পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৬১

ঘৰখন চিজিল কৰিব লাগে। যি গৰাকীয়ে বুদ্ধিৰে স্বামীৰ ঘৰখন চম্ভালিব নোৱাৰে তেওঁ সকলোফআলৰ পৰা পিছুবাই থাকিব লগা হয়। ইমান ধৈৰ্য, সাহস, সহনশীলতা এগৰাকী নাৰীৰ বাহিৰে কাৰো থাকিব নোৱাৰে। সেয়েহে দাৰ্শনিকসকলে কৈছে যে,“নাৰী তুমি মহিয়সী, নাৰী তুমি গৰিয়সী, নাৰী তুমিয়েই সতী জয়মতী, তুমিয়েই সাৱিত্ৰী, তুমিয়েই বেউলা, তুমিয়েই শকুন্তলা...।”


মাতৃৰ দুগ্ধ আৰু প্ৰয়োজনীয়তা

অনিদ্ৰিতা গোস্বামী

 শিশুৰ বাবে মাতৃৰ দুগ্ধ অমৃত স্বৰূপ। শিশুৰ জন্মৰ পাছতে দুগ্ধপান কৰাটো অতিকৈ জৰুৰী। চিজাৰিয়ান হ’লেও অতি সোনকালে মাকে আনৰ সহায় লৈ শিশুটিক গাখীৰ খুৱাব লাগে। কাৰণ মাকৰ গাখীৰত পোৱা যায় এন্টিবডি আৰু কলেষ্ট্ৰাম থাকে, যিটো এটা শিশুৰ বাবে অত্যন্ত জৰুৰী। মাকৰ গাখীৰত শিশুৰ বাবে লাগতিয়াল বহু কেইটা উপাদান পোৱা যায়। যেনে-প্ৰটিন, ফেটছ, কাৰ্বহাইড্ৰেট, আইৰণ, ভিটামিন, পানী , এন্টি ইফেক্টিভ উপাদান (ati infective factors) ইত্যাদি।

 জন্মৰ পৰা ছয় মাহলৈ শিশুক কেৱল মাকৰ গাখীৰ খুৱাব লাগে। মাকৰ গাখীৰ শিশুৰ স্বাস্থ্যৰ কাৰণে উত্তম আহাৰ। ই শিশুৰ শাৰীৰিক বিকাশৰ লগত মানসিক বিকাশটো বহু সহায় কৰে। দুগ্ধপান অকল শিশুৰ কাৰণেই নহয় মাক আৰু সন্তান দুয়োৰে কাৰণে ই বহুত উপকাৰী। দুগ্ধপান কৰিলে বহুতো বেমাৰৰ পৰা ৰক্ষা পোৱা যায়। তদুপৰি ই সন্তান আৰু মাকৰ মাজত এক বিশ্বাসৰ ভেটি গঢ়ি তোলে। যি সকল মাতৃয়ে শিশুৰ জন্মৰ প্ৰথমৰ পৰাই দুগ্ধপান কৰে তেওঁলোকৰ গাখীৰ ও উৎপন্ন হয় প্ৰচুৰ পৰিমাণে। বৰ্তমান আধুনিক বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগটো মাকৰ গাখীৰৰ দৰে উত্তম আৰু একো গাখীৰ নাই।

 মাকৰ গাখীৰ শিশুৰ ভালকৈ হজম হয় আৰু গেছ হোৱাৰ পৰাও শিশুক ৰক্ষা কৰে। মাক গাখীৰ খোৱা শিশু সকল বুদ্ধিমানো হয়। দিনটোৰ ২৪ ঘণ্টাই উপলব্ধ এই গাখীৰ গতিকে মাকৰ যথেষ্ট কষ্টও কম হয়। বটল চাফা কৰা ৰাতি উঠি উঠি গাখীৰ বনোৱা ইত্যাদি। মাকৰ গাখীৰ ভগৱানৰ দান।

 আন এক গুৰুত্বপূৰ্ণ বিষয় শিশুক ছয় মাহ পৰ্যন্ত লৈকে পানী, মৌ গৰুৰ গাখীৰ আদি কোনো বস্তু কেতিয়াও মুখ ত দিব নালাগে। ডাক্তৰে দিয়া ঔষধ, ভেকচিন আৰু পলিওৰ বাদে। ছয় মাহ সম্পূৰ্ণ হলে লাহে-লাহে গোটা আহাৰ দিয়া আৰম্ভ কৰিব লাগে।

 শিশুৱে যেতিয়াই খাব বিচাৰে তেতিয়াই গাখীৰ খুৱাব লাগে। সাধাৰণতে সৰু শিশু সকল শুই ই থাকে তেতিয়া হলেও উঠাই অতি কমেও দিনটোত ৮ৰ পৰা ১০ বাৰ মান লৈ গাখীৰ খুৱাব লাগে। দুগ্ধপান কৰি থকা মাকৰ বেমাৰ হলেও শিশুক গাখীৰ খুৱাই থাকিব পাৰে।

 অতি কমেও 2 বছৰ বয়সলৈ শিশুক মাকৰ গাখীৰ খুৱাব লাগে।

 ফৰ্মুলা মিল্ক বা গৰুৰ গাখীৰত কেতিয়াবা কিছুমান সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা থাকে যেনে বেক্টেৰিয়া প্ৰভাৱো পৰিব পাৰে কিন্তু মাকৰ গাখীৰ খালে এইবোৰ ৰ পৰা চিন্তা মুক্ত।

 দুগ্ধপান কৰোতে সদায় এটা স্তনৰ গাখীৰ সম্পূৰ্ণ খোৱাই শেষ কৰাৰ পিছতহে আনফালে আকৌ খুৱাব লাগে কাৰণ প্ৰথমতে ওলোৱা গাখীৰ খিনিয়ে সদায় অলপ পনিয়া হয় যি কেৱল শিশুৰ পিয়াহ গুচাই আৰু তাৰ পিছত হে ডাঠ গাখীৰ ওলাই যত ফেটছ থাকে আৰু শিশুৰ ভোক গুচাই। গতিকে গোটেই খিনি গাখীৰ ই এটা শিশুৰ কাৰণে জৰুৰী। কেতিয়াবা শুনো

আমি যে প্ৰথম গাখীৰ খিনি পেলাইহে ডাঠ খিনি খুৱাব লাগে যিটো এক সম্পূৰ্ণ ভুল ধাৰণা। মনত ৰাখিব লগা কথা এবাৰত

অর্দ্ধ-আকাশ : ৰচনাসমগ্র, প্রথম খণ্ড