পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৯৬

অসমীয়া পৰম্পৰাগত গহনা : এক সম্যক আভাস

পল্লৱী হাজৰিকা

 “আমি অসমীয়া নহওঁ দুখীয়া কিহৰনো দুখীয়া হ’ম।” আমি অসমীয়া সঁচাই পূৰ্বৰে পৰা চহকী; সংস্কৃতি, ঐতিহ্য, পৰম্পৰা, সাজপাৰ, পোচাক-পৰিচ্ছদৰ পৰা আদিকৰি অসমৰ বুৰঞ্জীয়ে এক স্বকীয় নিদৰ্শন দাঙি ধৰিছে। সেয়া লাগিলে শ্ৰীমন্ত। শংকৰদেৱৰ বৃন্দাৱনী বস্ত্ৰই হওঁক কিম্বা আহোমৰ সৌৰ্যবীৰ্য বুকুত বান্ধি সগৌৰৱৰে থিয় হৈ থকা শিৱসাগৰেই হওঁক।

 এই সকলো আপুৰুগীয়া সম্পদসমূহৰ ভিতৰত অসমীয়া গহণা গাঠৰীয়ে এক সূকীয়া মৰ্যদা প্ৰদান কৰি আহিছে। এই লিখনিত আমি অসমীয়া গহণা গাঠৰীৰ বিষয়ে কিছু আভাস দিবলৈ যন্ত কৰিছোঁ।

 নিজকে ধুনীয়া কৰি ৰাখিবৰ চেষ্টা আমি মানুহবোৰৰ নতুন প্ৰবৃত্তি নহয়। হয়তো সভ্যতাসমূহৰ জন্মৰ লগে লগেই নিজক অধিক সৌন্দৰ্যবান কৰি তোলাৰ মানসিকতাৰো জন্ম হ’ল আৰু এই সৌন্দৰ্যবৰ্ধনৰ অন্যতম অংগ হিচাপে অলংকাৰ তথা গহণা গাঠৰিয়ে বিনাদ্বিধাই বিশেষ মহত্ব প্ৰদান কৰিছে। পুৰুষ-মহিলা উভয়ৰে বাবে পূৰ্বৰে পৰা সৌন্দৰ্যবৰ্ধনত অলংকাৰসমূহ এক হেঁপাহৰ সামগ্ৰী হৈ আহিছে।

 ইতিহাস : অসমীয়া গহণাৰ ইতিহাস মূলত আহোমসকলৰ দিনৰ পৰাই আৰম্ভ হৈছিল। সেইসময়ত সোৱণশিৰী নৈত সোণৰ কণিকা প্ৰচুৰ পৰিমাণে পোৱা গৈছিল। সেয়েহে সোণৰ গহণাৰ ৰাজঘৰত যথেষ্ট প্ৰয়োভৰ ঘটিছিল। বৰ্তমান প্ৰতিজন অসমীয়াৰ বুকুৰ আমঠু এই গহণাসমূহে ৰাজঘৰৰ শৌৰ্যবীৰ্য বহণ কৰে কিয়নো আহোমৰ দিনত কেৱল ৰজাঘৰীয়া তথা উচ্চ বিষয়াসকলেহে এই গহণাসমূহ পৰিধান কৰিছিল। সেয়েহে এই গহণাসমূহক এৰি অসম তথা অসমীয়া সম্পূৰ্ণ নহয়।

 ইয়াৰ উপৰিও বৈষ্ণৱ সাহিত্যত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ’ৰুক্মিণী হৰণ’ নাটত ৰুক্মিণী দেৱীৰ পৰিহিত গহণাৰ বিৱৰণত অসমীয়া আভাস পোৱা যায়।

 বৰ্তমান সময়ত অসমীয়া গহণাৰ মূল ভেটি বুলিলে মূলতঃ তিনিখন ঠাইৰ কথা উল্লেখ কৰিব পাৰি। নগাঁওৰ ৰণথলি, বৰপেটা আৰু যোৰহাটৰ সোণাৰীগাঁও।

 অসমীয়া গহণা মূলতঃ দুই প্ৰকাৰৰ। এক উজনি অসমৰ যোৰহাট আৰু মধ্য অসমৰ নগাঁও জিলাৰ প্ৰখ্যাত কেঁচাসোণৰ গহণা। আৰু দ্বিতীয়বিধ হৈছে নামনি অসমৰ বৰপেটাৰ সোণৰ পানী চৰোৱা অসমীয়া পৰম্পৰাগত গহণা। কেঁচাসোণৰ গহণাসমূহ তৈয়াৰ কৰোতে গহণাসমূহৰ ভিতৰত ৰূপৰ বা সোণৰ সাঁজৰ ভিতৰত প্ৰথমতে ‘লা’ সোমোৱাই আকৃতি তৈয়াৰ কৰি লোৱা হয় আৰু সেই সাঁজৰ ওপৰত সোণপাত লগোৱা হয়। এই সোণপাত হৈছে এক বিশেষ পদ্ধতিৰে পিতি-পিতি কাগজৰ দৰে পাতল কৰি তৈয়াৰ কৰা সোণ।

 এই দুইপ্ৰকাৰৰ গহণাই অসমীয়া মানুহৰ বিশেষত মহিলাসকলৰ বুকুৰ আপোন। বিভিন্ন পাথৰ, মিনাৰ সমাহাৰে এই গহণাসমূহক অধিক আকৰ্ষণীয় কৰি তোলে। অসমীয়া গহমাসমূহ কাণৰ, ডিঙিৰ, হাতৰ বাহু, হাতকে আদি কৰি দেহৰ সকলো অংগৰ শোভা বৰ্ধনৰ বাবে তৈয়াৰ কৰা হয়। বিভিন্ন গহণাসমূহৰ নামসমূহতো অসমীয়া জাতিৰ সৈতে জড়িত ফুল, বাদ্য, চৰাই-চিৰিকতি ইত্যাদিৰ দ্বাৰা প্ৰভাৱিত হোৱা দেখা যায়।

 বৰ্তমান সময়ত বহুলভাৱে প্ৰচলিত অসমীয়া গহণাসমূহৰ ভিতৰত কেইবিধমানৰ নাম তলত থুলমুলকৈ দাঙি ধৰিলো।

 ১। ঢোলবিৰিঃ অসমীয়া বাদ্য ঢোলৰ আৰ্হিত আকৃতিৰে তৈয়াৰী ই এক বহুলভাৱে প্ৰচলিত অসমীয়া গহণা। বিহু নৃত্য, সত্ৰীয়া নৃত্যৰ নৃত্যশিল্পীসকলৰ শোভা বৰ্ধনৰ উপৰিও দৈনন্দিন জীৱনৰ অন্যান্য অনুষ্ঠানসমূহতো এই গহণাৰ চাহিদা দেখা পোৱা যায়।

 ২। জোনবিৰিঃ কাঁচিজোনৰ আৰ্হিৰে তৈয়াৰী এই গহণাবিধৰ চাহিদা পূৰ্বতে উল্লেখ কৰা ঢোলবিৰিৰ দৰেই গুৰুত্বপূৰ্ণ। এই জোনবিৰিৰ আকৃতিক লৈ তিনিধৰণৰ জোনবিৰি নামেৰে এই গহণা কেইবিধ লোকসমাজত প্ৰচলিত।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড