পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৮২

আৰু চেনীযুক্ত খাদ্যৰ পৰিমাণ কমাওক।

 ১৫। আটাইতকৈ ডাঙৰ কথাটোৱেই হ'ল এটা ধনাত্মক মন থকাটো, “মই ক্ষীণ হ'ব পাৰিম বুলি ভাৱিলেহে ক্ষীণাব, মোৰ দ্বাৰা হ'ব জানো বুলি ভাৱিলে কিন্তু সাত জনমেও আপুনি সফল নহয়।

 গতিকে উপৰোক্ত কথাখিনিয়েই মেদবহুলতাৰ মুখ্য কাৰণ আৰু সমাধানৰ উপায়ে। ক্ষীণ হোৱাৰ যাত্ৰাত শৰীৰ আৰু মনৰ সমন্বয় সাধন হ’ব লাগিব। নিজৰ আটাইতকৈ ভাল লগা পুৰণি কাপোৰযোৰ পিন্ধি চাওঁক। শৰীৰটোৰ লগত আগৰদৰে শুৱনি কৰিছে নে নাই চাওঁক। যদি নাই কৰা তেন্তে নিজকে পৰিৱৰ্তন কৰিবলৈ প্ৰস্তুত হওঁক, সদায় ভাৱিব আপুনি যদি ক্ষীণ হয়, তেন্তে কি কি কৰিব পাৰিব, কি কি পিন্ধিব পাৰিব। ক'ৰবাত ফুৰিব গলে, Party সমূহত গলে কিমান ষ্টাইল মাৰিব পাৰিব ইত্যাদি। ইয়ে আপোনাক আৰু উদ্যমি কৰি তুলিব। সৰু কিন্তু বেচ গুৰুত্বপূৰ্ণ কথা।

 সৰ্বশেষত নিজৰ উপৰত বিশ্বাস ৰাখিব। মন কৰিব ঘহোঁতে ঘহোঁতে শিলও ক্ষয় হয়। আপুনি মই মানুহহে। এই পৃথিৱীত অসম্ভৱ বুলি একো কথা নাই। শাৰীৰিক পৰিৱৰ্তনটো তেনেই সাধাৰণ কথা, কষ্ট আৰু যত্ন কৰিলে সফলতা নিশ্চয় পাব।

এক যুগান্তকাৰী আৰু গুৰুত্বপূৰ্ণ ধাৰণা
মহিলা উদ্যমিতাঃ এক বৈপ্লৱিক চিন্তা

ড° বৃষ্টি দত্ত

 Enterpreneurship বা উদ্যমিতা এক নতুন সংজ্ঞা। ইয়াৰ বহুতো বিশ্লেষণাত্মক সংজ্ঞা আছে কিন্তু খুৱ সৰলভাৱে দিব পৰা সংজ্ঞা হৈছে হাজাৰ বাধাকো নেওচি নিজৰ কৰ্মনিষ্ঠা, অহোপুৰুষাৰ্থ, একাগ্ৰতা তথা অধ্যৱসায়ৰ দ্বাৰা সম্পদ তথা সম্পত্তি গঢ়োতাসকলেই হৈছে উদ্যমি আৰু তেওঁলোকৰ কাৰ্যপন্থাই হৈছে উদ্যমিতা। “উদ্যমিসকল হৈছে ৰিস্ক লৈ সম্পদ গঢ়োতা।”

 এণ্টাৰপ্ৰিনাৰচিপ ধাৰণাটো প্ৰতিষ্ঠা হৈছিল ১৭০০ চনত। ই এক আৰ্থিক উন্নতিশীল পদক্ষেপ যি কোনো সমাজৰ সমাজিক উত্তৰণ তথা বিকাশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব পাৰে। এজন ব্যক্তিক সৃষ্টিশীলতাৰ পৰা উদ্ভৱ হৈ এই ধাৰণা প্ৰসাৰিত হৈ সৃষ্টি হ'ব পাৰে এক দীৰ্ঘম্যাদী ব্যৱসায়ীক স্বত্বাধিকাৰ, কৰ্মনিয়োজনৰ আঁচনি, নিবনুৱা দূৰীকৰণৰ এক আহিলা তথা আৰ্থিক নিৰাপত্তা।

 নিবনুৱা দূৰীকৰণ তথা দৰিদ্ৰতা দূৰীকৰণ, ঔদ্যোগীকৰণত এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিব পাৰে এই ধাৰণাই।

 নাৰী উদ্যমিতাৰ ধাৰণাঃ এখন সমাজ, এটা জাতি তথা এখন দেশ তেতিয়া পূৰ্ণৰূপে বিকাশ হ'ব যেতিয়া সমাজৰ মহিলাসকলক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰয়োজনীয় তথা পৰ্যাপ্ত সুবিধা প্ৰদান কৰা হয়। নাৰী সৱলীকৰণৰ ক্ষেত্ৰত নাৰী উদ্যমিই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। ই এক প্ৰচেষ্টা বা পদক্ষেপ য'ত নাৰীয়ে নিজা প্ৰচেষ্ঠাৰে উদ্যেগলৈ বিপদগ্ৰস্থতাৰ মাজত উৎপাদন তথা প্ৰসাৰতাৰ জড়িয়তে ন-ন কৰ্মসংস্থাপনৰ পথা প্ৰসস্ত কৰিব পাৰে। গতিকে এই উদ্যমিতাৰ বাবে লাগিব উদ্যম। কিবা কৰাৰ হাবিয়াস আৰু এগৰাকী উদ্যমী মহিলা সেইগৰাকী যি গৰাকীয়ে এটা ব্যৱসায় আৰম্ভ কৰি ইয়াক স্ব-নিৰ্ভৰশীল তথা স্বাধীনভাৱে আগবঢ়ায় নি বিপদগ্ৰস্থতাকো আওকান কৰি তীব্ৰ

ইচ্ছা শক্তিৰে সকলো বাধা সাহসেৰে নেওচি ব্যৱসায় প্ৰতিষ্ঠা কৰি নিজকে সফল কৰাৰ লগতে আন দহগৰাকী মহিলাৰ পেটৰ

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড