পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫৯


পিতে। চুলিত ধৰি চোচৰাই লৈ ফুৰে। মই কৰিব নােৱাৰা কামবােৰ কৰিবলৈ দিয়ে। দুদিন তিনিদিনৰ বাহী ভাত, চবজি খাবলৈ দিয়ে। এদিনাে মই গৰম ভাত খাবলৈ নাপাইছিলাে। তেওঁলােকৰ এটা অঁকৰা ল'ৰা আছিল। তাৰাে জোঠাবােৰ খাবলৈ দিছিল। নাখালে মােক পিতিছিল। চুলি জোকাৰি জোকাৰি মূৰৰ বিষ কৰি দিছিল। আপােনাক এইবিলাক অত্যাচাৰৰ কথা কৈ শেষ কৰিব নােৱাৰোঁ। ৰাতি হ'লে আগফালৰ বাৰান্দাত কুকুৰৰ দৰে বস্তা এটা পাৰি শুবলৈ দিছিল। গাত ল’বলৈ এটা বস্তা দিছিল। এদিন টেবুলত ৫ টকা এটা এখন পাই মই লৈছিলোঁ। আণ্টিৰ অঁকৰা ল'ৰাটোৱে মােক ৰ'দ এডাল আনি পিটিছিল। আঙ্কলে এৰুৱাই নিদিয়া হ'লে মই সিদিনা মৰি থাকিলাে হয়। হােষ্টেলৰ ছােৱালীবােৰে এইবােৰ কথা অলপ-চলপ জানিছিল। মােক আণ্টিয়ে হােষ্টেলত ছােৱালীবােৰৰ লগত কথা পাতিবলৈ নিদিছিল। আণ্টি নাথাকিলে মই মনে মনে হােষ্টেলৰ বাহঁতৰ ওচৰলৈ যাওঁ। হােষ্টেল গ্রাউণ্ড ফ্ল’ৰ, ফাষ্ট ফ্ল’ৰত আছিল। আমি ছেকেণ্ড ফ্ল’ৰত আছিলোঁ। বাহঁতে মােক মনে মনে কিবাকিবি খাবলৈ দিছিল।

 বন্দিতাই মাথাে মণিকাৰ কথাবােৰ তলকা মাৰি শুনি গৈছিল। তাইক বুজোৱাৰ ভাষা হেৰাই গৈছিল বন্দিতাৰ। ৯ বছৰীয়া ছােৱালী এজনীক ইমান অত্যাচাৰ কৰিছিলনে?

 বাৰু মণিকা কোৱাচোন গুৱাহাটীৰ পৰা তুমি ডিব্ৰুগড় কেনেকৈ পালাগৈ...? বাইদেউ মই সদায় হােষ্টেলৰ পৰা পলাবলৈ চেষ্টা কৰিছিলোঁ। চাঞ্চ পালেই মই গেটৰ বাহিৰলৈ দৌৰ মাৰোঁ। কিজানি ঘৰলৈ যােৱা বাছ পাওঁৱেই..! মােৰ ভাইটিক চাবলৈ... মাক চাবলৈ..খুউব মন যায়। মােৰ লৰালিকালৰ ওমলা ঘৰখনলৈ... লগৰীয়াবােৰৰ ওচৰলৈ যাবলৈ খুউব মন যায়। কিজানিবা কাৰােবাক লগ পাওঁৱেই...আকৌ আগৰ দৰে বাগানৰ লাইনত খেলিবলৈ পাৰিম। কেইবাবাৰাে এনকৈ পলাই যাওঁতে আন্টিহঁতে মােক ৰাষ্টাৰ পৰা ধৰি আনিছিলগৈ। ড্রাইভাৰ দুটাই বিচাৰি যায়। হােষ্টেলৰ কাম কৰা বাইজনীয়ে বিচাৰি যায়।

 এদিন এনেকৈয়ে সন্ধিয়া বেলাতে হাতত এখন কেচি লৈ মই মনে মনে হােষ্টেলৰ পৰা পলাই আহিছিলোঁ। সিদিনা আণ্টিত ক'ৰবাত বিয়া খাবলৈ যােৱাৰ কথা। কৰবাত গলে মােক ঘৰত বাহিৰৰ পৰা তলা মাৰি থৈ যায়। মই তেওঁলােকৰ ব্যস্ততাৰ চেগ বুজি পলাই আহি হােষ্টেলৰ কাষত থকা মন্দিৰত মনে মনে সােমাই থাকিলাে। মানুহবােৰে মােক লক্ষ্য কৰা নাছিল। হােষ্টেলত থকা এজনী বাইদেউৱে সেই মন্দৰত গধূলি চাকি দিবলৈ আহিছিল। মােক এটা চুকত আমন জিমনকৈ বহি থকা দেখা পালে। মণিকা তই যে ইয়াত.. কাৰ লগত আহিছ..? মই একো নক'লাে কান্দিলোঁ মাত্র। “বল হােষ্টেললৈ।”মই ক’লাে মই নাযাওঁ... বেলেগ ক'ৰবাত যাম। মৰি গলেও হােষ্টেললৈ নাযাওঁ। মােক আজি আণ্টিয়ে বহুত মাৰিছে। মই কেতিয়াও নাযাওঁ। বাইদেউজনীয়ে মােলৈ চাই কিবা এটা চিন্তা কৰিলে আৰু ক'লে, “ঠিক আছে মােৰ লগত যাবি?” আমাৰ ঘৰত তােক কোনেও নামাৰে, ভালকৈ থাকিবলৈ পাবি, খাবলৈ পাবি, চবেই মৰম কৰিব। মই একাষাৰে যাম বুলি ক'লাে। বাইদেউৱে মােক অটো এখনত উঠাই তেওঁলােকৰ চিনাকী মানুহ এঘৰলৈ লৈ গ'ল। তিনি দিনমানৰ পিছত তেওঁ মােক ডিব্ৰুগড়লৈ গ'ল। দেউতা-মা, বা-দাদা থকা ঘৰ এখন পালোঁ। বাৰু কোৱাচোন মণিকা আজি তুমি কিয় কান্দিছা, কাহানিও তুমি এইবােৰ কথা মােক কোৱা নাছিল। তােমাৰ এইখন ঘৰে এইবােৰ কথা জানেনে? তােমাৰ স্বামীয়ে? আজি তােমাক কোনােবাই কিবা ক'লে নেকি ?

 বন্দিতা বাইদেউ, মই যে তােলনীয়া ছােৱালী সেইটো কথা এওঁলােক সকলােৱে জানে। বিয়াৰ আগত কোনেও আপত্তি কৰা নাছিল। কিন্তু বিয়া পিছৰ পৰা মােক শাহু-শহুৰে কথা শুনাই থাকে। ঘৰলৈ টকা বিচাৰি যাবলৈ দিয়ে। শাহুৱে বেলেগৰ ঘৰৰ চাকৰণী আছিলি বুলি কৈ থাকে, মােৰ স্বামীয়েও কয়, “গুৱাহাটীৰ বায়েৰৰ পৰা টকা আনি, মাটি কিনাে বুলি কৈ থাকে। মােৰ চাৰিবছৰীয়া ছােৱালীজনীয়ে মাজে মাজে মােক সুধে, “মা তুমি কাৰ ঘৰৰ চাকৰণী আছিলা? চাকৰণী মানে কিনো মা?” মই তাইক কি কম ভাৱি নাপাওঁ বাইদেউ...। শাহু-শহুৰ, স্বামীয়ে ঘৰলৈ ফোনটো লগাই দি দেউতাক টকা বিচাৰিবলৈ কয় । তেওঁলােকে যেনেকৈ শিকাই দিয়ে তেনেকৈ কব লাগে। মই নিৰুপায় হৈ বাইদেউক টকা বিচাৰোঁ, মা-দেউতাক বিচাৰোঁ। মই কি কৰাে বাইদেউ,মা-দেউতাৰ লগতাে এতিয়া মােৰ সম্পর্কবােৰ কমি আহিবলৈ ধৰিছে। ঘৰৰ পৰা মােক যথেষ্টখিনি দিলে। পঢ়ালে, শুনালে, শান্তি বিয়া, বৰবিয়া দুয়ােখন ডাঙৰকৈ পাতিছিল ম-দেউতাহঁতে। লাগতীয়াল সকলাে বস্তু দিয়ে

থাকে। তেনেস্থলত কি বুলি মই ঘৰত টকা বিচাৰি যাওঁ কওঁকচোন। এতিয়া শাহু শহুৰ, স্বামীয়ে মােৰ আচল ঘৰখন বিচাৰিবলৈ

অৰ্দ্ধ-আকাশ: ৰচনাসমগ্র, প্রথম খণ্ড