পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬

নাছিল মদৰ নিচাই মূৰত ধৰা বাবেহে।

 সেইকাৰণে আত্মহত্যা কৰিব চেষ্টা কৰিছিল নেকি বাৰু অমৃতাই? সদায় বমি নকৰে নহয় সি। এদিন বমি কৰোঁতেই

 ..এই মাইকী মানুহবােৰ যে। যত চব। একদম বেকাৰ। মৰিবলৈ ইচ্ছা কৰিব সৰু সৰু কথাত আৰু এনেই এনেই মতা মানুহক শাস্তি দি মাৰে।

 ভাস্কৰ পােন হৈ বহে ষ্টীলৰ চকীখনত।

 মুখত এটা অভিব্যক্তি ফুটি উঠে ..মই হত্যাকাৰী নহওঁ। এই আত্মহত্যাৰ বাবে মই দায়ী নহওঁ। মৃণালিনীৰ আত্মহত্যা নতুবা অমৃতাৰ আত্মহত্যাৰ অপচেষ্টা, এই দুয়ােতে মােৰ হাত নাই।

 অদিতি বহাৰ পৰা উঠি গৈ অলপ আঁতৰত গৈ নাৰ্ছগৰাকীৰ লগত সৰু সৰুকৈ কিবা কথা পাতিছে ...কি কথা পাতিছে বা?

 তাৰ মনত সন্দেহে উক দিছে। অদিতি অমৃতাৰ ভাল বান্ধৱী। ভাস্কৰৰ কথাই কিবা কিবি লগাই দিয়া যেন অনুভূত হৈছে তাৰ। প্রচণ্ড খং এটা উঠি আহিছে তাৰ মনত। ৰঙা হৈ উঠিছে চকুযুৰ৷ অদিতিৰ পিঠিলৈকে পৰা চুলিকোচাত ধৰি এতিয়াই যেন চোঁচৰাই পেলাব হস্পিটেলৰ পকা মজিয়াত। কথাষাৰ ভাবােতেই মুখৰ অভিব্যক্তি কঠোৰ হৈ আহিছে তাৰ...উপৰ দাঁত, তলৰ দাঁতৰ সৈতে লাগি সৃষ্টি হােৱা এটা কর্কশ কৰমৰণিৰ শব্দ তাৰ নিজৰ কাণত লাগিল। কোনােমতে নিজক সম্বৰন কৰিলে সি। অদিতিৰ ওপৰত হাত উঠাই নিজৰ বিপদ চপাই লােৱা নিচিনা কথা হব। তাতে বিপ্লৱৰ পত্নী তাই।

 আৰু বিপ্লৱ তাৰ অন্তৰংগ বন্ধু।

 অদিতি অমৃতাৰ দৰে নহয়। একদম বাঘিনীৰ দৰে চৰিত্ৰ। মাইকী মানুহৰ অন্য কোনাে চৰিত্ৰই নাই পুৰুষক নিজৰ শৰীৰ দি সন্তুষ্ট কৰাৰ বাদে .... তাতেই তুষ্ট হৈ আছে ইমান বছৰে বিপ্লৱে। বিপ্লৱৰ ঠাইত সি হােৱাহেঁতেন...... ইমান মূৰলৈ কেতিয়াও উঠিব নিদিলেহেঁতেন এইজনীক।

 প্রচণ্ড বিৰক্তিত ভ্রূ কোঁচ খাই আহিছে ভাস্কৰৰ।

 : মিষ্টাৰ দত্ত, প্লিজ কাম হিয়েৰ।

 নাৰ্ছগৰাকীয়ে ভাস্কৰক উদ্দেশ্যি মাতিলে৷

 আই চি ইউৰ মূল দুৱাৰখনৰ সামান্য উপৰভাগত থকা সৰু বর্গাকাৰ কাঁচৰ সিপাৰেদি দেখা গৈছে অজ্ঞান হৈ পৰি থকা অমৃতাক। বগা চাদৰখন বুকুলৈ ঢাকি থােৱা আছে। চেতনাহীন শৰীৰটোৰ

 সোঁৱে বােৱে কেবাটাও পাইপ। চেলাইন,ঔষধ, অক্সিজেন, লাইফ চাপাের্ট ...তাইৰ নিস্তেজ , চেঁচা শৰীৰ ঘেৰি লৈ ব্যস্ত ডাক্তৰ, নাৰ্ছ। ডাক্তৰ চেতন মিশ্ৰ কাষতে থিয় হৈ কিবা পৰীক্ষা কৰিছে । মূৰৰ শিতানত লাগি থকা স্ক্রীনত ওলাই আছে। অমৃতাৰ পালছ, ৰেচপিৰেচন।

 মেঘৰ দৰে কলা চুলিটাৰী দীঘলকৈ বেণী কৰি থােৱা।

 শেঁতা ওঁঠ.... শেঁতা মুখমণ্ডল।

 অলৰ অচৰ শৰীৰ...।

 শৰীৰটো জীৱিত যদিও বাহ্যিক জগতৰ সৈতে যেন তাইৰ এতিয়া কোনাে সম্পর্ক নাই।

 চেতনাহীন ইন্দ্ৰীয়। লাইফ চাপাের্ট মেচিনটোৰ সহায়ত বুকুখন ধিম গতিত উঠা নমা কৰিছে মাথাে। চকুদুটি সেমেকি আহিছে অদিতিৰ।

 অকণমান নিদ্ৰাৰ বাবে প্ৰতিৰাতি ক্ষণ,পল ,ঘণ্টা হিচাপ কৰি পাৰ কৰা অমৃতাজনী যেন গভীৰ নিদ্রাত গুচি গৈছে।

 দুচকু লােতকেৰে তিতি গৈছে অদিতিৰ।

 তাই নাজানে এয়া কেনেকৈ হ’ল, কি পৰিস্থিতিত হল ,কিন্তু এটা কথা জানে ইয়াৰ বাবে মাথাে ভাস্কৰেই দায়ী।

 নিজকে বিৰাত স্বার্থপৰ যেন অনুভূত হৈছে তাইৰ। ফলাক্ষী, প্রিশাহঁতে মাতি লৈ যােৱাত অলপ বেছিকৈয়ে ড্রিংকচ কৰিছিল তাই যােৱা ৰাতি মিষ্টাৰ মেহতাৰ পাৰ্টিত। নিচা মূৰত ধৰিছিল। পার্টিত অমৃতাৰ লগত কোন আছিল, কি হ’ল, কি নহ’ল তাই একো গমেই নাপালে।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড