পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৬৮


গাৰ্হস্থ্য হিংসা আইন আৰু আনুষংগিক কিছু কথা

 

হিৰোচিমা বৰা পাঠক

 

 সমাজ উন্নত যিমানেই নহওক কিয় নাৰীজনীত ঘটনাৰ যেন শেষ নাই। অতীজৰ পৰাই নাৰীয়ে বিভিন্ন ধৰণৰ ঘৰুৱা হিংসা, ধৰ্ষণ, শোষণ, শাৰীৰিক তথা মানসিক অত্যাচাৰৰ বলি হব লগা হৈছে। বৰ্তমান সময়ত সমাজত বহুল পৰিমাণে ঘটি থকা ঘটনা সমূহৰ মাজত অন্যতম হৈছে Domestic Violence against women (ঘৰুৱা হিংসা)।
 কি এই ডমেষ্টিক ভায়'লেন্স? ইয়াৰ কাৰ্য্যকৰী আইন ব্যৱস্থা সমূহ কেনেধৰণৰ?
 Domestic violence against women মানে হৈছে এনে যিকোনো ধৰণৰ একটিভিটি বা কাৰ্যকলাপ যিয়ে এগৰাকী নাৰীক দৈহিক, মানসিক, আবেগিক, সামাজিক অথবা আধ্যত্মিক ভাবে এখন ঘৰৰ চাৰিবেৰৰ মাজত আঘাত বা কষ্ট দিয়া হয়। আৰু যিটো ওচৰ চুবুৰীয়া নাইবা অচিনাকি মানুহৰ দ্বাৰা নহয়।
 Criminal Law
 ভাৰতৰ criminal law টো Indian penal Code,1860 বেছ কৰে। তদুপৰি অন্য কিছুমান বিশেষ। আইনো আছে। Indian penal Code1860-ত কিছুমান offence (অপৰাধ) উল্লেখ আছে যিয়ে ঘৰুৱা হিংসাৰ বিষয়ে আলোচনা কৰে। তেনেকুৱা কিছুমান offence (অপৰাধ) লৈয়ে এই লিখনিটো -
 ১। Dowry death (যৌতুকৰ কাৰণে হত্যা) :- IP C sec304-B অনুসৰি যদিহে এগৰাকী মহিলাৰ মৃত্যুৰ কাৰণ স্বাভাৱিক মৃত্যুৰ সলনি যিকোনো জ্বলন নাইবা শৰীৰত আঘাত পোৱা কাৰণে হয় বিয়াৰ ৭ বছৰৰ ভিতৰত আৰু যদি মৃত্যুৰ আগতে তেওঁ স্বামী নাইবা পৰিয়ালৰ মানুহৰ দ্বাৰা অত্যাচাৰ পাইছিল যৌতুক দাবী কৰাক লৈ তেন্তে এনে মৃত্যুক dowry death বুলি ধৰা যায়।
 শাস্তি : যি ব্যক্তিয়ে এনেধৰণৰ হত্যা সংঘতিত কৰে তেওঁক কাৰাবাস দিয়া হয় যিটো অতি কমেও ৭ বছৰৰ নাইবা যাব্বজীৱন হ'ব পাৰে।
 ২। Forceful termination f pregnancy (জোৰ জবস্তি গৰ্ভপাত কৰোৱা) :- TPC sec313 -316 ic অনুসৰি যদিহে কোনো স্বামীয়ে পত্নীক জোৰ জবোৰদস্তি (forcefully) গৰ্ভপাত কৰাই নাইবা কৰাবলৈ চেষ্টা কৰে সেইটো এক প্ৰকাৰৰ domestic violence |
 শাস্তি : ইয়াৰ শাস্তি যাব্বজীৱন কাৰাদণ্ড (life imprisonment) নাইবা দহ বছৰ কাৰাদণ্ড (10 years imprisonment) আৰু জৰিমনা (fine)।
 ৩| I When women is driven to commit suicide(নাৰীক আত্মহত্যা কৰাবলৈ বাধ্য কৰোৱা) বিশেষকৈ কিছুমান ঘৰত স্ত্ৰী সকলক যৌতুক দাবীক লৈ শাস্তি দিয়া হয় আৰু শেষত তেওঁলোকে আত্মহত্যা কৰিবলৈ বাধ্য হয়।
 শাস্তি : এনেধৰণৰ দোষৰ বাবে sec305 আৰু 306 ipc অনুসৰি ইয়াৰ শাস্তি ১০ বছৰ কাৰাদণ্ড আৰু জৰিমনা হ'ব পাৰে।
 ৪। Causing hurt or grievous hurt (আঘাত আৰু খুব বেছি পৰিমানে আঘাত কৰা) এইটো domestic violence ৰ একেবাৰে বহুল চলিত অৰ্থাৎ সাধাৰণতে দেখিবলৈ পোৱা অপৰাধ। sec 319 IPC মতে এই প্ৰকাৰটো হৈছে শাৰীৰিক ভাবে আঘাত কৰা, বেমাৰ বা infinity, শাৰীৰিক দুখ কষ্ট দিয়া যায়।
 শাস্তি : ইয়াৰ শাস্তি কাৰাদণ্ড (imprisonment) যিটো ৭ বছৰলৈ বাঢ়িবও পাৰে আৰু লগত জৰিমনা (fire)।
 ৫| Unlawful confinement : (আইনসংগত নোহোৱা আটক) :- এইটো আন একপ্ৰকাৰৰ domestic

 

⸻⸻⸻অৰ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড⸻⸻⸻