পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৮৮


অনুভৱ হলে, নিজৰ সুবিধাৰ সাপেক্ষে অলপ কাটি চুটিও কৰি লব পাৰে।

 3.লিকেজঃ নিজৰ প্ৰয়োজন অনুপাতে উচিত চাইজ চেলেক্সন কৰি ভালদৰে ফিট কৰিব জানিলে ,ই ভৰ্তি নোহোৱালৈ কেতিয়াও লিক নকৰে। সেয়েহে প্ৰথমে ব্যৱহাৰ কৰোতে 2-3 ঘণ্টাৰ মূৰে মূৰে উলিয়াই কাপটো নিৰীক্ষণ কৰিব। কেতিয়াবা যেতিয়া ভাজ কৰি ভৰাওঁতে ভিতৰত ভঁজটো খোল নাখায় তেতিয়াও লিক কৰিব পাৰে। তেনেক্ষেত্ৰত কাপটো উলিয়াই পুনৰাই চেষ্টা কৰিব লাগিব।

 4. প্ৰস্ৰাৱঃ শৰীৰৰ শ্ৰোণীচক্ৰৰ অংশৰ অন্তৰ্গঠনৰ বিষয়ে জানিলে গম পাব যে আমাৰ মাহেকীয়া চক্ৰৰ নিঃসৰণৰ আৰু প্ৰস্ৰাৱৰ নিঃসৰণৰ দুয়োটা ৰাস্তাই বেলেগ বেলেগ। গতিকে মেনস্ট্ৰোৱেল কাপ ব্যৱহাৰ কৰি থকা অৱস্থাত প্ৰস্ৰাৱ কৰোঁতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা নাযায়।

 5. দেহ আভ্যন্তৰীণ প্ৰতিষ্ঠাপিত গৰ্ভনিৰোধকঃ দেহৰ ভিতৰত স্থাপন কৰা গৰ্ভনিৰোধক আহিলা ব্যৱহাৰ কৰা পৰিহিতিত এনে মেনস্ট্ৰোল কাপ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত হব পৰা কিছু সুবিধা অসুবিধাৰ বুজ লবৰ বাবে ডাক্তৰৰ পৰামৰ্শ লোৱা উচিত।

 6. চয়নঃ অনলাইনত নানা ব্ৰেণ্ডৰ কাপ উপলব্ধ যদিও নিজৰ বয়স সাপেক্ষে আকাৰ নিৰ্ধাৰণ কৰি, উচিত ব্ৰেণ্ড চয়ন কৰিব। এইক্ষেত্ৰত ৱেবচাইট ত উপলব্ধ উপভোক্তাৰ মতামত নিশ্চয় ভালদৰে পঢ়ি লব। চয়ন কৰোতে অন্য কিছু দক্ষতা যেনে cervix ৰ দৈৰ্ঘ্যতা, নিয়মিত নিঃসৰণৰ পৰিমাণ ইত্যাদি গুৰুত্ব দিবলগীয়া।

 ইতিমধ্যে মই মোৰ অভিজ্ঞতাৰ সৰহ খিনিয়ে জনোৱাৰ প্ৰয়াস কৰিছোঁ যদিও আপোনালোকৰ মনত উদয় হোৱা আৰু কিছু প্ৰশ্নৰ বিষয়েও মই জ্ঞাত, কিন্তু সেয়া মই আপোনালোকলৈ এৰিলোঁ। মন কৰিলেহে চন নহয় জানো? গতিকে যদি ব্যৱহাৰ কৰিবলৈ যত্নপৰ হয় তেন্তে কিছু গৱেষণা আপোনাৰো দায়িত্ব। কিছু পৰিৱৰ্তন কঠিন যেন লাগিলেও তাৰ পৰা হব পৰা সম্ভাব্য সুবিধাৰ পৰা বঞ্চিত হোৱাটো কেতিয়াও আমাৰ কাম্য নহয়। গতিকে লেখাটোৰ আৰম্ভণিতে উল্লেখ কৰা মোৰ এই বাৰ্তা পুনৰ সোঁৱৰাই সকলোলৈ এক নতুন পৰিৱৰ্তনৰ প্ৰস্তুতিৰ বাবে শুভকামনা জনালোঁ।

 বিষয়বস্তুৰ ওপৰত মোৰ এই লেখা সম্পূৰ্ণ মোৰ ব্যক্তিগত অভিজ্ঞতা আৰু জ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত। ইয়াৰ গ্ৰহণযোগ্যতাও

ঠিক তেনেদৰে আপোনাৰ ব্যক্তিগত বিচাৰ্য বিষয়।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড