কান্দি কান্দি হাত যোৰ কৰি ক'লে দশমীয়ে শৰতক ..পিছুৱাই গ'ল শৰৎ চকুত থুপ খোৱা চকুপানী দুটোপাল মোহাৰি...।
:শৰৎ .. বাৰে বাৰে তাইৰ পৰা তেনেকুৱা ব্যৱহাৰ পাইও তুমি তাইৰ পৰা আঁতৰি যাব পৰা নাই...!মই জানো তোমাৰ
অন্তৰত থকা গভীৰ ভালপোৱাৰ কথা... কিন্তু তাইৰ জীৱনত কিছুমান কথাই এনেকৈ বুকুত সাঁচ বহুৱাই থৈছে যে সেইবোৰ
নাইকিয়া কৰিবলৈ হয়তো গোটেই জীৱন লাগিব ..।
কান্দি কান্দি আহি থকা শৰতক কৈছিল পূৰৱীয়ে...
:কিয় মা? কি কথাই তাইক মোৰ পৰা এনেকৈ আঁতৰাই ৰাখিছে? মই জানিব বিচাৰোঁ ..
নম্ৰভাৱে পূৰৱীক কৈছিল শৰতে...
:নিজৰ ঘৰতেই হিংসা দেখি ডাঙৰ হোৱা ছোৱালী তাই , দেউতাকে মাকক কৰ শাৰীৰিক অত্যাচাৰবোৰ সাক্ষী হৈ
ৰৈছিল তাইৰ চকুহাল..। সেই শাৰীৰিক মানসিক নিৰ্যাতনৰ ফলতেই মাকে মোৰ ওচৰত এদিন এৰি গৈছিল পাঁচ বছৰীয়া।
দশমীক ..। সেই যি এৰি গ'ল সেই দিন ধৰি আজিলৈ মাক উভতি নাহিল ...। দশমীয়ে বাটৰ ফালে চাই কৰি গল মাথোঁ
অপেক্ষা ...
তাইৰ বাবে বিবাহৰ সংজ্ঞা কেৱল মাৰ-পিট, প্ৰতাৰণা, দুখ...! তাই ভয় কৰে জানোচা তাইও সেইবোৰৰ বলি হ'ব লগা
হয়..! ছোৱালী মানেই চকুপানী বুলিয়েই বুজে আজিও তাই.। বিবাহ , সেন্দুৰ , স্বামী পত্নীৰ প্ৰেমৰ একো অস্তিত্ব নাই তাইৰ
জীৱনত। দুখ ভয়বোৰ তাইৰ হৃদয়ত হিম হৈ গোট মাৰি গৈছে...। আৰু তুমিয়ে সুৰ্যৰ কিৰণ হৈ সেই হিম গলাব পাৰিবা
বুলি মোৰ সম্পূৰ্ণ বিস্বাস..। হয়তো অলপ সময়ৰ প্ৰয়োজন হ'ব .. কিন্তু সেই দিন যে এদিন আহিব মোৰ মনটোয়ে কয় ...।
:সেই অকমানি বয়সতে ইমান দুখ দেখিছে তাই...? ইমানবোৰ দুখ কঢ়িয়াই লৈ ফুৰে দশমীয়ে ..। তাইৰ মনৰ
পৰিস্থিতি নুবুজাকৈ মই কেৱল মোৰ প্ৰস্তাৱ ৰাখি গ'লো তাইৰ সন্মুখত ...?? লাজ পাইছো আজি মই নিজৰ ওচৰতে! কিন্তু
মই তাই অন্তৰৰ পৰা সেই অজান ভয়ৰ শিপাবোৰ উভালি প্ৰেমৰ নৈ বোৱাম মা ..। প্ৰেমৰ সংজ্ঞা সলনি কৰি দিম তাইৰ মনৰ
পৰা...! তাইও প্ৰাণ খুলি হাঁহিব এদিন সঁচা অন্তৰেৰে ..। বুজিব তাই যে সকলোৰে জীৱন একে নহয়... | আমিয়েই তাৰেই
নিদৰ্শন হ'বলৈ চেষ্টা কৰিম ...।
:মই আশীৰ্বাদ কৰিছো যেন তেনেকুৱাই হয়। দেৰিকৈ হ'লেও বুজিব এদিন দশমীয়ে তোমাৰ আবেগ অনুভূতিবোৰ..!
শৰতে চাহ খাই ওলাই গ'ল আশ্ৰমৰ পৰা। শৰতৰ কথা শুনি পূৰৱীৰ অজনিতে আনন্দৰ চকুলোৰে ভৰি পৰিল দুনয়ন
...। শৰতৰ দৰে জীৱন সংগী এজনৰেই অপেক্ষাত আছিল ইমান দিনে তাই ...।
শৰৎ যোৱাৰ পাছতেই দশমী দৌৰি আহি মাকক সাৱটি কান্দিবলৈ ধৰিলে...
:কিয় আহিব দিয়া তেওঁক ইয়ালৈ মা? তুমি জানাই তেওঁ মোক প্ৰতিবাৰেই অশ্ৰু দি যাই উপহাৰৰ ৰূপত ...। কিন্তু
...? বাৰে বাৰে কোৱাৰ পাছতো কিয় একেটা প্ৰস্তাৱকে লৈ আহে তেওঁ মোৰ ওচৰলৈ..? তুমিও নেদেখা মোৰ অন্তৰৰ
আঘাতবোৰ?
কান্দি কান্দি কৈ গ'ল দশমীয়ে পূৰৱীয়ে মাকক ...
:তোৰ অন্তৰখন দেখা পাওঁ কাৰণেটো কওঁ...। পৱিত্ৰ সম্বন্ধ এতিয়াও শেষ হৈ যোৱা নাই পৃথিৱীৰ পৰা দশমী ..।মই।
জানো তই সৰুতে পোৱা আঘাতবোৰ এতিয়াও পাহৰিব পৰা নাই...। বিবাহৰ অৰ্থই তোৰ কাৰণে বেলেগ ..। কিন্তু সকলোৰে
ক্ষেত্ৰত তেনেকুৱা নহয় মাজনী..। মোৰো স্বামী আছিল, বহুত মৰমীয়াল আছিল তেওঁ..! সুখৰ সংসাৰ আছিল আমাৰ ...।
আমাৰ কাষলৈ যে আহে শৰ্মা খুড়ী .. কিমান প্ৰেম আছে তেওঁলোকৰ মাজত এতিয়াও ..। তই নিজেই দেখিছ ..! বিবাহ
মানেই অশ্ৰু বুলি কিয় ভাৱিছ তই ..? সকলো মানুহৰ মনবোৰ জানো একে ..?
:তেওঁলোকেও কান্দে মা..। আমাৰ আশ্ৰমলৈ কিয় আহিব লগা হয় তেওঁলোক? তুমি আজি আমাৰ দৰে ছোৱালীৰ
লগত কিয় জীৱন কটাব লগীয়া হৈছে .? বিবাহ মানে কেৱল চকুপানী মা , কেৱল চকুপানী ..৷ কোনোবাই যদি স্বামীৰ
অত্যাচাৰ পাইছে ,কোনোৱে শাহুৰ ... কোনোৱে আকৌ ল'ৰা ছোৱালী নথকা দুখ , কাৰোবাৰ বিবাহ বিচ্ছেদ ...। মুঠতে কোনো
সুখী নহয় ,
... দুখ, সংঘাত, প্ৰতাৰণা এইবোৰেই বিবাহৰ মূল সূত্ৰ .. নহ'লেননা “মা দুৰ্গা অনাথ আশ্ৰম” ৰজন্ম হ'লহেঁতেননে
অৰ্ধ-আকাশঃ ৰচনাসমগ্ৰ, প্ৰথম খণ্ড