পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৫০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫০০

ট্ৰেকিং কৰি আছো। এনেদৰে প্ৰায় ৫ কি.মি আহি আকৌ এখন সৰু গাওঁ পালোহি। ইয়াৰ পৰা ঘাঙ্গৰিয়া যদিও মাত্ৰ ৩ কি.মি ৰ বাট, এই ৩ কি.মি য়ে এতিয়ালৈকে কৰা ট্ৰেকিংৰ সকলোতকৈ কঠিনতম পথ। সমগ্ৰ ৩ কি.মি ত আছে কেৱল উচ্চ আৰোহন | সময় তেতিয়া প্ৰায় ৩.৩০ বাজিছে। পাহাৰত অতি সোনকালে আন্ধাৰ হয়, গতিকেই আমি আৰু বিলম্ব নকৰি ট্ৰেকিং আৰম্ভ কৰিলোঁ। ইমানেই থিয় আৰু উখ এইছোৱা পথ যে, আমি প্ৰতি ১০-১৫ মিনটৰ অন্তৰে অন্তৰে অলপ বহি জিৰনী লব লগা হৈছে। আমি ভৱাতকৈও আৰু কঠিন হব ধৰিলে লাহে লাহে পথটি। এফালে অটব্য অৰণ্য, যত বিভিন্ন প্ৰকাৰ হিংস্ৰ জীৱ- জন্তুৰ বসতি আৰু আনফালে পাহৰীয়া খৰস্ৰোতা নদী। লাহে লাহে সন্ধিয়াৰ আন্ধাৰ নামিব ধৰিছে। এটা সময়ত ঘোপমৰা আন্ধাৰে পাহাৰখনি আৱৰি ধৰিলে। আমাৰ ওচৰত থকা সৰু টৰ্চ জলাই, আমি আগবাঢ়ি গৈ থাকিলোঁ, এইদৰে, কোনোমতে, প্ৰায় আধামৰা হৈ ৬.৩০ মানত আমি ঘাঙ্গৰিয়া পালেহি। টুৰিষ্ট বাংলোত বিৱেক ভাইয়া, আনিছাৰ লগত আমালৈ অতি উৎকণ্ঠাৰে অপেক্ষা কৰি আছিল। পিছদিনা ১৫ আগষ্ট, স্বাধীনতা দিৱস আৰু আমাৰ সপোনপুৰীৰ দৰ্শন! অধিৰ অপেক্ষাৰে ১৪ আগস্টৰ ৰাতি আমি ঘাঙ্গৰিয়াত।

 পাছদিনাৰ ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যানৰ ট্ৰেকিং অতি সোনকালে পুৱাতেই কৰিব লাগিব, কাৰন সমুদ্ৰপৃষ্ঠৰৰ পৰা প্ৰায় ৩৬০০ মিটাৰ ওপৰত অৱস্থিত, ভেলী অৱ ফ্লাৱাছত বতৰ কোন সময়ত কোন দিশে গতি লয় তাৰ কোনো স্থিৰতা নাই। গতিকেই, ঘড়ীত পুৱা ৪ বজাৰ এলাৰ্ম লগাই আমি শুৱলৈ নিজ নিজ ৰুমলৈ আহিলোঁ। অনাগত দিনটোৰ মধুৰ সপোন আগত লৈ সেইৰাতি আতি সুন্দৰ টোপনি আহিল, তাতে দিনযোৰা ট্ৰেকিংৰ বাবে যথেষ্ট ভাগৰো লাগি আছিল। পুৱা ৪ বজাত এলাৰ্ম সংকেতত সাৰ পালোঁ। বতৰৰ উমান লৈ গম পালো যে বাহিৰত ধাৰাষাৰ বৰষুণ। বতৰৰ এনে ৰূপ দেখি আমি সকলো মহা- চিন্তাত পৰিলোঁ। এইদৰে ধাৰাষাৰ বৰষুন দি থাকিলে ভেলী অৱ ফ্লাৱাৰ্ছৰ ট্ৰেকিং কৰা মুঠেও সম্ভৱ নহয়, তদুপৰি ভূমিস্থলন হৈ যিকোনো মুহূৰ্তত পথ বন্ধ হৈ যোবাৰ প্ৰচুৰ সম্ভাৱনা আছে। হয়তো অলপপৰৰ পাছত বৰষুন এৰিব, এই আশা মনত লৈয়ে গা- পা ধুই সাজু হ'লোঁ। আজি আমি ট্ৰেকিং কৰিম বহু অপেক্ষিত পুস্প উপত্যকাখনিলৈ। ঘাঙ্গৰিয়াৰ পৰা দুৰত্ব মাত্ৰ ৬ কি.মি। যদিওবা দুৰত্ব কম কিন্তু অতিকৈ দুৰ্গম তথা বিপদসংকুল এইছোৱা পথ। বছৰটোৰ আধাখিনি সময়ে তুষাৰাবৃত থকা ভেলী অৱ ফ্লাৱাছৰ কিছু কিছু ট্ৰেকিংৰ পথ এইসময়তো তুষাৰে আবৃত হৈ থাকে। ৬ মান বজাত বৰষুন অলপ কমিল যদিও চিপচিপকৈ দিয়ে আছে। আমি চিপচিপয়া বৰষুনতে ট্ৰেকিংৰ বাবে সাজু হ'লো। কিন্তু আনিছক কেনেকৈ লৈ যাৱা যায়, এই কথা লৈ সকলোৱে মহা-চিন্তাত পৰিলোঁ। ভেলী অৱ ফ্লাৱাছলৈ ঘোৰাঁ লৈ যোৱাৰ অনুমতি নাই। এনেতে দেখিলো যে এজন পটাৰে পাঁচিত কৰি বস্তু হোটেললৈ আনিছে। ধুনীয়াকৈ পলিথিনেৰে আৱৰা পাঁচিটোত বৰষুন সোমোৱাৰ কোনো চিন্তা নাই। আমি তুৰন্তে তেওঁৰ লগত কথা পাতিলোঁ। পাঁচিত কৰি ১০ মহীয়া কেচুৱা লৈ যাব লাগে বুলি কোৱাত পটাৰজনে প্ৰথমে থতমত খালে আৰু লগত অলপ ভয়ো কৰিলে। কিন্তু আমি সাহস দিলোঁ আৰু আমি চাৰিওজন তেওঁৰ লগে-লগে থাকিম বুলি কোৱাত, তেওঁ মান্তি হ'ল।

 অৱশেষত ৬.৩০ টা মান বজাত,কিনকিনিয়া বৰষুনৰ মাজেৰে আমি সকলোয়ে ট্ৰেকিং আৰম্ভ কৰি, প্ৰায় ৩০ মিনিটমানৰ পাছত এখন চেক-গেট পালোঁ। ভেলী অৱ ফ্লাৱাছৰ চেক-গেটত প্ৰৱেশ মাচুলৰ উপৰিও সকলোৰে নাম আৰু সময় লিপিবদ্ধ কৰিব লাগে, যাতে আজি কিমান মানুহ ট্ৰেকিংত গৈছে আৰু ঘূৰি আহিলে নে নাই তাৰ এটা হিচাব ৰাখিব পৰা যায়। এনেদৰেই আৰু অলপপৰ যোৱাৰ লগে লগে ট্ৰেকিং অতি কঠিন হবলৈ ধৰিলে। পাহাৰ আৰোহন থিয় আৰু উচ্চ হ’ব ললে লগত পথৰ চিন-মোকাম নথকা পাহাৰিয়া ঘন অন্য। যিমানেই ওপৰলৈ ট্ৰেকিং কৰি আছোঁ বৰষুণ আৰু ধাৰাষাৰে হবলৈ ধৰিছে, বৰষুণৰ মাজেৰেই গৈ আমি এটা হিমবাহ (glacier) পালোগৈ। দুৰ্গম তথা বিপদসংকুল পথ অতিক্ৰম কৰি প্ৰায় ৪ ঘন্টামানত আহি আমি আমাৰ সপোনপুৰী “ভেলী অৱ ফ্লাৱাৰ্ছত প্ৰৱেশ কৰিলোঁ৷ ইয়াত কোনো প্ৰৱেশ দ্বাৰ নাই, কিন্তু আমি দেখিয়েই অনুমান কৰি লৈছিলো যে, এয়ায়ে আমাৰ সপোনপুৰী “দ্যা ভেলী অৱ ফ্লাৱাৰ্ছ”। তিনিটা দিনৰ পৰা কৰি অহা বিপদজনক যাত্ৰা, ট্ৰেকিংৰ ভাগৰ, সকলো দুখ-কষ্ট, আমাৰ নিমিষতে উৰি গ'ল। অপূৰ্ব সুন্দৰ উপত্যকাখনি ভাষাৰে বুজাবলৈ শব্দৰ নাটনি হৈ পৰিব! দূৰ-দুৰলৈয়ে সেউজীয়া ঘাহঁৰ দলিচা আৰু তাত বিভিন্ন ৰং-ৰিংৰ সৰু-ডাঙৰ ফুল। যেনিয়ে চকু যায় কেৱল মনোমোহা ফুলৰ সমাহাৰ! সুদুৰ পাহাৰৰ বুকুত যেন এয়া স্বৰ্গ, পাহাৰৰ কোলাত ফুলৰ আলিংগন!! আমি সচাকৈয়ে অলপপৰৰ বাবে

সকলো পাহৰি গ'লো, কাৰো মুখৰ মাত নাই! প্ৰকৃতিৰ এই মনোমোহা ৰূপৰ কিমান ফটো ল'ম, কিমান কেমেৰাত আৱদ্ধ

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড