পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১৬

কথাবোৰ শুনাৰ পাছত তেওঁ ক’লে “ছাত্ৰৰ অধ্যয়নেই তপস্যা। জীৱনত কিবা এটা কৰিম বুলি ভাবিছ যদি পঢ়াৰ সময়তে পঢ়ি ল’। পাছত অনুশোচনা কৰিবলগীয়াকৈ একো নৰ’বগৈ। যিকোনো পৰিৱেশ পৰিস্থিতিত নিজকে খাপ খুৱাই লৈ আগবাঢ়ি যোৱাটোহে তোৰ একমাত্ৰ উদ্দেশ্য হোৱা উচিত। একানপতীয়াকৈ লাগি থাক। লাগি থাকিলে মাগি নেখাৱ মোৰ আই। কোনোবাই কিবা বেয়া এটা কৰি আছে আৰু সেই বেয়াটো নোহোৱা কৰিবলৈ নিজৰ লোকচান কৰাৰ কি মানে আছে? কথাবোৰ তোলৈ বেছি টান হৈছে যদিও মই ভাবো তই বুজিবি। মনত ৰাখিবি নিজে নিজৰ উপকাৰ কৰাৰ লগতে দহৰ উপকাৰ কৰিলেহে জীৱন ধাৰণ কৰাটো সাৰ্থক। যা এতিয়া। দেউতাৰক কিবা ক’বলগীয়া থাকিলে নিজৰ মতে কবি। আনে শিকাই দিয়াৰ দৰে নহয়।” দেউতাককনো কি বুলি ক’ব তাকে ভাবি ভাবি ছোৱালীজনী আঁতৰি গ’ল।

 পুখুৰীটোৰ পাৰত বহি উপচি পৰা পানীত ভৰি দুটা জুবুৰিয়াই নচুৱাই আছে ছোৱালীজনীয়ে। আজি স্কুলত তাইৰ মন বেয়া লগা ঘটনা এটা ঘটিল। তাইৰ লগৰ জুমনি আৰু যোগমায়াৰ সৰু কথা এটাতে কাজিয়া লাগিল। যোগমায়াৰ কথাত যুক্তি আছিল। সেয়ে তাই যোগমায়াৰ হৈ মাত মাতিলে। আৰু তাতেই তাইৰ ভুল হ’ল। জুমনিয়ে তাইক বহু কিবাকিবি কোৱাৰ লগতে সকলোৰে আগত মদাহীৰ জীয়েক বুলি গালি পাৰিলে। হাঁহাকাৰ কৰি উঠিছিল ছোৱালীজনীৰ কুমলীয়া কলিজাটোৱে। তাই কিন্তু একোকে নক’লে। মনটো তাইৰ বেয়া লাগিয়েই আছে। কথাটো সঁচা। জুমনি তাইৰ গাৱঁৰে সৰুকালৰেই লগ। তাই এনেকুৱাকৈ ক’ব বুলি ছোৱালীজনীৰ মুঠেও ধাৰণা নাছিল। তাকে ভাবি ভাবি তাই এতিয়া পুখুৰীৰ পানীত ভৰি জুবুৰিয়াই বহি আছে। পানী জোক এটা কঁকাল ভাঙি ভাঙি তাইৰ ভৰিৰ ফালে আগবাঢ়ি অহাত ভৰি দুখন পানীৰ পৰা তুলি আনিলে তাই৷ জুমনিও এডাল জোক। যিবোৰ মানুহে তাইক মদাহীৰ জীয়েক বুলি কথাৰে কোবায় সেই সকলো মানুহ জোক। সিহঁতে তাইৰ মনটো বেয়া লগাই দি শুহি নিব খোজে তাইৰ সকলো ভাল লগা ভাৱ। ঠিক জোকে তেজ শোহাৰ দৰে। দেখুৱাব লাগিব সকলোকে যে মদাহীৰ জীয়েক কিমান পানীৰ মাছ! মেট্ৰিক পৰীক্ষালৈ কেইটানো মাহ! সকলোৱে তেতিয়াই দেখিব তাইৰ মনৰ জোৰ।

 দেউতাকলৈ খং উঠে তাইৰ। বেয়ালগা ভাবটোৱে তাইক মাৰি নিব খোজে। সেইবোৰৰ পৰা আঁতৰিবলৈ ছোৱালীজনীয়ে মেলি লয় মৌচাক নাইবা প্ৰান্তিক নহ’লেবা হোমেন বৰগোহাঞিৰ ‘প্ৰজ্ঞাৰ সাধনা। একো বস্তুৰ অভাৱ নাই তাইৰ। অভাৱ মাত্ৰ দেউতাকৰ বেয়া অভ্যাসটো এৰুৱাব পৰা সুখটোৰ। মাকে ক’বলৈ কোৱাৰ দৰে নিজৰ মতে বহুবাৰ তাই দেউতাকক কৈ চালে, অনুৰোধ কৰিলে কিন্তু মানুহজন একেই থাকিল জাপ জাপ কিতাপ পঢ়া মানুহজনে জানি বুজিও বেয়া অভ্যাসটো খামুচি ধৰি থাকিল। সেইজন দেউতাকেই গোটাই দিয়া জাপ জাপ কিতাপৰ মাজত ছোৱালীজনী ক্ৰমাৎ ডুবি গৈ থাকিল। তাই ভাবি নাপায় ইমান কিতাপ পঢ়া মানুহজনে এটা মাত্ৰ বেয়া অভ্যাস সৰুৱাব নোৱাৰে নিজৰ গাৰ পৰা। আচৰিত!! এনেকৈ মেৰিয়াই ধৰেনে নিচাই মানুহক? সঁচাকৈ আচৰিত! নাই। মদৰ নিচাত মানুহজন বাটে ঘাটে পৰি থকাৰ কোনো উদাহৰণ নাই। দিন ৰাতি কৰি তেওঁ মদ নাখায়। মদ খাই ঘৰতো কেতিয়াও তেওঁ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰা নাই। নিশা গেলামাল দোকানখন বন্ধ কৰি ঘৰ সোমোৱাৰ আগত তেওঁ পানীটুপি ধৰি আহি অহা ভাজে বিছনাত পৰেহি মনে মনে। আৰু ৰাতি এপৰত উঠি বাঢ়ি থোৱা ভাত খায়। হুলস্থূল নকৰিলেও মদ নামৰ বেয়া বস্তুটোৰ কৱলত পৰাৰ বাবেই ছোৱালীজনীৰ মনত দেউতাকলৈ থকা ক্ষোভত ফাটি পৰিব খোজে বুকুখন। সুধিবলৈ মন যায় কি বেজাৰত বা কি সুখত নিচাত পৰে তেওঁ? সোধা নহয় কেতিয়াও। মদাহী হলেও কিতাপৰ পৃথিৱীৰ সতে চিনাকি কৰাই দিয়াৰ বাবে দেউতাকৰ ওচৰত কৃতজ্ঞ হৈ ৰয় ছোৱালীজনী।

 “তাইৰ আৰু পঢ়া হ’বনে? পাৰিবিনে পঢ়াব দেউতাক অবিহনে? দেউতাকৰ শ্ৰাদ্ধৰ কাম কাজ শেষ হোৱাৰ পাছত বৰমাকে সুধিলে মাকক। বহু মানুহৰ প্ৰতিবাদৰ পাছতো মানুহজনৰ মুখাগ্নি কৰিবলৈ জীয়েকক আগবঢ়াই দিয়া মানুহজনীয়ে একো নক’লে। মাত্ৰ মনত বৈ ল’লে দৃঢ়তাৰ চাদৰ। ছোৱালীজনীয়ে বি এচ ছি পাছ কৰি উঠিছেহে মাত্ৰ। তাইৰ ৰিজাল্ট পোৱাৰ পাছদিনা শুই থকাতেই দেউতাক ঢুকাল। বহু কথা দেউতাকক কোৱা নহ’ল তাইৰ আৰু বহু প্ৰশ্ন সোধাও নহ’ল।

“ৰ’দত শৰীৰ ফাটি হয় ছিটাছিট
কোমল পদুমো কিন্তু ৰ’দেৰে নিৰ্মিত।”

 মাকৰ পুৰণা বহী এখনত লিখা শাৰী দুটাই চুই যায় ছোৱালীজনীক। মনৰ ক্ষোভবোৰ, বেয়ালগা ভাৱবোৰ একাষৰীয়া

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড