পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৯৯

১০.১৫ মান বজাত আহি আমি যোশীমঠৰ টুৰিষ্ট বাংলো পালোঁগৈ। তেতিয়ালৈকে ভাগৰ আৰু ভোকত সকলো লেবেজান দিছে। টুৰিষ্ট বাংলোৰ সকলোয়ে খাই-বই কেতিয়াবাই আজৰি হোৱাৰ স্বতেও, আমাৰ কাৰণে পুনৰাই সকলো পৰিপাটি ভাৱে যুগুতায় দিলে। টুৰিস্ট বাংলোৰ কৰ্মচাৰীসকলে আমাক জনালে যে, গোটেই ৰাতি যদি এনেকৈয়ে বৰষুণত দি থাকে ভেলী অৱ ফ্লাৱাৰ পথৰ ১৫ দিন মানৰ কাৰণে বন্ধ কৰি দিয়া হ'ব, প্ৰতি বছৰে কৰাৰ দৰে। এই কথা শুনি আমাৰ ভাগৰ কৰবালৈ পলাল । ইমান বিপদসংকুল পথ অতিক্ৰম কৰি, মৰনত শৰণ দি আহি, এতিয়া যদি ভেলী অৱ ফ্লাৱাছলৈ যাবলৈ নাপাওঁ!! ৰাতিপুৱালৈ যদি পথ বন্ধ হৈ যায়! ভাগৰত লেবেজান আমি সকলোৱে নিজ নিজ ৰুমলৈ গ'লোঁ অলপ জিৰনী ল'বলৈ। অত্যধিক ভাগৰৰ স্বতেও, , আহিব লগীয়া দিনটোৰ দুচিন্তাৰ বাবে আমাৰ কাৰোৰে সেইদিনা ভালকৈ টোপনি নাহিল।

 ১৪ আগষ্টৰ ৰাতিপুৱাল, এটি ফৰকাল আৰু ৰৌদ্ৰজল পুৱা, ৰাতিৰ সকলো দুচিন্তা যেন পলকতে উৰি গ'ল আমাৰ। পুৱা ৭ বজাত ৰাতিপুৱাৰ আহাৰ গ্ৰহণ কৰি, তিনিদিনৰ বাবে প্ৰয়োজনীয় কাপোৰ-কানি, গৰম কাপোৰ, জোতা, দৰব-পাতি আদি কৰি অতি অৱশ্যকীয় সামগ্ৰী সমূহ লৈ আমি সাজু হ'লোঁ। আমাৰ চাৰিওটিৰে ওচৰত পিঠিত লোৱা এটি এটি বেগৰ ওপৰিও, গাইপতি একোটাকৈ ডাঙৰ বেগ হ'ল। ভেলী অৱ ফ্লাৱাৰ্ছৰ ট্ৰেকিং বাবে প্ৰথমে আমি যাম ট্ৰেকিংৰ আৰম্ভণী পইন্ট গৌৱিন্দঘাটলৈ। গৌৱিন্দঘাট হৈছে ভেলী অৱ ফ্লাৱাৰ্ছ ট্ৰেকিংৰ ‘বেইজ কেম্প’ (Base Carnp)। যোশীমঠ ৰ পৰা গৌৱিন্দঘাটলৈ দূৰত্ব প্ৰায় ২০ কি. মি.। যিহেতু গৌৱিন্দঘাটৰ পৰা আমি ট্ৰেকিং কৰিব লাগিব, গতিকেই নিজৰ গাড়ী আমি যোশীমঠৰ টুৰিষ্ট বাংলোতে এৰি, এখন ভাড়া গাড়ীৰে গৌৱিন্দঘাটলৈকে গ'লোঁ। গৌৱিন্দঘাটৰ পৰা ভেলী অৱ ফ্লাৱাছৰ ট্ৰেকিং একেদিনত কৰিব পৰা নাযায়। প্ৰথম ট্ৰেকিংত গৌৱিন্দঘাটৰ পৰা ঘাঙ্গৰিয়ালৈকে যাব লাগে। ঘাঙ্গৰিয়াত ৰাতিটো কটায় তাৰ পিছদিনাহে ভেলী অৱ ফ্লাৱাছলৈ ট্ৰেকিং কৰিব পাৰি। উল্লখযোগ্য যে ভেলী অৱ ফ্লাৱাছ ৰাষ্ট্ৰীয় উদ্যানত আবেলিৰ ৩ বজাৰ পাছত প্ৰৱেশ নিষিদ্ধ।

 ঘাঙ্গৰিয়া সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ৩০৫০ মিটাৰত ওপৰত অৱস্থিত এখন পাহাৰীয়া সৰু গাওঁ। আজিৰ ট্ৰেকিংত ঘাঙ্গৰিয়ায়ে হ’ব আমাৰ গন্তব্যস্থান। গৌৱিন্দঘাটৰ পৰা দুৰত্ব ১৩ কি.মি। পুৱা ৭.৩০ বজাত আমি সকলোৱে গৌৱিন্দঘাটৰ পৰা ট্ৰেকিং কৰিবলৈ সাজু হ'লোঁ। সকলোৰে পিঠিত এটি এটি বেগত পানী, ৰেইনকোট, গ্ৰুকুজ, চকলেট, কেমেৰা আদি ল'লোঁ। বাকী থকা ডাঙৰ চাৰিওটা বেগত অনাগত তিনিদিনৰ অতি প্ৰয়োজনীয় সামগ্ৰী সমূহ। ডাঙৰ বেগ সমূহ কেনেদৰে ওপৰৰ ঘাঙ্গৰিয়া পৰ্যন্ত লৈ যোৱা যাব এই কথা ভাৱি-গুনি থাকোতেই দেখিলো, ঘোৰত কৰি বস্তু আদি ঘাঙ্গৰিয়ালৈকে লৈ যোৱাৰ সুবিধা আছে। আমিও এটা ঘোৰা দৰ-দাম কৰিলো, আৰু চাৰিওটা ডাঙৰ বেগ এনেদৰে লৈ যোৱাৰ কথা সিদ্ধাত্ব ললো। এনেদৰে বস্তু লৈ যোৱাত এটায়ে চৰ্ত্ত আছিল যে, সেই ঘোঁৰাত এজন মানুহ লগত যাৱ লাগিব। এতিয়া ঘোঁৰাত হৈ কোন যাৱ, এইকথালৈ আমি মহাচিন্তাত পৰিলো, অলপদেৰি ভাৱি-চিন্তি, বিৱেক ভাইয়ায়ে ক'লে যে তেওঁ ঘোৰাত যাৱ আৰু লগত আনিছাকো লৈ যাব, যাতে মোৰ ট্ৰেকিং কৰাত সুবিধা হয়। ফোনৰ একো যোগাযোগ নথকা সেই বাটছোৱাত কমেও ৮ ঘন্টা যে আমাৰ আৰু বিৱেক ভাইয়া মাজত একো যোগাযোগ নহয় এই কথা জনাৰ স্বতেও, তেওঁৰ ওপৰত থকা অগাধ বিশ্বাসে আমাক এই সিন্ধান্ত লোৱাত অলপো বাধা নিদিলে। যাহওক, বিৱেক ভাইয়ায়ে, আনিছক লৈ যাবলৈ আৰম্ভ কৰাৰ প্ৰায় আধা ঘন্টাৰ পাছত আমিও, মানে, মই, মোৰ স্বামী আৰু ৰাহুল ভাইয়ায়ে ট্ৰেকিং আৰম্ভ কৰিলোঁ। সময় তেতিয়া পুৱাৰ ৮.৩০ বাজিছে। ট্ৰেকিং আৰম্ভ কৰাৰ পৰা প্ৰায় চল্লিচমিনিটমান এটি সৰু কিন্তু মোটামোটি ভাল পথেদিয়ে গৈ থাকিলোঁ। তাৰ অলপপৰৰ পাছৰে পৰা পথৰ কোনো চিন-মোকাম নাইকিয়া হ'ল। ওখুৰা-মুখুৰা আৰু ডাঙৰ ডাঙৰ কেৱল মাত্ৰ শিল, পথৰ নামত। প্ৰায় ৩ কি. মি যোৱাৰ পাছত পুলনা নামৰ এখন সৰু গাওঁ পালোঁগৈ।

 পুলনা পাৰ হোৱাৰ লগে লগে ট্ৰেকিংৰ পথ অতি ঠেক তথা দুৰ্গম হবলৈ ধৰিলে। লগত চাৰিওফালৰ অতি ঘন পাহাৰিয়া অৰণ্য। উচ্চৰ পৰা উচ্চ হৈ পৰা পথে লাহে লাহে ট্ৰেকিংটো আৰু কঠিন কৰি তুলিল। তেনেদৰে ২ কি.মি ট্ৰেকিং কৰাৰ পাছত আমি জংগল চট্টি নামৰ এটুকুৰা ঠাই পালোঁহি। এইবাৰ পথ আৰু অধিক উচ্চ তথা বিপদসংকুল হ'ব ধৰিলে। দৰাচলতে পথ বুলি একো নাছিলয়ে, কেৱল মাত্ৰ শিল বগাই বগাই উপৰলৈ গৈ আছোঁ। যিমানেই গৈ আছোঁ সিমানেই কঠিন আৰু উচ্চ হৈ পৰিছে পথ। পাহাৰত ট্ৰেকিং কৰিবলৈ শাৰীৰিক ফিটনেচ যে অতিকৈ জৰুৰি তাত কোনো সন্দেহ নাই, কিন্তু

শাৰিৰিক ফিটনেচতকৈ ও মানসিক শক্তি অতি বেছি দৰকাৰি। যিকি নহ'ৱক, শাৰীৰিক ভাৱে ভাগৰি লেবজান হোৱাৰ স্বতেও

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড