সমললৈ যাওক

পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭৭

আক্ৰান্ত ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধি সেৱন কৰা উচিত। সমস্যা জটিল নহ'লে দুই এটা ঘৰুৱা দিহাৰে এই ৰোগত উপশম পাব পাৰি। তেনে কেইটিমান দিহা হৈছে :-

 ছালকুঁৱৰী বা এলভেৰাৰ সাহ বা জেল দুই তিনিচামুছ এগিলাচ পানীত মিহলাই চৰবত হিচাবে নিতৌ সেৱন কৰিলে সুফল পোৱা যায়। পেচাব কৰোতে জ্বলা পোৰা কৰিলে এলভেৰাৰ সাহ নাভিত ভৰণ দিব লাগে। জবাফুল তিনিপাহ মান পিচি এগিলাচ পানীত এৰাতি তিয়াই থওক। পুৱা খালি পেটত সেৱন কৰক কিছুদিন।

 জবাফুল পিচি নাভিতো ভৰণ দিব পাৰে। ই পেচাবৰ জ্বলা পোৰা সমস্যা কম কৰে।

 কপাহেৰে যোনিত দৈনিক বিশুদ্ধ নাৰিকল তেল লগাওঁক আধা ঘণ্টাৰ বাবে। তাৰ পিছত ধুই পেলাওক। আয়ুৰ্বেদত কুমাৰীআসৱ, লৌব্ৰাসৱ, পুষ্যানুগ চূৰ্ণ আদি বহুতো শাস্ত্ৰীয় ঔষধি আৰু যোনিত বাহ্যিক ভাবে প্ৰয়োগ কৰা মলম আদি আছে। ওপৰোক্ত দিহাসমূহৰ লগতে চিকিৎসকৰ পৰামৰ্শ মানি চলিলে এই ৰোগ নিৰাময় হয়। সেয়েহে ৰোগীয়ে নিজৰ যত্ন আৰু উপযুক্ত চিকিৎসা দুয়োটাই লোৱা উচিত।

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড