সমললৈ যাওক

পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১৭

কৰি থৈ ছোৱালীজনী আগুৱাই গৈ থাকে। কোবাব খোজা বাক্যবোৰে ঢুকি নাপাবলৈ নিজৰ চৌপাশে এক আৱৰণ সৃষ্টি কৰি লয় তাই। ৰ’দেৰে নিৰ্মিত বোকাৰ পদুম হ’ব খোজে ছোৱালীজনী। যাত্ৰা পথত কাষে কাষে ছাঁ গছ হৈ ৰৈ থাকে তাইৰ মাক৷ ছোৱালীজনীয়ে পাছলৈ ঘূৰি নাচায়।

 হাবি গাঁৱত উখল মাখল পৰিৱেশ। ঘৰৰ ছোৱালী ঘৰলৈ আহিছে আজি। অঞ্চলটোৰ প্ৰথম ইউ পি এছ চি পোৱা ছোৱালীজনী গৃহ জিলাৰ উপায়ুক্ত হৈ ঘূৰি আহিছে ঘৰলৈ। সম্বৰ্ধনা সভাৰ মঞ্চত ডিঙিত গামোচা পিন্ধি ছোৱালীজনীয়ে ভাষণ দিছে। তাইৰ কণ্ঠত দৃঢ়তা আৰু হাজাৰজনৰ চেতনা জগাই তুলিব পৰা তীক্ষ্ণতা। এসময়ত মদাহীৰ জীয়েক বুলি হঁহা মানুহবোৰে প্ৰশংসাৰে উপচাই দিছে তাইক। ৰভাখনৰ একেবাৰে শেষৰ শাৰীত বহি থকা ৰত্নগৰ্ভা মাতৃ গৰাকী এবুকু সুখত উপঙি পৰিছে। নাই। মৃত গিৰিয়েকৰ প্ৰতি মানুহগৰাকীৰ কোনো ক্ষোভ নাই। কাৰণ, মদাহীৰ জীয়েক স্বনামধন্য হৈ বোকাৰ পদুম ৰূপে উজ্জ্বলি উঠিছে।


 এই লেখাটো মৌলিক আৰু কল্পনাৰ আধাৰত লিখা? বাস্তৱৰ কোনো চৰিত্ৰৰ সতে মিলিলে লেখিকা দায়ৱদ্ধ নহয়। এই লেখা পূৰ্বে অপ্ৰকাশিত।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড