পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪৮


স্থিতপ্রজ্ঞ

ৰীতু গগৈ

 বাহিৰত নিয়ৰবােৰ শব্দ কৰি পৰি আছে। সেই শব্দৰ মাজতে বাৰে বাৰে ভাঁহি আহিছে—মা, মা তুমি মােক কেতিয়াও ক্ষমা নকৰিবা। মই তােমাৰ পুত্র হােৱাৰ যােগ্য নহয়। — অধিৰাজে চিঞৰি চিঞৰি কৈছিল। তেতিয়া তাৰ দুচকুত এসাগৰ পানী। অথচ তাৰ দুচকু চকুলােৰ সৈতে পৰিচিতই নাছিল। কাৰণ শৈশৱৰেপৰা সেই বাট ভেটি ৰাখিছিল মাতৃৰ মমতাৰ আঁচলেৰে। বৈবাহিক জীৱনৰ আৰম্ভণিৰ পৰাই সুখৰ স্থায়ী সংজ্ঞা পাহৰি যােৱা মণিমালাই একমাত্র পুত্ৰৰ বাবে মাথাে সুখেৰেই সজাব খুজিছিল সমস্ত বাটচৰা। কিন্তু আজি তাৰ দুচকুৰ কৰুণাসিক্ত পানীয়ে আইৰ হৃদয় নামৰ অংশটো স্থবিৰহে কৰি তুলিলে। সমস্ত আৱেগ, অনুভৱ-অনুভূতিবােৰ যেন ৰুদ্ধ হৈ পৰিল মুহূৰ্তৰ বাবে। হাতকেৰেয়া লগাই পুলিচৰ গাড়ীত উঠাই লৈ যােৱা নিজৰ বুকুৰ সন্তান অধিৰাজ নেদেখা হােৱালৈকে চাই ৰ’ল তাই। হঠাৎ বানে মথাউৰি ভঙাৰ দৰে ভাঙি ওলাই আহিল হিয়াভগা কান্দোন। ওচৰতে থকা মাধুৰিমাই দুবাহু মেলি ধৰিলে মণিমালাক —নাকান্দিবা নবৌ। তুমি সঁচাকৈয়ে সৎসাহসী। তােমাক আজি ময়েই প্রণাম কৰিছোঁ নবৌ। ন্যায়বিচাৰৰ বাটত নিজৰ বুকুৰ কুটুম্বকে হেঙাৰ হ’ব নিদিলা তুমি - থােকাথুকি হৈ পৰিল তাইৰ।

 ৰাতিৰ সাজ ৰন্ধাভাগেই থাকিল। মণিমালাক বেছিকৈ আমনি দিব নিবিচাৰিলে মাধুৰিমাই। মাজৰাতিৰ নির্জন পৰিৱেশৰ মাজত ন-পুৰণি ঘটনাবােৰ, অনুভৱবােৰৰ লগত একাত্ম হৈ পৰিল মণিমালা। হৃদয়ত চেপি ৰখা যন্ত্রণাবােৰ সৰৱৰে নিশাৰ গভীৰতা ভেদি ওলাই আহিব বিচাৰিলে।

 —নাই নাই, মই এনেকৈ বিয়া নহওঁ। এৰি দিয়ক। আপােনাৰ মই ভৰিত ধৰিছাে। মা-দেউতা। কাতৰ কণ্ঠে কৈ উঠিল মণিমালাই।

 – হ’বই লাগিব। কিয় নহ’ব। অতদিনে কি মােৰ লগত ভালপােৱাৰ অভিনয় কৰিছিলা? মণিমালাৰ হাতৰৰ বাহুত জোৰেৰে খামুচি কৈ উঠিল মনবৰে।

 — সঁচাই ভাল পাইছিলোঁ, অভিনয় কৰা নাছিলো। কিন্তু এনেকৈ জোৰ-জোলােম কৰি কিয় বিয়া কৰাব খুজিছে। বাউলী চুলিখিনি ঠিক কৰাৰ চেষ্টা কৰিলে মণিমালাই।

 —নাই, তুমি যাবই লাগিব আজি মােৰ লগত। অতুল যা গাড়ী ষ্টার্ট কাৰগৈ। মনবছৰে চিঞৰি কৈ উঠিল।

 —অ’ বােপাই, আমাৰ ছােৱালীজনীক এৰি দিয়া অ’। আজি বছৰৰ বিহুটোত এনেকুৱা এনেকুৱা অঘটন ঘটাব নাপায়। আমি কথাটো ভালদৰে সকলােৱে আলােচনা কৰোঁ আহা। তােমাৰ ঘৰৰ মানুহকো জনােৱা। হাতযােৰ কৰি মণিমালাৰ দেউতাকে অসহায়ভাৱে কৈ উঠিল।

 —আলােচনা কৰিবলৈ আৰু কিটো আছে। আপােনালােকক ঠিক চিনি পালাে মই। এতিয়া কথা পাতি লাভ নাই আৰু।

 — একপ্রকাৰ টানি-আজুৰি মণিমালাক গাড়ীত উঠালেগৈ মনবৰে। মা-দেউতা... মণিমালাৰ চিঞৰবােৰ কাষৰ চুবুৰীত বজাই থকা ঢােল-পেঁপাৰ শব্দৰ লগত বিলীন হৈ পৰাৰ দৰে হ’ল। উদং ভৰি, আউলী-বাউলী চুলিৰে, ঘৰত পিন্ধা সাজেৰে মণিমালাক মনবৰে একপ্ৰকাৰে অপহৰণেই কৰিলে সকলােৰে জ্ঞাতসাৰে। মান-অভিমান, লাজ-অপমান, ক্ষোভ, দুখ-বেদনাত ওৰে ৰাস্তা চকুলাে টুকিলে তাই। কোনােৱা ৰাজনৈতিক দলৰ সক্রিয় কর্মী মনবৰৰ লগত তাইৰ কিছুদিন ধৰি প্রেম-ভালপােৱাৰ সম্পৰ্ক এটো নথকা নহয়। কিন্তু তাৰ কিছুমান গণ্ডগােলীয়া আদর্শই জীৱনসঙ্গী নির্বাচনৰ সিদ্ধান্তটোত কিছু আউল লগালে মণিমালাৰ মনত। সেয়ে কিছুদিনৰ পৰা তাই মনবৰৰ প্ৰতি থকা প্রেম-ভালেপােৱাৰ কথাষাৰ পুনৰ বাৰ বিচাৰ-বিবেচনা কৰাৰ বাবে সময় ল’ব বিচাৰিছিল। আৰু সেয়া তাইৰ অধিকাৰাে আছিল। কিন্তু তেনেতেই ঘটিল ঘটনাটো। দাবী-হুমকি কি

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড