পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬০

মােক জোৰ দি আছে। মােৰ প্রকৃত পৰিচয় লাগে তেওঁলােকক। বাইদেউ মই মােৰ শিপাডাল বিচাৰি গলােৱেই যেনিবা, পাম কি? এবুকু কঢ়িয়াব নােৱাৰা দুখ...??? হয়তাে মােৰ বাবে তাত কোনাে নাই..! মামাহঁতৰ ঘৰ ক’ত ভালদৰে নাজানাে। মা বা ক’ত আছে সেইটোও নাজানাে। মায়ে মােক ক’ত বিচাৰিব তেওঁতে নিজৰ সংসাৰখনলৈ ব্যস্ত। মােৰ বংশ পৰিয়াল বিচাৰি মই কি কৰিম? মােৰ বাবে সেইঠাইত বাট চাওঁতা কোনাে নাই চাগৈ...। শাহু-শহুৰে যেতিয়া গম পাব মই বাগানীয়া ছােৱালী মােক আৰু কথা শুনাই থাকিব। অতীততাে মই সদায় পাহৰি যাবলৈ চেষ্টা কৰোঁ বাইদেউ..। এখন সম্ভ্রান্ত অসমীয়া পৰিয়ালত ডাঙৰ-দীঘল হ’লাে মই... সেইয়াই জানাে মােৰ পৰিচয় নহয় ??? জন্ম মই য’তে নহওঁ কিয়? অমসীয়া সংস্কৃতিয়েই জানাে মােৰ পৰিচয় নহয়? ঘৰত থকা অৱস্থাত আনকি মােৰ বৰ বিয়া পতাৰ সময়তাে, বাইদেউ, মা-দেউতাই মােক কৈছিল, “তােৰ ঘৰ বিচাৰি যাওঁ ব’ল মণিকা, কিজানি কোনােবা আহেই...! দেউতা মাৰে যদি জীয়াই আছে তােৰ বিয়াখন চাই বহুত সুখ পাব।” মই মােৰ প্রকৃত মা-দেউতাক বিচৰাৰ বাবে অকণাে ইচ্ছা নকৰিলোঁ। দেউতাক মই ঘিণ কৰাে। ইমান সৰুতে মােক বিক্রি কৰি দিলে... তাকো হােষ্টেলত কাম কৰাৰ বাবে...! হয়তাে মােৰ দেউতাই মদ খাই কেতিয়াবাই মৰিল। মােৰ প্রকৃত মা-দেউতাৰ মৰম মই কি নাজানোঁ। মােৰ কোনাে কথাই মনত নাই। কিন্তু এতিয়াৰে মােৰ যি দুজন মা-দেউতা তেওঁলােককেই মই অন্তৰৰ পৰা মা-দেউতা বুলি ভাবোঁ। কাহানিও মায়ে মােক আগত থৈ একো বস্তু খােৱা নাই। দেউতাই ঘৰৰ পৰা ওলাই গলেই মােৰলৈ কিবা নহয় কিবা এটা আনিবই। বাদাম, চানাচুৰ, আঙুৰ, মনে মনে দিব। সাপ্তাহিক বজাৰবােৰলৈ গলেও দেউতাই মােৰলৈ বহুত কিবা কিবি আনে। ভাৱকচোন বাইদেউ এতিয়া সেইজন দেউতাক মই এইখন ঘৰৰ হেঁচাত পৰি টকা বিচাৰি থাকিব লগা হৈছে। গুৱাহাটীৰ বাইদেউৱে মােক মাজে মাজে মাতে, “তই যদি শাহু-শহুৰৰ লগত কষ্ট পাইছ। গুৱাহাটীলৈকে আহ। মই হােষ্টেল এটা ঠিক কৰি দিম। ধুনীয়াকৈ চলাই খাব পাৰিবি।” কিন্তু মােক কোনেও যাবলৈ নিদিয়ে। স্বামীয়েও মােক কাৰাে লগত ক’লৈকো যাবলৈ নিদিয়ে।

 বন্দিতা বিপাঙত পৰিল। কি ক’ব কি উপদেশ দিব একো ভআৱিবই পৰা নাই। নিজৰ এৰি অহা ঘৰখন বিচাৰি যাবলৈ ক’বনে? নে বর্তমানৰ তাইৰ সংসাৰখন লৈ সুখী হৈ থাকিবলৈ ক’ব? স্বামী আৰু এজনী ছােৱালীয়ে তাইৰ এখন সুখৰেই সংসাৰ। অত্যাৱশ্যকীয়, লাগতীয়াল সকলােখিনিয়েই আছে। তেনেদৰে একো অভাৱগ্রস্থ যেন ও অনুভৱ নহয়...।

 শেষত বন্দিতাই মণিকাক বুজালে,“চোৱা মণিকা হৈ যােৱা ঘটনাবােৰ পাহৰি যােৱা। সেইবিলাকে তােমাক একো নিদিয়ে। ভৱিষ্যতৰ সপােনাে দেখা। তােমাৰ ছােৱালীজনীক মানুহ কৰাৰ সপােন দেখা। যিবিলাক স্মৃতিয়ে তােমাৰ জীৱনটোৰ তিক্ততা আনি দিব বিচাৰে সেইবিলাক আকোঁৱালি নলবা। বর্তমান তুমি সুস্থ আৰু সাহসেৰে অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া। অদৰকাৰী কথাত কাণ নিদিবা। তােমাৰ অতীততাে কি আছিল সেইয়া নিষ্প্রয়ােজন। আগলৈ কি কৰিব পাৰি সেয়াি চেষ্টা কৰা । যিবিলাক কথাবার্তাই তােমাৰ মন মগজু বেয়া কৰে। তুমি সেইবিলাক এৰাই চলা। ব্যস্ত জীৱন এটা বিচাৰি লােৱা। কর্ম ব্যস্ততাই তােমাৰ দুখবিলাক পাহৰাই ৰাখিব। কৰ্মৰ মাজেদি তুমি সুখী হ’বলৈ চেষ্টা কৰা। সদায় কর্মহে মানুহক পৰিচয় দিয়ে। জন্ম ক’ত, কিদৰে হ’ল এইবােৰ আচল পৰিচয় নহয়। হতাশ নহ’বা মণিকা। সময় সদায় একেদৰে নাথাকে। ঘাট-প্রতিঘাটেই জীৱন। জীৱনৰ প্ৰত্যেকটো প্রত্যাহ্বানেই আচলতে অনুপ্ৰেৰণা। তােমাৰ ইমান হাতৰ বিদ্যা আছে ইমান ধুনীয়া চিলাই জানা এখন চিলাইৰ দোকানকে খােলাচোন, দিনটো ব্যস্ত হৈ থাকিব পাৰিবা। বিভিন্ন মানুহৰ সংস্পৰ্শলৈ যেতিয়া আহিবা, এনেয়ে তােমাৰ মন ভাল লাগিব। দুটা নজনা কথা জানি, শিকিবা, অভিজ্ঞতা হচব। নহয় জানাে। এইদৰে যদি ঘৰৰ ভিতৰত সােমাই থাকা আৰু মন বেয়া হচব। চেষ্টাৰ অসাধ্য একো নাই মণিকা। আত্মবিশ্বাস ৰাখা। স্বাৱলম্বী হ’বলৈ চেষ্টা কৰা। এদিন চাবা যিখিনি মানুহে তােমাক ইতিকিং কৰিছিল সেই একেখিনিয়েই তােমাক শলাগিব। কোনেও তােমাৰ অতীতটোৰ পিছত লাগি নুফুৰে। তােমাৰ শাহু শহুৰ কোনেও তােমাক কথা শুনাবলৈ সুবিধা নাপাব। তুমি হাঁহিলেহে তােমাৰ সন্তানে হাঁহিব নহয় জানাে?? মনত ৰাখিবা তুমি পৰিয়ালৰ চালিকা শক্তি। হাতী যিমানেই ডাঙৰ নহওক কিয় সদায় মাউতেহে বলাব পাৰে। ঠিক তুমিও এনেকুৱা হােৱা। তুমি ফুৰ্টিত থাকা, দেখিবা সকলােৱে ফুৰ্টিত আছে। মণিকাই বন্দিতাৰ কথা শুনি অলপ সকাহ পালে। তাইৰাে মনৰ মাজত এক আত্মবিশ্বাস শক্তি বান্ধি ল'্লে’ কিবা এটা কৰাৰ।

 ইমানখিনি কথা একেলগে কৈ বন্দিতাইও এটা দীঘল উশাহ ল'লে। সঁচাই নাৰী হৈ জন্ম লােৱাতােৱেই অপৰাধ নেকি

বাৰু ? ইমান ঘাট-প্রতিঘাট জীৱনত...?? আধা বয়স মাক-দেউতাকৰ ঘৰখন চিজিল কৰােতেই যায় আৰু আধা বয়স স্বামীৰ

অর্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড