যোগাসন
পম্পী দিব্য দত্ত
শৰীৰ, মন,আত্মা, এই তিনিটাক একাত্ম কৰিবৰ বাবে যোগাসন অতি আৱশ্যক।
যোগ মানে কেৱল ব্যায়ামক নুবুজায় আসন, প্ৰাণায়ম, ধ্যান, প্ৰাৰ্থনা, শৱাসন,আত্মা,শৰীৰ,মন আদি একাত্মক হৈহে যোগাসন হয়।
মানুহৰ শৰীৰ মন আদি সুন্দৰ আৰু সুখময় হ’বলৈ যোগভ্যাস অতি উত্তম। যোগ সাধনাৰ ফলত শৰীৰৰ লগতে মনৰ দুখ দূৰ হয়। মানুহে যিমান পায় সিমানতে থাকি নিজৰ সুখ অনুভৱ কৰিব পাৰে।
যোগসাধনা বহুতে নতুন বুলি ভাৱে কিন্তু যোগসাধনা বহু হাজাৰ হাজাৰ বছৰৰ আগৰ পৰাই চলি আহিছে।
মহাদেৱ ঋষি, মুনি আদি কৰি আমাৰ পৰম গুৰু মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ দিনৰ পৰা এই যোগ চৰ্চা বিৰাজমান।
কালৰ সোঁতত নাইকিয়া হ’ব ধৰিছিল যদিও বৰ্তমান ইয়াৰ গুৰুত্ব অধিক।
নিয়মীয়া যোগ অভ্যাসে এজন ব্যক্তিৰ ওপৰত বহু ধৰণৰ প্ৰভাৱ পেলাব পাৰে।
নিয়মীয়াকৈ যোগ অভ্যাস কৰিলে শৰীৰ আৰু মনৰ এলাহ ভাব নাইকিয়া হয়,শৰীৰৰ আৰু মনলৈ উৎসাহ আৰু সতেজতা আহে,শৰীৰৰ নিৰোগী হৈ মন, বুদ্ধিৰ শক্তি বৃদ্ধি পায়, শৰীৰৰ আৰু মনলৈ পৰস্পৰ নিয়ন্ত্ৰণ আহে আৰু মানুহৰ স্বভাৱ সলনি হয়,খং নাইকিয়া হোৱাৰ উপৰিও সামঞ্জস্যতা বৃদ্ধি পায়।
বৰ্তমান সময়ৰ বহু জটিল ৰোগৰ চিকিৎসা যোগসাধনাৰ দ্বাৰা হয়। যাক যোগ চিকিৎসা বুলি কোৱা হয়।
আচলতে বৰ্তমান সকলো ধৰণৰ ৰোগ, যোগ চিকিৎসা, যোগাসন আদিৰ দ্বাৰা উপশম পোৱা পৰিলক্ষিত হৈছে।
যিদৰে খোৱা, বোৱা, শোৱা আদি কাম আমি এলাহ নকৰাকৈ দৈনিক কৰো সেইদৰে যোগাভ্যাস কৰিবলৈ এলাহ কৰিব নালাগে। বৰং যোগে এলেহুৱা ভাৱ নাইকিয়া হে কৰে।
যোগভ্যাসৰ দ্বাৰা আমাৰ ভাগৰি পৰা শৰীৰ আৰু মনক পুনৰ সতেজ কৰি ইয়াৰ কাৰ্য্যক্ষমতা বৃদ্ধি কৰিব পাৰি। আমি ১ঘন্টা কৰা যোগ অভ্যাসৰ প্ৰভাৱ দিনটোৰ বাকী ২৩ ঘন্টাৰ ওপৰত পৰে।
যোগ অভ্যাসৰ অন্যতম অংশ প্ৰাণায়ম।
প্ৰাণায়ম এনে এক অভ্যাস যাৰ দ্বাৰা আমাৰ দেহৰ ভিতৰ ভাগৰ প্ৰতিতো অংগকে স্পৰ্শ কৰি যাব পাৰে।
আমাৰ শৰীৰৰ বাহিৰৰ অংগ চাবোনেৰে পৰিষ্কাৰ কৰিব পাৰোঁ, কিন্তু ভিতৰৰ অংগ পৰিষ্কাৰ কৰি ৰাখিবলৈ নিয়মিত প্ৰাণায়াম অভ্যাস অতি আৱশ্যক।
আমাৰ দেহৰ পঞ্চ ইন্দ্ৰিয়ৰ ভিতৰত এটা অন্যতম গুৰুত্বপূৰ্ণ অংগ নাক। যাৰ দ্বাৰা শৰীৰটো পৰিচালিত।
স্বাভাৱিকতে দেখা দিয়া ৰোগ সমূহ যেনে মূৰৰ অত্যন্ত বিষ, ছাইনাচ, মাইগ্ৰেন, মগজুৰ বিভিন্ন ৰোগ সমূহ নাকৰ শিৰাৰ পৰাই আৰম্ভ হৈ মাৰাত্মক বেমাৰৰ সৃষ্টি কৰে।
নাক প্ৰধান অংগ যাৰ দ্বাৰা উশাহ নিশাহ লোৱা হয় আৰু শৰীৰ পৰিচালিত হয়। ধূলি মাকতি নাকত প্ৰৱেশ কৰি নাকৰ শিৰা বন্ধ হৈ মগজুত মাৰাত্মক বেমাৰৰ সৃষ্টি হয়।
এই সমূহ ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ দৈনিক ১৫ৰ পৰা ৩০মিনিট সময় প্ৰাণায়ম অভ্যাস জৰুৰী। ইয়াৰ উপৰিও প্ৰাণায়ম অভ্যাসে শৰীৰৰ বিভিন্ন অংশত প্ৰভাৱ পেলায়।
শিশুৰ স্মৃতি শক্তি বৃদ্ধি বাবে দৈনিক ভ্ৰামৰী প্ৰাণায়ম অতি আৱশ্যক।
কপালভাতি পেটৰ চৰ্বী, গেছ, এচিডিটি, আদি বাবে দৈনিক অভ্যাস অতি জৰুৰী৷
প্ৰাণায়ম অভ্যাসে মনলৈ শান্তি কঢ়িয়াই অশান্ত মন এটাক পুনৰ সজীৱ কৰি তোলে।