পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২২


হেপী মেৰেজ এনিভাৰ্চেৰী

প্ৰিয়ংকা বৰুৱা

 কালি ৰাতি প্ৰতীক আৰু নিশিতাৰ দুৰ্বাদল কাজিয়া। কাজিয়াৰ কাৰণ সেই একেবোৰেই।

 নিশিতাৰ মতে প্ৰতীক এলেহুৱা, বেচিজিল। ঘৰৰ কামত তাইক অলপো সহায় নকৰে। তাই যদি এই মাত্ৰ ৰূমটো চাফা কৰে, সি খেলিমেলি কৰে। গা ধুই টাৱেলখন কোনোদিন বাহিৰত নেমেলে। চাহ খাই কাপটো অখাল মৰাটো দুৰৰে কথা, বেছিনতো নথয়। ৰাতিপুৱা দেৰিকৈ শুই উঠিলেও বিছনাখন কোনো দিনা পাৰি নাহে। মুঠতে ঘৰৰ কুটা এগছো ইফাল সিফাল নকৰে।

 কিন্তু তাৰ বিপৰীতে সদায় হোষ্টেলত ডাঙৰ দীঘল হোৱা নিশিতা খুব পৰিপাৰ্টি। তাইও প্ৰাইভেট কোম্পানী এটাত চাকৰি কৰে। তথাপিও ঘৰখন তাই বৰ পৰিষ্কাৰকৈ ৰাখিব যত্ন কৰে। ড্ৰইং ৰুমৰ সজোৱা বস্তু কেইপদৰ পৰা বাৰান্দাৰ টাব কেইটা লৈকে তাই যত্ন লয় সঁচাকৈয়ে তাই এক মিনিটো এনেই বহি নাথাকে।

 কিন্তু কালি প্ৰতীকে পাণ খাই তাই অলপ আগতে চাফা কৰি অহা বগা বেচিনটো পিকাই পেলাই ৰঙা কৰি থোৱা দেখি তাইৰ ইমানেই বেয়া লাগিল যে প্ৰতীক তুমি সদায় কিয় এনেকুৱা কৰা বুলি কলে। মোৰ কষ্ট অলপমান টো বুজি পাবা বুলি কলে। ইফালে অফিচত বছেও কিবা কাৰণত কথা শুনোৱাত প্ৰতীকৰো মনটো বেয়া হৈ আছিল। তাৰ ইমানেই খং উঠিল যে মুখত যি আহে তাকেই নিশিতাক শুনাব ধৰিলে। ইমানেই বেছি কাজিয়া লাগিল যে দুয়োটাই ৰাতি ভাত পানী নোখোৱাকৈ শুই থাকিল। শুলেও বেলেগ বেলেগ কোঠাত। মাত বোল বন্ধ।

 আজি সিহঁতৰ দুবছৰীয়া বিবাহ বাৰ্ষিকী। সকলোৱে ফোন মেছেজ কৰি সিহঁত হালক শুভেচ্ছা জনাইছে। মাথোঁ জনোৱা নাই প্ৰতীক আৰু নিশিতাই উভয়ে উভয়ক। নিশিতাক মাত নিদিয়াকৈ প্ৰতীক সোনকালেই ওলাই গল। নিশিতাৰো অফিচত মন নবহিল। কোনেও নেদেখাকৈ মাজে মাজে ৰুমালেৰে চকুপানী মুচে। ভুলটো টো প্ৰতীকৰ হে আছিল। বেছিনটোত অলপ পানী মাৰি চাফা কৰি থৈ অহা হলেনো কি লোকচান আছিল। কিন্তু নাই নকৰে মানে একোৱেই নকৰে। অকণমান টো তাইৰ কষ্ট অনুভৱ কৰিব লাগে। ঠিক আছে বাৰু কালি যি হল হৈ গ’ল। ৰাতিপুৱাতো আজি এবাৰ তাইক মাতি মৰমেৰে আঁকোৱালি লোৱা হলেই তাই সকলো পাহৰি গলহেঁতেন। মাইকী মানুহ,এনেই মৰম আকলুৱা। নাই নামাতিলে,সি এবাৰো তাইক নামাতিলে।

 টু... টু.. টু... টু...নিশিতাৰ মোবাইল টো বাজি উঠিল৷ প্ৰতীক কলিং...তাইৰ মুখ খন উজলি উঠিল।

 নিশিতা : (খুব মৰমেৰে) হেল্ল,

 প্ৰতীক : (কোনো আবেগ অনুভূতি নোহোৱাকৈ) মই তোমাৰ অফিচৰ তলত আছোঁ। ঘৰৰ চাবিপাত ৰাতিপুৱা আনিব পাহৰিলোঁ। তোমাৰ পাত দি যোৱাহি। মই ঘৰলৈ যাওঁ, কিবা এটা কামত।

 নিশিতাৰ মুখ খন আকৌ কলা পৰি গল। এনেকুৱা লাগিছিল যেন তাইও একে উষ্মাৰে জবাব দিব। নোৱাৰো মই তললৈ চাবি দিব যাব। যত থাকা থকাগৈ। কিন্তু তাই তেনেকৈ ক’ব নোৱাৰিলে। কাৰণ কাষতে দুগৰাকী সহকৰ্মীয়ে কাম কৰি আছিল। একোৱেই তাই কব নোৱাৰিলে তেওঁলোকৰ আগত। চকী খনৰ পৰা উঠি তাই তললৈ আহিল।

 কিন্তু এইয়া তাই কি দেখিছে? প্ৰতীকে দেখোন হাতত এথোপা ৰঙা গোলাপ লৈ দুষ্টালি ভৰা হাঁহিটো মাৰি তাইৰ ফালে চকু টিপিয়াই বাইকৰ ওপৰত ভেজা দি আছে। নিশিতাৰো হাঁহো হাঁহো লাগিছে কিন্তু জোৰকৈ তাৰ আগতে গহীন হৈ আছে।

 প্ৰতীক : হেপী এনিভাৰ্চেৰী মাই চুইটি প্ৰিন্সেচ। এই ফুল আৰু মৰম কেৱল তোমাৰ বাবে। মুখ খন এতিয়া আৰু ফুলা লুচি কৰি থ’ব নালাগে। ধুনীয়াকৈ হাঁহিটো মাৰা।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড