰ বাবে শৰীৰটো শ্বকত গৈছে..... নার্ভাচ চিষ্টেম, ৰেচপিৰেটৰী চিষ্টেম সকলাে ডিপ্রেছ হৈছে। সেয়ে হাত ভৰিৰ লৰচৰ নাই, অতিশয় ধিম গতিত চলিছে হার্ট বিত।

 বাৰে বাৰে হাতেৰে মুখখন মুচিছে ভাস্কৰে। অমৃতাৰ মৃত্যু ঘটিলে সন্দেহৰ ভিত্তিত তাক পুলিচে যে শান্তিত জীয়াই থাকিব নিদিয়ে সেয়া সি জানে ... এই বিষয়ত আছে তাৰ অতীতৰ তিক্ত ভয়ানক অভিজ্ঞতা।

 তাৰ মনলৈ আহিছে সােতৰ বছৰ আগৰ এটি ঘটনা। ঠিক এনেকৈয়ে তাৰ প্রথম পত্নী মৃণালিনীয়ে মৃত্যুক আঁকোৱালি লৈছিল... চেঁচা শৰীৰ , চেঁচা মুখমণ্ডল, কঠিন জঠৰ হৈ পৰা শৰীৰ...তাৰপিছত পুলিচৰ চকুত প্রাইম ছাছপেক্ট হৈ পৰিছিল সি। কোনােমতে পুলিচ আইনৰ চকুত প্রমাণৰ অভাৱত বাছি গৈছিল সি।

 হঠাতে তাৰ মনলৈ এক ভয় ভাৱ আহিছে, মৃণালিনীয়ে লিখা নাছিল... কিন্তু ছুইছাইড নােট লিখিছিলে নেকি বাৰু অমৃতাই?

 যদি লিখিছে ...??

 ঘর্মাক্ত হৈ পৰিছে তাৰ মুখমণ্ডল। প্রতি ক্ষণত দ্রুত গতিত সলনি হৈছে তাৰ মুখৰ অভিব্যক্তি।

 পুলিচে ইতিমধ্যে তাক বহু কথাই সুধিছে..ঘটনাৰ বৃত্তান্ত এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰ ৰাতিপুৱাৰ পৰা সুধি সুধি তাক ব্যতিব্যস্ত কৰি তুলিছে। সি বুজিব পাৰিছে অমৃতাৰ যদি মৃত্যু হয় পুনৰ বাৰ সিয়েই হব পুলিচৰ দৃষ্টিত প্রাইম ছাছপেক্ট।

 মনতে সি কাবৌ কৰিলে ভগৱানক, যাতে অমৃতা বাচি যায়।

 ভাস্কৰে চোৰৰ দৃষ্টিৰে লুকাই লুকাই চাই ৰৈছে অত্যন্ত বিমর্ষ মনেৰে বহি থকা অদিতি, বিপ্লৱ, ফলাক্ষীহঁতলৈ.... অলপ আগতে তাক প্রশ্ন সুধি সুধি ব্যতিব্যস্ত কৰি তােলা থিয় হৈ থকা খাকী বর্ডিধাৰী পুলিচ বিষয়া দুজনলৈ... লুকাই চুৰকৈ চাইছে অলপ আগতে পেছেন্টৰ হিষ্টৰী তাৰ মুখেৰে সংগ্ৰহ কৰা ব্যস্ত কৰ্মৰত নাৰ্ছ গৰাকীলৈ...। কাৰােবাৰ দৃষ্টিত সন্দেহ আছে নেকি বাৰু তাৰপ্রতি? কোনােবাই তাক হত্যাকাৰী বুলি ভাবিছে নেকি?

 সিটো হত্যা কৰা নাই তাইক।

 যােৱাৰাতি মাথাে সামান্য কাজিয়া ...

 হঠাতে তাৰ কিবা এটা মনলৈ আহিল। নিজৰ পিন্ধি থকা কাপােৰযােৰলৈ চালে সি। পিন্ধনত তাৰ এতিয়াও ৰাতিৰ কাপােৰ। এটা উৎকট গােন্ধ তাৰ নাকত লাগিলহি... তাৰ পিন্ধি থকা টি চার্ট টোত এতিয়াও লাগি আছে শুকান কৰলা কৰল বমিৰ হালধীয়া দাগ । তাৰ মনত পৰিছে সংগমৰ মুহূর্তত সি বমি কৰিছিল তাইৰ শৰীৰত ... কিন্তু সিটো বমি কৰিম বুলি কৰা

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড