পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫৯


সৰু সৰু হেপাঁহ, সৰু সৰু প্ৰাপ্তিবোৰ...

ধনমণি তালুকদাৰ

 হয়, মোৰ মধ্যবিত্ত ঘৰত জন্ম। যৌথ পৰিয়ালটোত, প্ৰতি শনিবাৰে হে মাংস আনিছিল। সিদিনা আমি (ঘৰৰ সৰু কেইজনে) পঢ়াত মন বহুৱাব নোৱাৰিছিলোঁ। ঘনে ঘনে পাকঘৰলৈ যাওঁ পানী খোৱাৰ চলেৰে। ঘৰৰ প্ৰায় ২০/২৫ জন মানুহে এযোৰ বা তিনিটা পাৰ চৰাইৰ মাংসেৰে খোৱা সেই সাঁজ ভাতৰ সোৱাদ আজিও পাহৰা নাই। টুথপেষ্ট টো শেষ হোৱাৰ পিছতো আৰু দুদিন চলিছিল। এতিয়াৰ দৰে দেউতাই বজাৰ ভৰ্তি বেগ বোৰ নানিলেও চলিছিল। বাৰীৰ পিছফালেই সকলোবোৰ শাক পাচলি উপলব্ধ আছিল। ঘৰত থকা কলা বগা টিভিটোত দেওঁবাৰে চিডি আনি অসমীয়া চিনেমা চাইছিলোঁ। নিম্ন মধ্যবিত্তৰ বাবে বৰ বিলাসৰ কথা সেই সময়ৰ। ঘৰত যেতিয়া কাজ কৰ্মত মিঠাই আনিছিল, মা ৰ মা হতে বহুত হিছাপত খৰচ কৰিছিল। দেউতাই চাইকেল মাৰিয়েই চাকৰি জীৱনৰ আধাতকৈ বেছি সময় পাৰ কৰিলে। মাহঁতে তাঁত শালত কাপোৰ বয় নিজৰ প্ৰয়োজনৰ খিনি।

 ঘৰলৈ যেতিয়া ৰঙীন টিভিটো আনিছিল সিদিনা সৰু সুৰা পাৰ্টী কৰিছিলোঁ আমি। দেউতাই স্কুটাৰ লোৱাটোও এটা মাইলষ্টনেই আছিল। ঘৰৰ প্ৰথম কম্পিউটাৰ টো লওঁতে মায়ে তাত সেন্দুৰেৰে ওম চিহ্ন টো আঁকি দিছিল। এই বোৰ আমাৰ নিম্ন মধ্যমিত্তৰ এটা এটা প্ৰাপ্তি আছিল। এটা প্ৰয়োজন পুৰণ হ’লেই আন এটা প্ৰয়োজন আহি পৰে। সেইটো পুৰাবলৈ আৰু ৰব লাগে সময়লৈ। আমাক মহানগৰীত ৰাখি পঢ়াওঁতে বহুবাৰ দেউতাই ঘৰৰ প্ৰয়োজনীয় বহু বস্তু লোৱা নাছিল। দেউতাক প্ৰায়ে এযোৰ কাপোৰতেই দেখিছিলোঁ। সন্তানক পঢ়োৱাৰ ত্যাগো আমি মধ্যবিত্তবোৰৰ অহংকাৰ। ঘৰত এতিয়া গাড়ী আহিল। সকলো বোৰ ইলেকট্ৰনিক সামগ্ৰীৰেই জীৱনটো পৰিচালিত হয়। ৰাতিপুৱাই জ্বলাই লোৱা মটৰটোৰ পৰা সময়ৰ অভাৱত নিশা দুপৰতো মেছিনত কাপোৰ ধোওঁ। অথচ মা হঁতক দেখিছিলো গাওঁৰ ঘৰৰ পিছফালে থকা নদীত বাল্টিয়ে বাল্টিয়ে কাপোৰ ধুইছিল। বিছনী ঘৰত নোহোৱা হ’ল। কিন্তু কিয় জানো মোৰ এতিয়াও মনত পৰে লেম্পৰ পোহৰত ভণ্টি আৰু মই এখন টেবুলত পঢ়া দিনবোৰৰ কথা। ইনভাৰ্টাৰৰ কোবত হয়তো আমাৰ পিছৰ প্ৰজন্মই লেম্পটো চিনিয়েই নাপাব। MBA পঢ়াৰ সময়ত এবাৰ কওঁতেই দেউতাই মোক লেপটপ এটা আনি দিছিল। ৩৫০০০ হাজাৰ টকীয়া লেপটপ টোত দেউতাৰ বা কিমান মাহৰ সঞ্চয় লুকাই আছিল!! তথাপি সেই সময় বোৰ মোৰ বৰ প্ৰিয় আছিল। সোঁৱৰনীত এতিয়াও জীপাল সেই সময়৷ লাজ নহয়, নিম্ন মধ্যবিত্ত ঘৰখন মোৰ অহংকাৰ, মোৰ গৌৰৱ হৈ ৰব আজীৱন। অভাৱ অনাটন,বহু দিনীয়া প্ৰতীক্ষাৰ অন্তত যেতিয়া সৰু হেপাঁহ এটা ও পুৰণ হৈছিল সেই সুখ খিনি আজিকালি বহুত বেছিকৈ মিচ কৰোঁ। এতিয়া নিজৰ চাকৰি হ’ল, ইচ্ছা গ'লেই সৰু সৰু অভাৱবোৰ পূৰ কৰিব পাৰোঁ। কিন্তু তাহানিৰ সেই বহুদিন হেপাঁহ আৰু আগ্ৰহেৰে ৰৈ থকাৰ পিছত যেতিয়া অভাৱ এটা পুৰণ হোৱাত যি সুখ পাইছিলোঁ সেই সুখ এতিয়া কিয় জানো নাপাওঁ?? দেউতাই গোটেই জীৱন জুৰি আমাক শিকালে সৰু সৰু প্ৰাপ্তি বোৰত সুখ বিচাৰি লোৱাৰ আমোঘ মন্ত্ৰ! সেয়াই হয়তো জীৱনৰো সঞ্জীৱনী মন্ত্ৰ হৈ ৰ’ব। মধ্যবিত্ত ঘৰখন সৰু সৰু হেপাঁহবোৰ, সৰু সৰু সপোনবোৰ আজীৱন প্ৰিয় হৈ ৰ’ব।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড