পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

৪১০


পৰিধি

নাজ্‌মা বেগম

 খিৰিকীখন খুলি দি ভাগিৰথী গ্ৰীলত ধৰি এনেয়ে কিছুদেৰি থিয় দি ৰ'ল। আজি ভাগিৰীৰ বাবে গোটেই দিনটোৱেই বিশেষ হৈ থাকিল। ৰাতিপুৱা মৌমনে চাহ বাকি থাকোঁতে তাইক গবা মাৰি ধৰিছিল পিছফালৰ পৰা।

 কি হ’ল সোণ? তিনিটা ল'ৰা ছোৱালীৰ মাজত মৌমন বেলেগ। বিশেষকৈ ভাগিৰথীৰ বাবে।

 এয়া চোৱা মা তোমাৰ গল্প। বাতৰিখন তাইৰ সন্মুখত মেলি ধৰিলে মৌমনে। নিজৰ চকুকে বিশ্বাস কৰিব পৰা নাছিল। তেওঁ। ছপা আখৰত নিজৰ নামটো যে কেইবাৰ দিনটোত তেওঁ চুই নাচালে। ৰাখী আৰু গীতে তাইক অভিনন্দন জনাই সামৰি থলে সকলো। নিজৰ সন্তান বাবেই হয়তো তাতোকৈ তাই বেছি আশা কৰিছিল তাহাতাৰ পৰা। মৰম আকলুৱা মনটোৱে বিচাৰিছিল মৌমনৰ দৰে ইহঁত দুটাও জপিয়াই উঠক। পিছে দুখ কৰিও যে লাভ নাই সেয়া তাই বুজে। অসমীয়া পঢ়িব নজনা দুয়োকে তাই কোনসতে ভুল বুজে। সৰুতে তেওঁ অসমীয়া শিকাবলৈ জোৰ দিছিল কিন্তু কোনো আগ্ৰহ নেদেখুৱালে দুয়োটাই। এই দুখ থাকি গ'ল তেওঁৰ। প্ৰথম সন্তান মৌমন মানসিক ভাৱে কিছু পিছপৰা বাবেই ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ পৰা আঁতৰাই আনি অসমীয়া বিদ্যালয়ত দিবলৈ বাধ্য হৈছিল। কোনো কষ্ট নোপোৱাকৈ আগবাঢ়ি যোৱা ল'ৰাটো ক'ব নোৱাৰাকৈয়ে তেওঁৰ বহু বেছি ওচৰ চাপি আহিছিল। আৰু আঁতৰি গৈছিল গীত আৰু ৰাখী। সিহঁত দুয়োটাই ঘৰতে ইংৰাজীত কথা আৰম্ভ কৰিলেই মৌমন আহি মাকৰ কাষ পায়হি। এনেকৈয়ে লাহে লাহে মৌমন আৰু তেওঁৰ মাজত এক বেলেগ বন্ধুত্ব গঢ়ি উঠিছিল। গীত আৰু ৰাখী হোষ্টেলত পঢ়িবলৈ যোৱাৰ পিছত মৌমনৰ সতে অধিক সময় তেওঁ অকলে পাৰ কৰিছিল। সৰুৰে পৰা উদয়ৰ লগত মৌমন সহজ হ’ব নোৱাৰিলে। পিতৃ হিচাবে উদয়েও এই ক্ষেত্ৰত আগভাগ নল'লে আৰু এনেকৈয়ে এখন অদৃশ্য দেৱাল গঢ়ি উঠিল পিতা পুত্ৰৰ মাজত। বিয়া হৈ আহি এজাক মানুহেৰে কোলাহল হৈ থকা ঘৰখনৰ মানুহৰ মনবোৰৰ বুজ লৈ লৈ কাম কৰোঁতে , সকলোকে সন্তুষ্ট কৰি যাওঁতে যাওঁতে কোনোবাখিনিত তাই নিজেই হেৰাই থাকিছিল।

 উদয় আছিল তাইৰ মনৰ সম্পূৰ্ণ বিপৰীত মানুহ। বিয়া হ'ব লাগে বাবেই যেন বিয়া পাতিছিল। তাইৰ মনৰ জগতখনৰ সতে পৰিচয় হোৱাৰ কোনো আগ্ৰহ তাই নেদেখিলে আজিলৈকে। আজি দিনটো ভাগিৰথী ৰৈ থাকিল এপাকত হলেও মানুহজনে তাইক কিবা এটা কওক। গল্পটো প্ৰকাশ হোৱাৰ পিছতে মৌমনে লৰালৰিকৈ ফেচবুকত আপডেট দিছিল। হেজাৰটা লাইক দুশ ৰ ওপৰত অহা কমেন্টৰ পিছতো উদয়ৰ এষাৰ কথাৰ বাবে তাই দিনটো ব্যাকুল হৈ থাকিল। ৰাতি আটাইকেইটাই ভাত খাই থাকোতে তেওঁ মন কৰিছিল উদয় প্ৰয়োজনতকৈ গহীন। বাচন ধুই থকাৰ সময়ত অজানিতে হৰহৰাই চকুলো বৈছিল।

 মা কি কৰিছা আন্ধাৰত? মৌমনৰ মাতত উচপ খাই উঠিল ভাগিৰথী।

 নাই অ এনেয়ে। সকলোকে মন্তব্যৰ বাবে ধন্যবাদ জনোৱা হ'লনে? ভাগিৰথীয়ে মবাইল বা লেপটপত একো লিখিব নাজানে। তেওঁ বহীত লিখা গল্পবোৰ চাই চাই লিখে মৌমনে লেপটপত। ক'ত কি পঠাব সকলো সিয়েই ঠিক কৰে।

 হৈ গ'ল মা। আজি এটা নতুন লিখা মা। বিহু সংখ্যাৰ বাবে মোৰ লগৰখিনিৰ মাজৰ পৰা ওলাব লগীয়া আলোচনীখনত তোমাৰটো মেইন হ'ব। প্ৰকাশে কৈছে নহয়।

 হমম ..চাওঁ ৰ’বা।

 হ’ব মা যিটো বস্তু তুমি আশা কৰিলেও নোপোৱা কিয় ভাৱি মন বেয়া কৰিছা?

 হয় শুই যোৱা নহয় লিখা বুলি এয়া তোমাৰ আজিৰ গিফট কৈ সি দুইদিস্তামান কাগজ , পেন দুটা আৰু কাজুৰ পেকেট

এটা টেবুলত থৈ ওলাই গ'ল।

অৰ্দ্ধ-আকাশ : ৰচনাসমগ্ৰ, প্ৰথম খণ্ড