পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১৫

টোপোলাটো লৈ মানুহজনীয়ে খৰ খোজেৰে গো বাটৰ বালি গচকি গৈ থাকে পথাৰলৈ। মানুহজনৰ বেয়া অভ্যাসটো কেনেকৈ এৰুৱাব তাকে ভাবি ভাবি মানুহজনী আগবাঢ়ে। মনটোত দোলা দি থাকে ছোৱালীজনীৰ ভৱিষ্যতে। মানুহ হ’বগৈ নে তাই?

 ঘৰৰ কাষৰ পুখুৰীটোত বৰশীটো পেলাই দি আকাশ পাতাল ভাবি আছে ছোৱালীজনীয়ে। সদায় সদায় ঘৰখনৰ চেপা উত্তেজনাবোৰ ভাল নালাগে তাইৰ। হৈ হুলস্থূল নোহোৱাকৈ প্ৰতিদিনে ঘৰখনৰ বতাহ গধুৰ কৰি ৰখা উত্তেজনাবোৰ বুজি পায় তাই আজিকালি। সকলো কথাই বুজি পায়। অলপমান বুজন হোৱাৰ পৰাই একেটা দৃশ্যৰে অৱতাৰণা হোৱাটো দেখি আহিছে তাই। কি জানো কৰিব একো ভাবি নাপায় ছোৱালীজনীয়ে। মগজু তল ওপৰ কৰা কথাবোৰ পাগুলিয়াই পানীলৈকে চাই আছে, হ’লেও বৰশীৰ পুঙাটো পানীৰ তললৈ যোৱাটো দেখাই নাই তাই। লগৰীয়া লুচি আহি চিপ মাৰি দিলেহি বৰশীটো। গৰৈ মাছ এটা চটফটাই লাগি আহিল বৰশীৰ কাঁইটত। “বৰশী পাতি ক’লৈ চাই থাক’ তই?” লুচিয়ে মাছটো বৰশীৰ পৰা এৰুৱাই বনগুটিৰ গছ এডাল মাছটোৰ কাণেদি ভৰাই মুখেদি উলিয়াই মাটিত থ’লে। মাছটো মৰাই নাই। চটফটনি বাঢ়িছেহে। ছোৱালীজনীৰ নিজকে চটফটাই থকা মাছটোৰ দৰে লাগে কেতিয়াবা। নিজৰ মাজত বৈ ফুৰা কথাবোৰে সী নিয়ে তাইৰ কুমলীয়া কলিজাখন। “তোৰ দেউতাই ইমান মদ খায় তই দিয় কিয় খাবলৈ? হাক দিবি আক’৷ নহ’লে তোক মানুহে মদাহীৰ জীয়েক বুলি মাতিব চাবি।” বৰমাকৰ কথাষাৰে চটপকৈ কোবায় তাইক। তাই আগবঢ়াই দিছে নেকি দেউতাকক? বোলে যোৱা মাতাল হৈ ঘূৰি আহাগৈ ঘৰলৈ আহোঁতে। বৰশীয়ে বিন্ধা দি বিন্ধে কথাবোৰে। লুচিয়ে বৰশীত কেঁচু এডোখৰ লগাই থুৱাই দি বৰশীটো আকৌ পানীত পেলাই দিলে। এজাক পোনাৰে সতে গৰৈ মাছ এটা কাষ চাপি আহিল। ছোৱালীজনীয়ে দলি চপৰা এটা লৈ পানীত পেলাই দিলে। “কি কৰিলি ঐ নীলিমা?“ লুচি জকজকাই আহিল। “দেখা নাই নেকি পোনা চৰাই থকা গৰৈ মাছটো। কিয় পাতি দিছ বৰশীটো? মাছটো ধৰি আনিলে পোনাবোৰ বাচিবনে? মাকজনী ধৰি আনিলে সিহঁতক ডাঙৰ মাছে বা আন কিহবাই খাই পেলাব। তোৰ মাক কোনোবাই ধৰি লৈ গ’লে কেনে লাগিব তোৰ?“ ছোৱালীজনী গপগপাই ভিতৰলৈ গ’লগৈ। “কেনেকুৱা ছোৱালী অ' এই?’’ কথাটো মনতে ভাবি ভাবি লুচিও গ’লগৈ।

 গৰমৰ বন্ধটো শেষ হ’বহি। পকা মধুৰি এটা চোবাই চোবাই চোবাই গাঁৱতে বিয়া হোৱা জেঠায়েকৰ বাৰাণ্ডাত বহি আছে ছোৱালীজনী। এইবাৰ সপ্তম মানত পঢ়া ছোৱালীজনীয়ে জেঠায়েকৰ ঘৰলৈ আবেলি আবেলি প্ৰায়ে আহে। জেঠুৱেকে নিজৰ জীয়েকলৈ বুলি কিনি অনা এখন আলোচনীৰ আকৰ্ষণতে তাই আহে। হওঁতে তাইৰো ঘৰত দেউতাকে গোটাই দিয়া জাপ জাপ কিতাপ। হ’লেও ছোভিয়েট দেশ নামৰ সেই আলোচনীখনৰ ধুনীয়া ছবিবোৰে মায়া লগাই তাইক। জেঠায়েকৰ ঘৰত থকা সময়কণত সেইখন আলোচনীৰে পাত লুটিয়াই থাকে তাই। পকা মধুৰি চোবাই থকা ছোৱালীজনীৰ কাষতে কামৰ পৰা আহি পোৱা জেঠুৱেক বহিলহি। এখন হাতেৰে তেওঁ ছোৱালীজনীৰ মূৰত হাত ফুৰালে। “মধুৰিটো মিঠানে আই? তাই মূৰ দুপিয়াই শলাগ ল’লে। তাইৰ স্কুল কেতিয়ালৈ খুলিব সুধিলে জেঠুৱেকে। বহাৰ পৰা উঠি তেওঁ দমকলৰ পাৰলৈ গ’ল আৰু গাটো ধুই আকৌ তাইৰ ওচৰতে বহিলহি। তেতিয়ালৈ তাইৰ মধুৰিটো খোৱা হৈছিলগৈ। জেঠায়েকে আনি দিয়া গাখীৰ চাহত চুমুক দি জেঠুৱেকে তাইক সুধিলে “আই অ’। দেউতাৰে বলিয়া পানী খোৱাটো এৰিছেনে? “তাই নঞৰ্থকভাৱে মূৰ জোকাৰিলে।“ মাৰে বাৰু কৈ কৈ ভাগৰিছে। তই একো নকৱ কিয় দেউতাৰক? মানুহে তোক নহ’লে মদাহীৰ জীয়েক বুলিব।” জেঠুৱেকলৈ হেবাঙৰ দৰে চালে ছোৱালীজনীয়ে। দেউতাকৰ ৰূপটো মনলৈ আহিলেই তাইৰ বুকুত ধান বানে। কিবা এটা কোৱাটো বহু দূৰৰ কথা। কম বুলি ভাবিলেও ক’বই বা কি? কেনেকৈ ক’লে দেউতাক সিবিধৰ পৰা আঁতৰিব সেই বিষয়ে কোনো ধৰণৰ অনুমান তাই কৰিব নোৱাৰে। “কি কম জেঠু মই?“ হেবাঙৰ দৰে জেঠুৱেকলৈ চাই থাকিয়েই তাই সুধিলে। “শুন।” জেঠুৱেকে ক’বলৈ ধৰিলে। জেঠুৱেকলৈ মনোযোগ দি চালে তাই।”তই কবি যে আপুনি এনেকৈ সদায় সদায় মদ খালে মই পঢ়া শুনা নকৰো,স্কুল নাযাওঁ। বিয়াও নহওঁ।” কথাখিনি শুনাৰ পাছত আঁঠু দুটাত মুখখন গুজি তিনিমূৰীয়া হৈ তাই অলপপৰ জেঠুৱেকলৈ চালে। তাৰপাছত মই যাওঁ দেই জেঠাই বুলি চিঞৰটো মাৰি ঘৰলৈ বাট পোনালে। বাটে বাটে তাই ভাবি ভাবি পাৰ নাপালে কথাবোৰৰ। পঢ়াশুনা কৰা ,স্কুল যোৱাৰ লগত দেউতাকৰ বেয়া অভ্যাসটোৰ কি যোগসূত্ৰ সেয়া তাই ভাবি ভাবিও উলিয়াব নোৱাৰিলে। স্কুললৈ নগ’লে , কিতাপ পত্ৰ নপঢ়িলে তাইৰেতো লোকচান হ’ব। আনতকৈ পাছ পৰি যাবচোন তাই। কিতাপ পঢ়াৰ মজাটো তাই কেতিয়াও এৰিব নোৱাৰে। লাগিলে আৰু কিবা ঘটক! আৰু জেঠুৱেকে যে ক’লে

বিয়াৰ কথা! তাইৰ জানো বিয়া হ'বলৈ হৈছে এতিয়াই?! ছোৱালীজনী চিধাই মাকৰ ওচৰ পালেগৈ। তাইৰ পৰা গোটেই

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড