পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪৬৯

 

violence। যেতিয়া এগৰাকী নাৰীৰ চলন ফুৰণত বাধা দি তেওঁক চাৰিবেৰৰ মাজত বন্দী কৰি ৰখা হয়। এইটো IPC sec 339 আৰু 340 অনুসৰি এটা শাস্তিমূলক অপৰাধ (punishable offence)।
 শাস্তি : sec 341 IPC - যিয়ে তেওঁৰ পত্নীক অনেধৰণে বাধা আৰােপ কৰে তেওঁ এমাহৰ বাবে জেল নাইবা 500 টকাৰ fine নাইবা দুইটা হব পাৰে।
 Sec 342 IPC-যিয়ে চাৰিবেৰৰ মাজত বন্দী বা অৱৰােধ কৰি ৰাখে তেওঁলােকৰ শাস্তি ১ বছৰ জেল বা এহাজাৰ টকাৰ জৰিমনা নাইবা দুইটা হ'ব পাৰে।
 ৬। Marital Rape :- (বিবাহ সম্বন্ধীয় ধর্ষণ) :-আন এটা কমন domestic violence হৈছে Marital Rape। যেতিয়া কৌৰ্টৰ decree অনুযায়ী judicial separation ৰ সময়ত নাইবা কিবা নিয়ম (Custorn) ৰ বাবে পত্নীয়ে separate ভাবে থাকে আৰু সেই সময়ত পত্নীৰ মত নােহােৱাকৈ স্বামীয়ে জোৰ জবােৰদস্তি sexual intercourse কৰে IPC sec 376-A অনুসৰি এটা punishable offence হয়।
 শাস্তি : ইয়াৰ শাস্তি দুবছৰ জেল নাইবা fine হব পাৰে।
 ৭। Misappropriation f wife property :- (পত্নীৰ সম্পত্তি অসাধুগত আত্মসাৎ কৰা) এইটো একপ্রকাৰৰ domestic violence. IPC sec 405 আৰু 406 অনুসৰি নিজৰ সুবিধাৰ কাৰণে পত্নীৰ সম্পত্তি অসাধুগত ভাৱে আত্মসাৎ কৰাটো criminal breach of trust, যিটো punishable offence।
 শাস্তি : ইয়াৰ শাস্তি তিনিবছৰ জেল বা জৰিমণা হব পাৰে নাইবা দুইটা হব পাৰে।
 ৮। Matrirnonial cruelty (বৈবাহিক নিষ্ঠুৰতা) sec498-A IPC,1860 মতে পত্নীৰ ওপৰত স্বামী নাইবা স্বামী পৰিয়াল বৰ্গৰ দ্বাৰা শাৰীৰিক বা মানসিক ভাবে কৰা নিষ্ঠুৰতা বা নির্যাতন একপ্রকাৰৰ ডমেষ্টিক ভায়লেন্স।
 শাস্তি : ইয়াৰ শাস্তি ৩ বছৰ জেল নাইবা জৰিমনা হ'ব পাৰে।
 ৯। Adultery : (পৰস্ত্রী গমন) যেতিয়া এজন বিবাহিত পুৰুষৰ আন এগৰাকী বিবাহিত মহিলাৰ লগত অবৈধ যৌন সম্পর্ক থাকে তেতিয়াহলে তেওঁৰ আইনগত বিবাহিত পত্নীৰ ওপৰত domestic violence কৰা বুজায়। আইনগতভাৱে পৰস্ত্রী গমন এটা শাস্তিমূলক অপৰাধ।
 শাস্তি : sec 497 IPC মতে ইয়াৰ শাস্ত্রী ৫ বছৰ জেল নাইবা জৰিমনা হব পাৰে, এইয়া ইমান দিনে চলি অহা ন্যায়িক ব্যৱস্থা। কিন্তু ভাৰতৰ উচ্চতম ন্যায়ালয়ে যােৱা ইং ২৭/৯/২০১৮ তাৰিখে এটা নতুন ৰায়দান দিয়ে। নতুন নিয়ম অনুসৰি পৰস্ত্রী গমন (Adultry) ডিভর্চ ৰ এটা কাৰণ (ground) হব পাৰে। আৰু যদি এই কাৰণত কোনাে এজনৰ ইচ্ছাকৃত মৃত্যুও হয় তেতিয়াহলে সেই ৩য় ব্যক্তিক যাৰ লগত adultry সংঘটিত হৈছিল তেওঁক prosecuted for abetment of suicide sec 306 IPC মতে শাস্তি প্ৰদান কৰা হয়।
 এইয়া আমাৰ সমাজত ঘটি থকা common domestic violence (ঘৰুৱা হিংসা) ৰ ওপৰত কিছু তথ্য। লিখনিটোৰ শেষত এটা অনুৰােধ জনাম কোনেও যাতে এনেধৰণৰ অপৰাধ সহ্য কৰি নাথাকে। দোষ কৰিলে তাৰ শাস্তিৰ কাৰণে আইন ব্যৱস্থা আছে অলপ সাহস কৰি বিৰােধিতা কৰিলে বহু নাৰী মৃত্যুৰ মুখৰ পৰা ৰক্ষা পৰিব আৰু এখন অপৰাধ মুক্ত সমাজৰ সৃষ্টি হব।

 

⸻⸻⸻অর্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড⸻⸻⸻