পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৮৩

ভাত মুকলাব পাৰে।

 এই পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে এগৰাকী নাৰী মানসিকভাৱে হ'ব লাগিব সবল তথা নিজৰ জীৱন সবল ৰূপে গঢ়াৰ ক্ষেত্ৰত সিদ্ধান্ত ল'বৰ বেলিকা হ'ব লাগিব অতি পৰিপক্ক তথা স্বাধীন।

 মহিলা উদ্যমিতাৰ ক্ৰমবিকাশঃ যদিও, স্বনিয়োজিত গোটসমূহৰ অধিকাংশই মহিলা তথাপি তেওঁলোকৰ কৰ্মক কম গুৰুত্ব দিয়া দেখা যায়। ঘৰুৱা লেঠা, ঘৰুৱা সমস্যাই (দেখা যায়) স্বগঠিত পুৰুষপ্ৰধান সমাজত মহিলাসকলৰ সৃষ্টিশীলতাৰ ওপৰত তীব্ৰ প্ৰভাৱ পেলোৱা দেখা যায় আৰু পুৰুষৰ কৰ্মৰাজীতকৈ কম গুৰুত্ব দিয়া দেখা যায়। সাধাৰণতে দুৰ্বল আৰ্থিক অৱস্থা, বৰ্ধিত সংস্থাপনহীনতা তথা বিবাহ; কোনো ক্ষেত্ৰত বিবাহ বিচ্ছেদৰ দৰে ঘটনাইও এগৰাকী মহিলাক উদ্যমিক কাৰ্যপন্থাত প্ৰৱেশ কৰাত সহায় কৰে। বেবিলনিয়াত প্ৰথম (২০০ BC) মহিলাসকলক স্ব-নিয়োজনৰ ক্ষেত্ৰত অনুমতি দিয়া হৈছিল আৰু তেওঁলোকে নিজকে বিভিন্ন ব্যৱসায় তথা লিখা-মেলা কামত নিয়োজিত কৰিব পাৰিছিল। লাহে লাহে এই ধাৰণা প্ৰসাৰিত হৈছিল।

 ১৯৮০ চনত, আৰ্থিক অনাটনৰ ফলত তথা বাণিজ্যিকীকৰণ তথা অৰ্থৰ বাৱহাৰ নীতিৰ আধুনিকীকৰণৰ ফলত মহিলাসকলে কৃষি তথা উদ্যেগত নিয়োজন বন্ধ হোৱাত সাধাৰণতে গাঁও অঞ্চলৰ মহিলাসকলে নিজৰ উপাৰ্জনৰ পথ প্ৰশস্ত কৰিবৰ বাবে অন্য উপায় উদ্ভাৱনৰ কথা চিন্তা কৰিলে। ক্ষুদ্ৰ উদ্যোগৰ সৃষ্টি হ’ল। ওঠৰ, উনৈশ শতিকাত কোনো কোনো মহিলা ঘৰৰ চাৰিবেৰৰ পৰা ওলাই আহি নিজকে উদ্যেগৰ ক্ষেত্ৰত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। উদাহৰণ — ৰেবেকা লুৰেন্স ১৮২৫, তেওঁ আইৰণ সামগ্ৰীৰ ঘৰুৱা সৰু ব্যৱসায়টোক পৰ্যবসিত কৰিছিল লাভদায়ক ষ্টিল উদ্যেগলৈ।

 ১৯০০ শতিকাত, চিন্তাৰ প্ৰসাৰতা, তথা মহিলা সবলিকৰণ উদ্ৰেকৰ লগে লগে নাৰী উদ্যমিতা ধাৰণাটো বিশ্বত জনাজাত হৈ পৰিল।

 নাৰী উদ্যমিতাৰ প্ৰয়োজনীয়তাঃ এখন ৰাষ্ট্ৰৰ মিতব্যয়িতাৰ প্ৰকৃত মেৰুদণ্ড নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে মহিলাসকলে। কাৰণ মহিলাসকলৰ ভিতৰত এক উদ্যমী মন সুপ্ত হৈ থাকে।

 একৈশ শতিকাৰ শেষৰভালে বহু কেইগৰাকী বহুমুখী প্ৰশিক্ষণপ্ৰাপ্ত, সৃষ্টিশীল তথা কৰ্মদক্ষ তথা উদ্ভাকিা মনৰ পৰিচয় দিয়া কেইবাগৰাকী উদ্যমী মহিলাৰ উদ্যাগত আৰ্থিক বিকাশত সৱল পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হয়। লাহে লাহে বিশ্বত নাৰী উদ্যমিতা তথা নাৰী সবলিকৰণৰ ক্ষেত্ৰত এক যুগান্তকাৰী ধাৰণাৰ সূচনা হৈছে। নতুন ব্যৱসায়ৰ সূচনাই হৈছে প্ৰকৃত উদ্যমিতাৰ ভেঁটি, লাহে লাহে এই ধাৰণাই সামাজিক তথা ৰাজনৈতিক ক্ষেত্ৰতো গা কৰি উঠিছে। কৃষি, দুগ্ধপালন, পশুপালন আৰু উৎপাদন, দুগ্ধজাত সামগ্ৰী উৎপাদন, বিড়ি উদ্যোগ, ধূপ উৎপাদন, কাপোৰ চিলাই, তথা বস্তু উদ্যোগ, পুতলা উৎপাদন, মৌ পালন,মীন পালন, ফেচন ডিজাইনিং, শিশু প্ৰতিপালন কেন্দ্ৰ, খুচুৰা উদ্যোগ আদি ক্ষেত্ৰবোৰত মহিলাৰ উদ্যমীতা তথা মহিলাৰ অংশগ্ৰহণ বৰ্তমান সময়ত বহুল পৰিমাণে দেখা যায়। মাথো বিশ্লেষণাত্মকভআৱে গলে কেইটামান কাৰকে মহিলা উদ্যমিতাত বাধা প্ৰদান কৰা দেখা যায় –

 ১। আত্মবিশ্বসৰ অভাৱ

 ২। আৰ্থিক তথা কায়িক শ্ৰম কৰোঁতাৰ অভাৱ

 ৩। সামাজিক সমস্যা

 ৪। উৎপাদন সমস্যা

 ৫| যথোপযুক্ত তথা পৰ্যাপ্ত বজাৰৰ অভাৱ

 ৬। মহিলাৰ স্বনিয়োজনৰ ক্ষেত্ৰত উদ্ভৱ হোৱা সমস্যা তথা উপযুক্ত প্ৰশিক্ষণৰ অভাৱ

 ৭। লিঙ্গ বিভাজনৰ সমস্যা

 ভাৰতত নাৰী উদ্যমিতাঃ ভাৰতত বহুকেইগৰাকী মহিলাই মহিলা উদ্যমিতাৰ দিশে ধাৱমান হোৱাত মুখ্য ভূমিকা পালন কৰিছে। চিৰাচৰিত পৰম্পৰা তথা সৃষ্টি হ'ব পৰা বাধাজনিত কাৰকসমূহৰ পৰা বাহিৰৰ পৰিসৰলৈ ওলাই আহি দেখুৱাব পাৰিছে যে মিতব্যয়িতা তথা আৰ্থিক ক্ষেত্ৰখনত মহিলাৰ যোগদান কিমান সবল হ’ব পাৰে।

 মহিলাসকলক সমাজৰ দুৰ্বলী শ্ৰেণী বুলিয়েই গণ্য কৰা হয় আৰু পুৰুষপ্ৰধান সমাজত পুৰুষ সিদ্ধান্ত মহিলাসকলৰ

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড