পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৭৯

 মন্দশ্বসন, তীব্ৰ শ্বসন, দীৰ্ঘশ্বসন, ইয়াৰ উপৰিও নাড়ীশুদ্ধি, উজ্জ্বয়ী, ভ্ৰামৰী, এইসমূহ প্ৰাণায়মৰ ভাগ।

 দৈনিক প্ৰাণায়ম অভ্যাস কৰক ৰোগ মুক্ত হোৱাৰ উপৰিও মন প্ৰফুল্ল কৰি তোলোক।

 যোগাসনৰ অন্য এক অংশ ধ্যান যাৰ দ্বাৰা শক্তি জাগ্ৰত কৰিব পাৰি। ধ্যান অন্তৰ আত্মাৰ মিলনৰ স্থল৷

 দিনটো নানা কামৰ মাজত,নানা চিন্তা চৰ্চাৰ মাজত সন্ধিয়া ভাগৰুৱা মনটোক সজীৱ কৰি তোলা হয় ধ্যানৰ যোগেদি।

 ধ্যানৰ বাবে সন্ধিয়া সময় বহু উপযোগী, সন্ধিয়া ৩০ মিনিট সময় উলিয়াই ধ্যান কৰক আৰু নিজৰ মনৰ শক্তিক আৰু বেছি প্ৰভাৱশালী কৰাৰ লগতে মনটোক পবিত্ৰ কৰি তোলক।

 বৰ্তমান সময়ত বহু সংখ্যক লোকে যোগানৰ লগত জড়িত প্ৰায় লোকে নিজৰ বাবে অলপ সময় উলিয়াই যোগাসন কৰে।

 যোগ অভ্যাসৰ লগত জড়িত কেইটামান কথা -

 যোগাসনৰ বাবে প্ৰয়োজনীয় এক ঘন্টা সময় সুনিশ্চিত হ’ব লাগে।

 পুৱা- সন্ধিয়া সময়খিনি অতি উপযোগী।

 লক্ষ্য ৰাখিব লাগে যাতে যোগাসন অভ্যাসৰ সময়ত পেট সম্পূৰ্ণ খালী থাকে। ৰাতিপুৱা ৬ ৰ পৰা ৭ বজাৰ সময়ছোৱা অভ্যাসৰ বাবে উত্তম।

 পুৱা নিৰ্মল বাতাবৰণত যোগাসন অভ্যাস কৰিলে ইয়াৰ প্ৰকৃত আনন্দ পোৱা যায়।

 দুপৰীয়া বা সন্ধিয়া অভ্যাস কৰিলে খোৱাৰ ৩/৪ ঘন্টাৰ পিছত হে অভ্যাস কৰিব লাগে।

 জুলীয়া খোৱা এক ঘণ্টা পিছত কৰিব পাৰে। অভ্যাস কৰাৰ দুঘন্টা পাছত আহাৰ খাব লাগে।

 নিতৌ নিৰ্ধাৰিত সময়ত অভ্যাস কৰিলে অনুকূল প্ৰভাৱ অতি সোনকালে পৰিলক্ষিত হয়। প্ৰত্যেক দিনে সময় সলনি কৰি থাকিলে ইয়াৰ প্ৰভাৱ কম পৰিমাণে পৰে। সেয়ে নিজৰ সুবিধা অনুসৰি সময় নিশ্চিত কৰি লৈ নিতৌ সেই সময়ত অভ্যাস কৰিব লাগে।

 যোগাসন অভ্যাস কৰাৰ আগতে গা ধুই ল’ব লাগে,গা ধোঁৱাৰ আগতেও যোগাসন কৰিব পাৰি কিন্তু গা ধুই উঠি আসন কৰিলে অধিক সুফল পোৱা যায়।

 যোগাসন কৰিলে ঘাম নোলায় বাবে অভ্যাসৰ পিছত গা ধোৱাৰ প্ৰয়োজন নাথাকে।

 গা ধোৱাৰ পিছত শৰীৰ আৰু মনলৈ অহা সতেজতা যোগ অভ্যাসৰ বাবে লাভদায়ক।

 যোগাসন কৰোতে শৰীৰৰ অংগবোৰ বিভিন্ন ধৰণৰ ক্ৰিয়া কৰা হয়, সেয়ে অভ্যাসৰ সময়ত টিলা কাপোৰ পৰিধান কৰিব লাগে।

 যাগৰ দ্বাৰা জীৱন নৰোত্তম হ’ব আৰু নিজৰ লগতে শান্তিপূৰ্ণ দেশৰ সৃষ্টি হ’ব। সেইবাবে সকলোৱে যোগ প্ৰচাৰ কৰক, যোগ অভ্যাস কৰক আৰু এখন নিৰোগী,নিকা,সুস্থ সমাজ গঢ়ি উঠক।

 যোগৰ ফল সহজতে নাপায়, যোগসাধনাৰ মাজত একাত্মক ভাৱে সোমাই পৰিলে ইয়াৰ ফল নিশ্চিত।

 নিয়মীয়াকৈ যোগ অভ্যাস কৰি পৰমানন্দ লাভ কৰিব পাৰি।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড