তাৰ যেন মনৰ ৰংখিনি নিষ্প্ৰভ। পিছত গম পাইছিল যে ল’ৰাটোৰ মাক, দেউতাক দুয়ো ওলাই যায় কৰ্মস্থলীলৈ পুৱাতে। ঘৰ সোমাইহি ৰাতি আঠবজাত। সেয়েহে ক্ৰেছত থৈ যোৱা ল’ৰাটিয়ে দিনটো বঞ্চিত হয় কেতবোৰ মনে বিচৰা অনুভৱৰ পৰ,সংগৰ পৰা। যাৰফলত মানুহৰ সংস্পৰ্শলৈ আহিলেও কণমানিটো সহজ হ’ব নোৱাৰা হৈ পৰিল। কথাটো মনত পৰাত মানুহজনী যেন উচপ খাই উঠিল।
এনেতে নিয়ৰৰ এখন হাতে তাইক মেৰিয়াই ধৰে কঁকালত তায়ো তাক বুকুত সাৱটি ধৰে। অজানিতে তাইৰ এটোপাল চকুলো পৰে নিয়ৰৰ গালত। সি টোপনিতে চকুকেইটা পিৰিকিয়াই দিয়ে। তাই এইবাৰ মন ডাঠ কৰে। আৰু ভাবিবলৈ লয় যে নিয়ৰ ডাঙৰ হোৱাৰ পাছত তাই হয়তো এইটো সুযোগ নাপাব কিন্তু আৰ্থিকভাৱে সবল হ’বলৈ তথা নিজৰ পৰিচয় গঢ়িবলৈ অন্য বহুত সুযোগ পাব। এতিয়া প্ৰথম পৰিচয় তাই এগৰাকী মাতৃ আৰু তাইৰ জীৱনৰ লক্ষ্য হ’ল এগৰাকী ভাল মাতৃ হোৱা। কথাষাৰ মনলৈ অহাত তাইৰ মনটো পাতল লাগি যায় আৰু নিয়ৰৰ কপালত আলফুলে চুমা এটা খায়।
(বিঃদ্ৰঃ গল্পটোত উল্লেখ কৰা কাহিনীটো কিছু পৰিমাণে বাস্তৱৰ লগত জড়িত যদিও ইয়াৰ দ্বাৰা কিন্তু চাকৰিয়াল মাতৃসকলক ক্ষুন্ন কৰিবলৈ বিচৰা নাই। আজিও বহু মাতৃয়ে তেনেদৰেই সংসাৰ চলাই নিছে। গল্পটোৰ দ্বাৰা মাথো ইয়াকে বুজাব বিচৰা হৈছে যে এগৰাকী নাৰীৰ জীৱনত আৰ্থিক নিৰাপত্তা তথা পৰিচয়ৰ প্ৰাধান্যতকৈও কেতিয়াবা সন্তানেহে প্ৰাধান্য
পায়। কিয়নো আইৰ সমান কোনোৱেই হ’ব নোৱাৰে।)