পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪৯

মনবৰে তাইক বল আৰু ক্ষমতাৰ প্ৰয়োগেৰে দেখাদেখিকৈয়ে ধৰি লৈ গ'ল। অসহায় মণিমালাই মনবৰৰ কোনোবা বন্ধুৰ ঘৰত নকইনাৰ সাজ পিন্ধি পূজাৰীৰ মন্ত্ৰ উচ্চাৰণত ৫-১০ মিনিটৰ ভিতৰতে শিৰত আঁকিবলগীয়া হ’ল মনবৰৰ নামৰ ৰঙা সেন্দুৰ। তাত নাছিল কোনো কইনা হোৱাৰ আবেগ-অনুভূতি, নতুন ঘৰ এখনলৈ যোৱাৰ লাজ-সংকোচ— আছিল কেৱল অনিশ্চিত জীৱনৰ, সন্মতিবিহীন বৈবাহিক বান্ধোনৰ এন্ধকাৰাছন্ন বাস্তৱ সত্যৰ মুখামুখি হোৱাৰ অপ্ৰত্যাশিত প্ৰস্তুতি। যত খোজ পেলাবলৈ গৈ অনুভৱ কৰিছিল মণিমালাই তাইৰ যেন দুয়োখন ভৰিয়েই পংগু — ইচ্ছামতে চালিত হ'ব নোৱাৰাকৈ তাই অচল, স্থবিৰ।
 মনৰৰ ঘৰত প্ৰৱেশ কৰোতে প্ৰায় মাজনিশাই হ'ল। দুৱাৰমুখতে ওৰণি খহাই শাহুৱেকে কৈ উঠিল - – মোৰ ল'ৰাক ফচাইহে এৰিলি। ময়ো চাম দে কি ভাল দিন যায় তোৰ। অনুচ্ছ সুৰত ক'লেও ডাঙৰ জীয়েক মাধুৰিমাই ঠিকেই শুনিলে কথাষাৰ। মায়ে যে কি কথাবোৰ কৈ থাক'। বলা নবৌ, ভিতৰলৈ ব’লা। অনুসন্ধিৎসু মন লৈ গোটখোৱা কেইঘৰমান চুবুৰীয়াৰ গুণগুণনিৰ মাজেৰে এটা কোঠা পালেগৈ মণিমালা। মাধুৰিমাই বিছনাতে বহোৱাই দিলে তাইক, তেতিয়াও জোৰেৰে ধৰি আছিল তাই মাধুৰ্মিৰ হাতখন। - মাধুৰিমাই মৰমেৰে সুধিলে— পানী খাবা নেকি নবৌ। – সন্ধিয়াৰ পৰা ৰাতি ১১ বজালৈকে চিন্তাজগতত বন্ধ হৈ থকা তলাটো যেন ডাঙৰ ননদ মাধুৰিমাই খুলি দিলে। তাইয়ো কৈ উঠিল—আঁখাম।—এয়া ৬ ঘণ্টাৰ মূৰত প্ৰথম মাত ওলাল মণিমালাৰ। অকণমান সহজ হ’বলৈ চেষ্টা কৰিলে মণিমালাই। সেই মুহূৰ্তৰ পৰাই যেন লাহে- লাহে বাস্তৱ সত্যক স্বীকাৰ কৰি ল'বলৈ সাহস গোটালে তাই। মাধুৰিমাৰ মৰমৰ আদৰ, সহায়-সহযোগত বৈবাহিক জীৱনৰ অচিনাকি বাট চিনাকি কৰাৰ ধৈৰ্যৰে বাট বুলিলে তাই।
 – কি ফুচফুচীয়া মেল পাতি আছ’ দুয়োজনীয়ে। মাৰৰ বদনাম গাই আছ’ হ’বলা। যা পাকঘৰত সোমাগৈ। আইনিয়ে ভাত খাব খুজিছে। চাহাবৰ লগত বিয়া হোৱা পাইছ’ নেকি? বহি বহি খাবলৈ। শাহুয়েকৰ তাচ্ছিল্যভৰা কথাত লৰালৰিকৈ চাদৰৰ আঁচলটো কঁকালত খুচি মণিমালাই খৰধৰকৈ পাকঘৰলৈ বুলি খোজ ল'লে। মাধুৰিমাই মাকক অনবৰতে কিয় বকি থাক’। দিনটো কামেই কৰি থাকে দেখুন। দুপৰীয়া ভাতসাঁজ খাই উঠা কেইপৰ হৈছেনো। পাগলী জীয়েৰৰ কাৰণে আকৌ পাকঘৰলৈ ঠেলিবলৈ হ'লেই।
 —তই চুপ থাক। বেছি কথা ন'কবি। গাভৰু ছোৱালী হৈ মুখখন ইমানকৈ বজাই থাক’ কেলেই। হেৰ’ তহঁতৰ আওভাও সোপাকে চাই থাকোঁ মই। নিজৰ ভনীয়েকজনীক পাগলী বুলিব আহিছ। তহঁতবোৰেই চব পাগলী।— বকি বকি মাকে আগফাললৈ বুলি খোজ পেলালে। আইনি, আইনি।
 নবৰ আৰু যোগেশ্বৰ দুটা ল'ৰা আৰু তিনিজনী ছোৱালীৰে এটা বৃহৎ পৰিয়াল। সৰুজনী ছোৱালী আইনি তুলানি হোৱাৰ পিছৰপৰা কিবা ধৰণেৰে অস্বাভাৱিক হৈ পৰিল। ককায়েকে লগৰ ল'ৰাৰ লগত মদৰ আজ্ঞা বহাওঁতে ঘৰৰ পৰিৱেশ বেয়ালৈ গতি কৰিলে, তালৈ কোনেও ধ্যানেই নিদিলে। বহুতৰ সন্দেহ আইনি হয়তো কাৰোবাৰ কামনাৰ বলি হ'ল। — যাৰফলত বুজা-নুবুজাৰ সন্ধিক্ষণত তাই আচহুৱা আচৰণেৰে পাগলীস্বৰূপ হৈ পৰিল। মাকে কয়, কোনোবাই যাদু কৰিলে, ভূত বীৰা মেলিলে। সেই অন্ধবিশ্বাসৰ মাজত সোমাই তেওঁ জীয়েক আইনিৰ প্ৰতি হৈ পৰিল অধিক কাতৰ। ডাক্তৰী চিকিৎসাৰ বিৰুদ্ধে গৈ বেজ-বেজালী কৰি ভাল কৰিবলৈ চেষ্টা কৰা হয় আইনিক। তাৰ মাজতে কেতিয়াবা তাই গাৰ কাপোৰ-কানি খুলি দৌৰ মাৰে, কেতিয়াবা ঘৰৰ ভিতৰতে গাত পানী ঢালি লয়, কেতিয়াবা ৩-৪ জন মানুহৰ জোখৰ ভাত তাই অকলেই খায়, মানুহৰ গালৈ হাতত যি পায় তাকে দলিয়াই পঠিয়াই। পৰিয়ালৰ আন লোকসকলৰ দৰে মণিমালাইও আইনিৰ অত্যাচাৰবোৰ সহ্য কৰাৰেইে অভ্যাস কৰিছে। কাৰণ ইচ্ছা থাকিলেও শাহুয়েকক আইনি ডাক্তৰী চিকিৎসাৰ বাবে পতিয়ন নিয়াব নোৱাৰে।
 মনবৰে অৱশ্যে মণিমালাক দায়িত্বৰ ডোলেৰে বান্ধি ৰাখিছে পৰোক্ষভাৱে হ'লেও। অভাৱ-অভিযোগ, ভাললগা- বেয়ালগাৰ খবৰ কোনোদিন পিছে নলয় বা তাইয়ো নিদিয়ে। তাই যেন মনবৰৰ অঘোষিত ৰাণীহে। কিন্তু ৰাণীৰ হৃয়ৰ খবৰ ৰজাৰ একেবাৰে জ্ঞাত নহয়। তাই মনবৰৰ তাইৰ প্ৰতি কেনেধৰণৰ কি প্ৰেম-ভালপোৱা সেয়া বুজবলৈ কেতিয়াও চেষ্টা কৰা নাই। তাইৰ বাবে সকলো সহজ আৰু স্বাভাৱিক হৈ পৰিছে। মনবৰ, শাহুয়েক, আইনিৰ লগতে ঘৰৰ অন্যান্য সদস্যসকলো তাইৰ বাবে অভ্যাসত পৰিণত হৈছে।
 সময় বাগৰিল। উচ্চ শিক্ষিতা মণিমালাৰ এদিন ঘৰৰ পৰা কিছু নিলগৰ এম.ই. স্কুল এখনৰ শিক্ষয়িত্ৰীৰ চাকৰি হ'ল।

অৰ্ধ-আকাশঃ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড