পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৮৭

ঠেলি দিয়ক ওপৰলৈ। এতিয়া এপাক এনেই ঘূৰাই চাওঁক দুয়ো ফালে (কাপটোৰ সোঁফালে আৰু বাওঁ ফাললৈ), ইতিমধ্যে

দেহৰ ভিতৰত অলপ বতাহ ৰিলিজ হৈ সামান্য এটা শব্দ কৰিব। যদি সহজে দুইফালে ঘূৰে, বুজিব যে ই সঠিক ভাবে স্থাপিত হৈছে। প্ৰথম চেষ্টাত ভয় খোৱাটো তেনেই স্বাভাৱিক। দৃঢ় আৰু সাহসী হলেহে সফল হব পাৰিব। আৰু এটা কথা এইখিনিতে কৈ থওঁ, মাহেকীয়া হোৱা বুলি গম পাই ততাতৈয়া নকৰি অলপ নিঃসৰণ আৰম্ভ হলেহে ইয়াক ব্যৱহাৰ কৰিবলৈ যত্নপৰ হব। উলিয়াবৰ সময়ত , তলপেটৰ মাংসপেশীৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰি আপুনি নিজেও এবাৰ ঠেলি চাব। কাপটোৰ যিটো অংশ আমি হাতেৰে ঢুকি পাব পাৰে। ,তাতে চিকুটি ধৰি লাহে লাহে টানি অলপ হেলনীয়া কৰি পুনৰ বতাহ ৰিলিজ কৰাৰ চেষ্টা কৰিব। এইক্ষেত্ৰত অকণমান সাৱধান হৈ কাপটো ষ্টেমত ধৰি লাহে লাহে ক্ৰমান্বয়ে টানি উলিয়াই আনিলে তাত জমা হোৱা লিকুইড খিনি পৰাৰ সম্ভৱনা নাথাকে।

 ব্যৱহাৰৰ আগতে জনা কিছু কথা তথা মনত উদয় হোৱা বিভিন্ন প্ৰশ্ন:

 ময়ো যেতিয়া প্ৰথম এই বিষয়ে জানিছিলোঁ খুব আচহুৱা লাগিছিল, ভাবি আচৰিত হৈছিলোঁ, কেনেদৰে সম্ভৱ হব পাৰে বুলি ভাবি। স্বাভাৱিকতে মোৰো মনত প্ৰশ্নৰ জোৱাৰ উঠিছিল, কিছু সমাধা হৈছিল আৰু কিছু তেনেদৰেই থাকি গৈছিল। প্ৰথম কিনি অনাৰ 2 মাহ পৰ্যন্ত তেনেদৰেই গ'ল, হাতত লওঁ আৰু আকৌ ভৰাই থৈ দিওঁ। এদিন নিজে চিন্তা কৰিলোঁ ভৰাই থলে চোন কেতিয়াও ব্যৱহাৰ কৰিবলৈ নিশিকিম। পৃথিৱীত ইমান মহিলাই ব্যৱহাৰ কৰিছে যেতিয়া মই কিয় নোৱাৰিম। মনটো ডাঠ কৰি একদম দৃঢ় হ'লোঁ। তাৰ পিছৰ পৰা আজিলৈকে সুদীৰ্ঘ 3.5 বছৰৰ সময়লৈকে ই মোৰ শ্ৰেষ্ঠ সমল আৰু আগলৈও হৈ থাকিব।

 1. ভয়ঃ ভয় প্ৰথম অৱস্থাত লগাটো ও তেনেই স্বাভাৱিক। কিন্তু যথাযথ জ্ঞান আয়ত্ত কৰি এই ভয়কো শেষ কৰিব পাৰিব। যেনে ধৰক যদি কিবা ইনফেক্সন হয় তেতিয়া কি হব, কিবা side effect আছে নেকি ইত্যাদি। মই ব্যৱহাৰ কৰিবলৈ লোৱাৰ আগতে যিমান পাৰে সিমান ৱেবছাইট বোৰত, গুগল কৰি কৰি চালোঁ। যথেষ্ট সংখ্যক তথ্য পঢ়াৰ পিছত এই বিষয়ে কতো উল্লেখ নথকা দেখি অলপ সকাহ পালোঁ। তাৰ পিছতো যদি কাৰোবাৰ ভয় ৰৈ যায় তেন্তে ডাক্তৰৰ পৰামৰ্শ লব পাৰে। ঠিক তেনেদৰেই পৰিষ্কাৰ পৰিচন্নতা অটুত ৰাখিলে ইনফেক্সনৰ পৰাও হাত হাৰিব পৰা যায়। মেনস্ট্ৰোৱেল কাপটো গৰম পানীত উতলুৱাটো সেইবাবেই খুউব দৰকাৰী। ভৱিষ্যতৰ গৰ্ভধাৰণৰ লগতো ইয়াৰ কোনো ধৰণৰ সম্পৰ্ক নাই। যিহেতু ই কেৱল ঋতুস্ৰাৱৰ সময়তহে ব্যৱহাৰ কৰা এটা বাটিৰ দৰে আহিলা যি নিঃসৰিখিনিক বাহিৰলৈ যাবলৈ নিদি ভিতৰতে ধৰি ৰাখে। তিনি বছৰৰ আগতে যেতিয়া মই প্ৰথম ব্যৱহাৰ কৰিবলৈ লৈছোঁ, তেতিয়া এনে লাগিছিল যেন ভিতৰত কাপটো কৰবাত লাগি ধৰি থাকি সোমাই পৰিব বা নোলাব। এতিয়া ব্যৱহাৰ কৰি মই বুজি পাইছোঁ যে তেনেকুৱা একোৱেই নহয়। বেছি ভিতৰলৈ সোমাই গুচি গলেও থিয় হৈ কাম কৰি ঘূৰি ফুৰিলে, কাপটো মাধ্যাকৰ্ষণৰ বাবে নিজে নিজে তললৈ নামি নিৰ্দিষ্ট ঠাইত ৰয়।

 2. বিষ আৰু অন্য অসুবিধাঃ প্ৰথমবাৰ স্থাপিত কৰোতে অকণমান বিষ নিশ্চয় অনুভৱ কৰিব। কিন্তু ৰৈ নিদি বা হাৰ নামানি লাহেকৈ ঠেলি দিব। যোনীৰ ভিতৰত প্ৰথমতে এটা বাধা পোৱা যেন পাব তাৰ পিছত ঠেলি দিলে, ভালকৈ সোমাই পৰিব। ভালদৰে কাপটো সোমাই পৰিলে নিজেও তাৰ অৱস্থিতিৰ বিষয়েও একো গম নাপায় আৰু ভুলকৈ সোমোৱালে নিজেই অশান্তি পাব , তেতিয়া আকৌ উলিয়াই পুনৰাই স্থাপন কৰিবলৈ চেষ্টা কৰিব। কিছুমান কাপৰ ষ্টেম ডাল দীঘল যেন

অৰ্ধ-আকাশ ঃ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড