পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩৯

একনমানকৈ হে দেখা পালোঁ। উৰণিৰে যেন ইচ্ছা কৰিহে মোৰ পৰা মুখখন লুকুৱাই ৰাখিব খুজিছে মোৰ তেনে লাগিল। সেই যে সৰুতে মাকৰ ভাগৰ চাদৰবোৰ আলমিৰাৰ পৰা উলিয়াই মুখখন ঢাকি লুকা ভাকু খেলিছিল মোৰ লগত। এইয়া যেন আকৌ এক নতুন খেল আৰম্ভ কৰিছে মইনায়ে। নতুন কাপোৰযোৰৰ সৈতে খচমচনী তুলি সেইয়া ভিতৰলৈ সোমাই গ'ল মোৰ মইনা চৰাই। জোৰোণ গল, জোৰোণ পিন্ধি মইনাচৰাই আনৰ হৈ গ'ল।

 আবেলি সাজি কাচি চকুত চাট মাৰি ধৰা ৰঙা কাপোৰ এযোৰ পিন্ধি মইনাচৰাই ভিতৰৰ পৰা ৰভাৰ তলিলৈ নামি আহিল। ময়ো কিবা কাম এটাত ভিতৰলৈ সোমাই যাব খুজেঁতে দুয়ো মুখামুখি হলো। এইবাৰ আঁতৰি যাব নোৱাৰিলোঁ। দুয়ো চকুৱে চকুৱে পৰিলোঁ। কোনোবা এজনীয়ে কৈ উঠিল সাইলাখ মাকৰ দৰে লাগিছে। সঁচাকৈ এইয়া যেন নন্দিনী নামি আহিছে। সদায় কোৱাৰ দৰে মইনা চৰায়ে কৈ উঠিল দেউতা কেনেকুৱা লাগিছে। বুকুখন খোচ মাৰি ধৰিলে মোৰ। মাথোঁ কাষ চাপি গৈ আগৰ দৰে চকুৰ কোণৰ পৰা অলপ কাজল আঙুলিত লৈ কাণৰ কাষত লগাই দিলোঁ। কাৰো নজৰ নালাগক বুলি। সেমেকা হাঁহি এটা মাৰি মোৰ মইনাজনী আঁতৰি গল। ৰভাতলিত জিলিকি থাকিল মোৰ মইনাজনী।

 দৰা আহি কলতল পালেহি। গোটেইখন খদমদম লাগি গল। আনফালে মইনাক মাহ হালধীৰে গা ধুৱাই আনি সজাই পৰাই তুলিছে। আয়তীয়ে জাক জাক কৈ বিয়া নাম গাইছে। আগতেই তেওঁলোকক কৈ থোৱা আছে মইনা চৰাইৰ চকুপানী ওলোৱাকৈ দুখ লগা বিয়া নাম নাগাবলৈ। সেয়েহে ধেমেলীয়া নাম গাইছে তেওঁলোকে।

 এইয়া গোত্ৰ ছিঙি কন্যা সম্প্ৰদান কৰিছোঁ মোৰ মইনাজনীক। মইনা গোত্ৰ ছিঙি বিয়া দিলেও তোৰ দ কৈ গজি থকা শিপাবোৰ বুকুৰ মাজত থাকি যাব। উৰণিৰ তলত কান্দিছিলি নেকি বাৰু মোৰ পুতলীজনীয়ে। বিয়া সম্পূৰ্ণ হ'ল বুলি দেউয়ে মন্ত্ৰ মাতিলে।

 এইয়া মইনাচৰাইক বিদায় দিবলৈ ওলাইছোঁ। জোনাকৰ হাতত তাইৰ হাত দি জোনাকৰ চকুলৈ চাইছোঁ। জোনাকে যেন মোক পঢ়ি পেলালে। মূৰ দুপিয়াই মইনাচৰাইক ভালকৈ ৰাখিম বুলি যেন কৈ গল। কেতিয়াবা শব্দৰ প্ৰয়োজন নোহোৱাকৈয়ে সকলো হৈ যায় যদিহে আপোনাক মৌনতাক কোনোবাই বুজি পায়। মইনাজনী বুকুৰ মাজলৈ সোমাই আহিল। কিমান যে কষ্ট কৰিব লগা হৈছে তাই চকু পানী চেপি ধৰিবলৈ। কিয়নো তাই কান্দিলে যে তাইৰ দেউতাকেও কান্দিব। ময়ো অপ্ৰাণ চেষ্টা কৰিছোঁ। অৱশেষত আমি দুয়ো জিকিলোঁ। চকু পানী নোলোৱাকৈ দুয়ো সুন্দৰ অভিনয় কৰি গ'লো।

 এইয়া মইনাক গাড়ীৰ দুৱাৰ খুলি বহুৱাই দিছোঁ। কাইলৈ ৰাতিপুৱা মইনা আৰু জোনাক আমেৰিকালৈ উৰা মাৰিব। কপালত এটা চুমা আঁকি বিদায় দিছোঁ মোৰ মইনাজনীক।

 যা আই নতুন জীৱন আৰম্ভ কৰগৈ। সুখেৰে তোৰ জীৱন ভৰি পৰক।

 পিছলৈ নোচোৱাকৈ উভতি আহিলোঁ। এতিয়াৰ পৰা মইনানথকা ঘৰখনতে থাকিব লাগিব মই উদং বুকু লৈ। মানুহবোৰো এটা দুটাকৈ গৈ গৈ শেষ হৈছে। মাহীয়েক পেহীয়ক সকলোয়ে মইনাক নতুন ঘৰত থবলৈ গৈছে। এখুজি দুখুজিকৈ ভিতৰলৈ সোমাই আহিলোঁ। দুৱাৰৰ চুকৰ পৰা মাত আহিল দেউতা চোৱা চোন মই কত লুকাই আছোঁ। কু...উক... এইয়া চোন মইনা মোৰ লগতেই আছে। সেইজনী চোন মোৰ কণমানিজনী ইখন দুৱাৰৰ চুকৰ পৰা সিখন দুৱাৰৰ চুকলৈ কণমানি ভৰি দুখনে দৌৰ মাৰিলে। ময়ো মইনাক বিচাৰিবলৈ লাগি গ'লো... মইনা মোৰ লগতেই থাকিব.. মোৰ লগতে।এৰা সন্তানবোৰ সদায় মাক দেউতাকৰ বুকুৰ মাজতে ৰৈ যায়। লাগিলে অজান মুলুকতে বাস কৰি থাকক তেওঁৰ সন্তানে, হলেও মাক দেউতাকৰ বুকুৰ

মাজত সোমাই থাকে আমৃত্যু॥

অৰ্দ্ধ-আকাশঃ ৰচনাসমগ্র, প্রথম খণ্ড