পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৫০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৩১

কৰিম, এই ৰূপ যে কোনো কেমেৰাতে আৱদ্ধ কৰিব নোৱাৰি! সেইদিনা অনুভৱ হ’ল প্ৰকৃতিক কেমেৰাত আৱদ্ধ কৰিম বুলি ভৱাতো কিমান ডাঙৰ মূখত। চকু পানী ৱৈ আহিল এনে সুন্দৰ দৃশ্য দেখি।

 ইমান দেৰিয়ে আমি থৰ লাগি প্ৰকৃতিৰ সৌন্দৰ্য্য এনেদৰে উপভোগ কৰি আছিলোঁ যে বৰষুনৰ কথা প্ৰায় পাহৰিয়ে গৈছিলোঁ। বৰষুণৰ গতিয়ে এইবাৰ ধাৰাষাৰ ৰূপ ধাৰণ কৰিলে। এনেতে দুজন যুৱকক আমাৰ ফালে প্ৰায় দৌৰি অহাৰ দৰে দেখিলোঁ। কথাপাতি গম পালো তেওঁলোক বন্য সুৰক্ষাকৰ্মী। তেওঁলোকে আমাক জনালে যে অতি সোনকালে ভেলী অৱ ফ্লাৱাৰ্ছৰ পথ বন্ধ কৰি দিয়া হ'ব কাৰন ইতিমধ্য ভূমিস্খলন আৰম্ভ হৈ গৈছে, সেয়েহে তেওঁলোকে আমাৰ দৰে আৰু দুটামান ট্ৰেকিংৰ দলক এক নিদিষ্ট ঠাইত একত্ৰিত কৰিছে, যাতে সকলোকে একেলগে সুৰক্ষিত ভাৱে ইয়াৰ পৰা উলিয়াই নিব পাৰে। তেওঁলোকৰ কথা শুনিহে আমাৰ উঁচ আহিল আৰু ভয় লগিবলৈ ধৰিলে। অলপপৰ পাছত বন্য সুৰক্ষাকৰ্মী দুজনে আমাক সকলোকে অতি সাৱধানে আগুৱাবলৈ নিৰ্দেশ দিলে। যিমান তললৈ নামি আছো বৰষুনৰ পৰিমান কমি আহিছে। এটা সময়ত চিপচিপিয়া বৰষুন এজাকৰ লগে লগে আমি ট্ৰেকিং কৰি গৈ থাকিলোঁ। কাৰো একো হানি-বিঘিনি নঘটাকৈ আমি সকলোয়ে এই অতি বিপদজনক পথটি সুকলমে পাৰ হ'লো। ট্ৰেকিংত পিচল পথৰ বাবে অলপ অসুবিধা হৈছিল যদিও, বিশেষ ডাঙৰ একো অঘটন নোহোৱাকৈ আহি আমি ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যানৰ চেক-গেট পালোহি। ইয়াৰ পাছত ১ কি.মি বাট আমি সকলোয়ে সেই দুৰ্গম পথছোৱাৰ কথা পাতি পাতি আহিয়েই ঘাঙ্গৰিয়াৰ হোটেল পালোহি। সময় তেতিয়া আৱেলিৰ প্ৰায় ৪,৩০ টা, হোটেলতে ভেলী অৱ ফ্লাৱাৰ্ছৰ সফল ট্ৰেকিংৰ আনন্দন সৰুকৈ হলেও চকলেট খায় উদযাপন কৰিলোঁ।

 এটি অতি দুঃসাহসিক আৰু কষ্টকৰ যাত্ৰাৰ পৰিসমাপ্তিত সকলোৰে মনত অপাৰ আনন্দ আছিল। এই যাত্ৰায়ে যেন আমাক বহুতো অভিজ্ঞতাৰে পৰিপূৰ্ণ কৰি তুলিলে। কঠিন পৰিস্থিতিকো নেওঁচি, সকলো পৰিস্থিতি লগত মোকাবিলা কৰিব পৰাকৈ যেন অভিজ্ঞ কৰি তুলিলে। মোৰ সপোনপুৰী ভেলী অৱ ফ্লাৱাৰ্ছ ৰাষ্ট্ৰীয় উদ্যানৰ ভ্ৰমণ, আমাৰ জীৱনৰ এক পাহৰিব নোৱাৰা অধ্যায়, দুৰ্গম পাহাৰৰ ওপৰত, জীৱনৰ বহু পাহৰিব নোৱাৰা অভিজ্ঞতাৰে আমি ধনী হৈ ৰ'লোঁ।


অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড