পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২০

 নিয়ৰক খুৱাই মানুহজনীয়ে ভাতখোৱা বাচনযোৰ সামৰি উঠাই লয় আৰু নিয়ৰক ভালকৈ হাতমুখ ধুৱাই কাপোৰকানি পিন্ধাই দিয়ে। নিয়ৰেও জানে এতিয়া তাৰ শোৱাৰ সময়। মাকৰ কোলাত বাধ্য ল’ৰাৰ দৰে উঠি মাকক বিছনাৰ ফালে দেখুৱাই “শুম শুম” বুলি কৈ যায়। একোবত মাকৰ বুকুৰ মাজত সোমাই সি নিচিন্তমনে টোপনি যায়গৈ।

 আজিও মানুহজনীয়ে তাক এহাতেৰে সাৱটি আনখন হাতেৰে তাৰ গাত থপৰিয়া থপৰিয়াই আজি অহা খামটোৰ কথা ভাবিবলৈ ধৰে। লগতে তাইৰ মনত ডোলা দি যায় আন কেতবোৰ কথায়ো।

 তাই তেতিয়া এল পি স্কুলত। সিহঁতৰ পাঠ্যপুথিত আছিল “মোৰ জীৱনৰ লক্ষ্য” নামৰ গল্পটি। সেই পদটি আওঁৰোৱাৰে পৰা তাইৰ মনতো খোপনি পুতিছিলহি কেতবোৰ সপোনে। গজালি মেলিছিল কেতবোৰ সৰু সৰু আশা। আইতাকৰ যৌতুকীয়া ড্ৰেছিং আইনাখনতে আইনাখন ঢাকি লৈ, চকী এখন গোটাই পাটীগণিত, কুঁহিপাঠৰ আখৰা কৰিছিল। কৰিছিল জীৱন যুদ্ধৰ আখৰা কিম্বা জীৱন গঢ়াৰ পৰিকল্পনা। কেতিয়াবা তাই ভাবিছিল বিজ্ঞানী হ’ব আকৌ কেতিয়াবা ডাক্তৰ হৈ ৰোগী চাব। কেতিয়াবা ভাবিছিল মাষ্টৰণী হ’ব আকৌ কেতিয়াবা ভাবিছিল ওকালতি কৰিব। পৰীক্ষাৰ মাৰ্কশ্বিটবোৰে তাইৰ সপোনবোৰক আপডাল কৰিছিল তথা তাইৰ আশাবোৰক জীয়ন দিছিল। তাইক কোনেও ক’বলগীয়া হোৱা নাছিল “পঢ়” বুলি। শোৱাপাটীৰপৰা কোনোদিনেই তাইক জগাব লগীয়া হোৱা নাছিল। “ছাত্ৰৰ কৰ্তব্য” ৰচনাখন যে তাই চিঞৰি চিঞৰি পঢ়োতে একপ্ৰকাৰ মুখস্থ হৈ গৈছিল। “পঢ়াই পঢ়ে ৰোৱে পান, এই তিনি নিচিন্তে আন” কথাষাৰ দ কৈ শিপাই গৈছিল তাইৰ বুকুৰ ভিতৰলৈকে৷ সেয়েহে খুব মনপুতি পঢ়াশুনা কৰিছিল তাই। সেইধৰণে ফলাফলো হৈছিল ভাল। সিহঁতৰ গাঁৱৰ স্কুলৰপৰা টাউনৰ হাইস্কুলত চিট পোৱাটোও তাইৰে সৌভাগ্য বুলি ভাবিছিল। এনেকৈ হাইস্কুলৰ দেওনা, কলেজ ইত্যাদিও সুকলমে সমাপন কৰিছিল। উচ্চশিক্ষাৰ বাবে মন থকা স্বত্বেও আৰ্থিক অৱস্থাই হেঙাৰ হৈ ঠিয় দিছিল। মনৰ সকলো আশা, সপোন সামৰি সুতৰি তাই জীৱিকাৰ সন্ধানত নামিছিল। মনৰ একোণত তেতিয়াও বাজি ৰৈছিল “মোৰ জীৱনৰ লক্ষ্য”। একাগ্ৰতাৰ বাবেই প্ৰাইভেট চাকৰিটোৰ লগতে মাষ্টাৰ ডিগ্ৰীটো লৈছিল তাই ডিচটেন্স পাঠ্যক্ৰমত। ভাবিছিল তেতিয়াও তাই শিক্ষয়িত্ৰীৰ পদ এটাকে পাই গ’লে যে কিমান ভাল হ’লহেঁতেন। এনেকৈ থাকোঁতেই ঘৰৰপৰা তাইৰ বিয়াৰ কথা ওলায়। ইতিমধ্যে তাই টেটৰ এন্ট্ৰেন্সতো উত্তীৰ্ণ হয়। খৰধৰকৈ বিয়া হৈ যায়। মাজতে কেইবাঠাইতো তাইৰ শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰও জমা কৰে। শিক্ষকতাৰ চাকৰি এটা হ’ব হ’বকৈ এবছৰ উকলি যায়। আগৰ চাকৰিটোও এৰিবলগীয়াত পৰে। তথাপিও এটা ভালখবৰৰ অপেক্ষাত থাকে তাই। কিন্তু তেনেতেই আন এটা খবৰে তাইক পুলকিত কৰে। হয় তাই মাতৃত্বৰ খবৰ। মাতৃত্বৰ গৌৰৱে তাইক আছন্ন কৰি ৰখাৰ সময়ত তাই পাহৰি যায় তাইৰ পূৰ্বৰ লক্ষ্যৰ কথা। নিয়ৰৰ লগতে লাগি থাকোতেই পাহৰি যায় তাইৰ অপেক্ষাকৃত খবৰৰ কথাও। কিন্তু মানুহৰ জীৱনত কিছু ঘটনা অপ্ৰত্যাশিতভাৱেই ঘটে। যাৰ উদাহৰণ সেই ডাকোৱাজনে দি থৈ যোৱা এনভেলপটো। হয় যাৰ ভিতৰত সোমাই আছে তাইৰ ইমানদিনৰ আকাংক্ষিত খবৰটো।

 ডাকোৱালজনে দি থৈ যোৱাৰ পাছতেই তাই এবাৰ চাই থৈ দিছিল সেইটো। য’ত আছিল তাইৰ আশাপ্ৰদ ভালখবৰটো৷ কিন্তু কিয় জানো এই ভালখবৰটোৱে চোন আজি তাইক সিমান আনন্দ দিব নাই পৰা। যিটো খৰৰ বাবে তাই ইমানদিনে আশা কৰি আছিল আজি সেই আশা পূৰণৰ ছাবিকোচা হাতত পায়ো তাই মনৰ ভিতৰত নিকপকপীয়াহৈ লাগি ৰোৱা তলাটো খুলিবলৈ আজি অপাৰগ। এফালে তাইৰ আৰ্থিক সবলতা, নিজা পৰিচয় গঢ়াৰ সুযোগ আৰু আনহাতে তাইৰ বুকুৰ আমঠু নিয়ৰ যাৰদ্বাৰা আজি তাইৰ পৰিচয় এগৰাকী মা। টেলিভিছনৰ পৰ্দাত, বাতৰিকাকতত প্ৰকাশিত শিশুৰ নিৰুদ্দেশ,বনকৰা মানুহৰ দ্বাৰা উৎপীড়ন ইত্যাদিয়ে তাইৰ মনটো যেন দোদুল্যমান কৰি তুলিছে। ঘৰত অসুখীয়া শহুৰেক,বৃদ্ধা শাহুৱেকৰ হাতত গটাই থৈ যাবলৈ দিনটোলৈ তাইৰ বিবেকে নকয়, যিহেতু তেওঁলোকৰো বিশ্ৰামৰ কথা আছে। দিনটো অলপ সময় চাই দিয়া, ককাক আইতাকৰ লগত খেলাধূলা কৰা ইত্যাদিৰ কথাও বেলেগ আৰু দিনটোলৈ তাৰ খুউৱা বুউৱা, ধোৱাপখলা, শোৱাকে আদি কৰি তাৰ পিছে পিছে দৌৰি ফুৰাটোও বেলেগ এটা কথা। তাইৰ গাভৰু মানুহজনীৰে চোন ভাগৰ লাগে তাৰ পাছে পাছে দৌৰোতে। শাহুৱেক শহুৰেকটো বৃদ্ধ লোক তেওঁলোকে মনৰ জোৰতে পাৰিব বুলি ক’লেও তাই মান্তি হোৱাটো যুগুত হ’বনে বাৰু? এনেকুৱা এশ এবুৰি চিন্তাই আহি তাইক চানি ধৰিলেহি মুহূৰ্ততে। এই সকলোবিলাক উলাই কৰি তাক ক্ৰেছত থোৱাৰ কথা ভাবোতেই তাইৰ মনলৈ আহিল সিদিনা ওচৰৰে অন্নপ্ৰাসন্ন এখনত লগপোৱা সেই চাৰে চাৰিবছৰীয়া শিশুটোৰ কথা।

দেখাত অতি মৰমলগা ল’ৰাটোৰ মুখত মাত নুফুটে, সকলোৰেপৰা অলপ ভয়ে ভয়ে থকাৰ উপৰিও একদম বয়স অনুপাতে

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড