পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫০

কোলালৈ আহিল অধিৰাজ। লাহ-লাহে ঘৰখনৰ আগৰ পৰিৱেশ-পৰিস্থিতি কিছু সাল-সলনি ঘটিল। নাতিয়েক অধিৰাজৰ কলকলনিত আইতাকৰ মন-প্ৰাণ ভৰি উঠা হ'ল। এতিয়া আইনিৰ অলাগতিয়াল দাবীবোৰ মানি থকাতকৈ অধিৰাজৰ লগত ওমলি থাকিবলৈ ভালপোৱা হ'ল। ইফালে মনবৰৰ চাল-চলনৰ কিছু পৰিৱৰ্তন আহিল, মাজৰাতি বিছনাৰ পৰা নোহোৱা হয়। মনবৰ। দুদিনমান মণিমালাৰ কেনেবা কেনেবা লাগিছিল। পিছে কথাষাৰ জানিবলৈ, সুধিবলৈ কিবা এক সংকোচে আৱৰি ধৰে। তাতে ৰাতিখন কণমাণি অধিৰাজক এৰি মনৰ কলৈনো যায় সেয়া চাবলৈ অনিহা হয় তাইৰ। তথাপিও এদিন সাহস কৰি সুধিলে, কিন্তু মনবৰৰ চিধা উত্তৰ নতুন ব্যৱসায়টো পাৰ্টনাৰচিপত কৰিছো দেখিছাই দেখুন। গতিকে সময় বেছিকৈ দিবলগীয়া হয়। হ'লেও আপুনি মাজৰাতিখন!! মণিমালাৰ কথা আধাতে কাটি সি কৈ উঠে ব্যৱসায়ৰ লগত মাজৰাতি পিছৰাতি কি আছে। কিছুমান আলোচনা ৰাতি কৰিবলৈহে ভাল হয়। সহজভাৱে দিয়া উত্তৰটোত পাকলগা একো বিচাৰি নাপালে মণিমালাই। আচলতে বিচাৰিবলৈ ইচ্ছা নগ'ল। তাইৰ মাতষাৰ আজিৰ পৰা তিনি বছৰৰ আগতেই বন্ধকত থোৱাৰ দৰেই হ'ল। কোনোদিন মোকোলাব নোৱাৰা বন্ধকত।
 ধাম, ধাম, দুৱাৰখন কোনোবাই জোৰেৰে ঢাকিয়ালে, লগতে চিঞৰিলে আইতা, নবৌ, নবৌ। চকামকাকৈ সাৰ পাই একেজাপে বিছনাৰ পৰা নামিল মণিমালা। অধিৰাজে ওঁ ওঁ কৈ খচমচালে। তাই তাৰ মূৰটো লাহে লাহে মোহাৰি দিলে, বুকুত মৃদুকৈ থপথপালে, সি পুনৰ টোপনি গ'ল। বাহিৰলৈ চাই দেখিলে, ৰাতি পুৱালেই দেখুন। মনবৰ এতিয়ালৈকে আহি পোৱা নাই। অজান আশাংকাত বুকুখন তাইৰ চিৰিংকৈ গ'ল। কোনোবাই আগৰফালৰ দুৱাৰখন খোলাৰ শব্দ। তাই একো তৎ ধৰিব নোৱাৰাকৈ পোনচাতেই আগফালৰ খোজ পেলালে। শাহুয়েকৰ ৰাউচিজোৰা কান্দোন। সেই কান্দোনে ঘৰৰ মুখতে থকা ঘৰচিৰিকাকেইটাকো হয়তা ভয়তে আতুৰ কৰি তুলিলে – কি হ'ল মা, কি হ'ল? উধাতু খাই প্ৰায় দৌৰিয়েই গ'ল মণিমালা। মনে অ' অ' মনে — পুতেকৰ নাম কাঢ়ি কাঢ়ি শাহুয়েকে পদূলিৰ ফালে মাথোঁ দৌৰিছে। দিগবিদিগ হেৰুৱাই তাইয়ো পিছে পিছে যাব খোজোতেই অধিৰাজৰ কান্দোন কাণত পৰিল। উভতি খোজ লওঁতেই দেখিলে মাধুৰিমাই অধিৰাজক কোলাত লৈ আহিছে। দুয়োহাত মেলি অধিৰাজ মাকৰ কোলালৈ আহিল। নবৌ, কি হৈছেনো? মাধুৰিমাৰ কথাৰ উত্তৰ নিদিয়াকৈ মণিমালাই কৈ উঠিল। ব’লাচোন মাহঁতৰ পিছে-পিছে যাওঁ৷ সকলো মাথোঁ দৌৰিছে ৩০০ মিটাৰমান আঁতৰত থকা কুলি গাঁওখনলৈ। এটা বিশেষ ঘৰত জুম বান্ধি অজস্ৰ মানুহ। ভিৰ ঠেলি মণিমালা ঘৰটোৰ বাৰান্দা পালেগৈ। ই কি!! মনবৰ বাৰান্দাতে পৰি আছে। তেজেৰে লুতুৰি-পুতুৰি, মূৰটো থেতেলা খাই পৰি আছে। হাফপেন্ট গেঞ্জী পৰিহিত মনবৰৰ সৰ্বশৰীৰত দাৰে ঘপিওৱাৰ চিন। কেঁচা তেজ এতিয়াও বৈ আছে। হঠাৎ সকলো অন্ধকাৰ হৈ পৰিল, মণিমালাই একোকে নেদেখা হৈ পৰিল, কাণেৰে একো নুশুনা হৈ পৰিল। তাই শৰীৰটো যেন তাৰি নহয়। তাই কোন, ক'ত আছে, হাত-ভৰিবোৰ কলৈ গ'ল। মা, মা, ফুটা-ফুটা মাতেৰে অধিৰাজে মামা- কৈ চিঞৰি কান্দি উঠিল। হঠাত তাই অচেতন জগতৰ পৰা চেতন জগতলৈ ঘূৰি আহিল। জোৰেৰে বুকুত চেপি ধৰিলে অধিৰাজক। ভিৰ ঠেলি তাই কেৱল দৌৰিছে – অধিৰাজৰ কান্দোন বাঢ়ি গৈছে। তাইৰ উশাহ ঘন হৈ পৰিছে। এঠাইত ফোঁপাই-ফোঁপাই ধুমকৈ বহি পৰিল তাই। অধিৰাজক তেতিয়াও জোৰেৰে ধৰি আছে। নবৌ, নবৌ মাধুৰিমাই জোৰেৰে চিঞৰিলে। মনবৰ কাই আৰু নাই নবৌ। তুমি এবাৰ কান্দা নবৌ। কান্দি দিয়া, তুমি বিধৱা হ’লা। নিথৰ, জঠৰ হৈ পৰা মণিমালাক মাধুৰিমাই কান্দি কান্দি কৈ উঠিল। চাৰিওফালে মানুহ। সকলোৱে যেন তাইক কান্দিবলৈ অনুৰোধ জনাইছে। কোনোবাই আহি ৰঙা বেলিটোৰ দৰেই উজ্বল তাইৰ কপালৰ ফোট, শিৰৰ সেন্দুৰখিনিও মচি পেলালে। তাৰমাজতে শাহুয়েকৰ হুটা মাতষাৰ কাণত লাগিল – কুলক্ষণী, তয়েই মোৰ ল'ৰাৰ মূৰ খালি। মোৰ ঘৰখন ধ্বংস কৰিবলৈকে আহিছিলি তই। কি কুক্ষণত তই মোৰ ঘৰ গচকিলি অ’ কণা বিধাতাই তোকহে মোৰ ঘৰলৈ মাকৰ সমানে মাধুৰিমাৰ কান্দোনমিশ্ৰিত কণ্ঠস্বৰ —তই মনে মনে থাক অ’। কিমান আৰু নবৌকে দোষ দিদি বকি নাথাক’ | নবৌৰ কি দোষ! তই যেনেকৈ নিজৰ ল'ৰা হেৰুৱাইছ’, নবৌয়ে নিজৰ মানুহজনক হেৰুৱাইছে। আমি মনবৰকাইক হেৰুৱাইছোঁ। মণিমালাৰ কাণ দুখন গধুৰ হৈ পৰিল, মূৰটো আচন্দ্ৰাই কৰি উঠিল, চকুৰ পতা গধুৰ হৈ পৰিল। সকলো নিমিষতে অন্ধকাৰত ডুব গ'ল।
 তাৰপিছৰপৰাই শাহুয়েকে বাচি দিয়া বগা সাজযোৰ পিন্ধি তাই ঘৰে-পৰে পৰিচিত হৈ পৰিল বিধৱা মণিমালা নামেৰে। তাইৰ ৰঙীণ কাপোৰযোৰ শাহুয়েকে জ্বলাই দিলে। আগতে মনবৰ কৰবালৈ গ'লেই তাইলৈ ৰঙীন কাপোৰবোৰ কিনি আনিছিল। কিন্তু সি তাইক সেই সাজবোৰত কেতিয়াও দেখাই নাছিল। তাই ৰঙীন সাজযোৰ পিন্ধি সাজি-কাচি কৰবালৈ ওলাই যাওঁতে

অৰ্ধ-আকাশঃ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড