পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৪০৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০৮

ঘৰলৈ আহিবা কথা পাতিম বুলি তাক আশ্বাস দিলো।

 মইনাচৰাই লাজতে মুছকছ খালে। চকুৱে চকুৱে ইতিমধ্যে দুয়োয়ে ভাব বিনিময় কৰিছিল। মই বুজি উঠিলোঁ। ছোৱালীৰ লৰা পছন্দ হৈছে মানে। পিছদিনা আবেলি মাক দেউতাকক লৈ লৰাজন ঘৰ পালেহি। চা চিনাকি হলো তেওঁলোকৰ লগত। মইনাচৰাইৰ কোঁৱৰজনৰ নাম জোনাক। বেছ সপ্ৰতিভ লৰা। ভদ্ৰ মাৰ্জিত। মোৰ ছোৱালীৰ বাবে উপযুক্ত হব বুলি কথা পাতি গম পালোঁ। জোনাক আমেৰিকা উভতি যাবগৈ সেইবাবে কিবা নিয়ম এটা কৰি থৈ যাব বিচাৰিলে। জোনাক আৰু মইনা চৰাইক অকলশৰে কথা পাতিবলৈ সুবিধা দিলোঁ। অলপ সময় কথা পতাৰ পাছত চৰায়ে মোক মাতি নিলে। মই সুধিলোঁ -

 কি হল তোমালোকে কথা পাতা আকৌ।

 জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তটো লওঁতে তুমিও মোৰ কাষত থকা বিচাৰোঁ দেউতা।

 মইনাক বহুত ডাঙৰ যেন লাগি গল হঠাতে। মইনায়ে মোক হাতত ধৰি লৈ গল জোনাক বহি থকা কোঠালিটোলৈ আৰু ক'লে,

 জোনাক এইয়া মোৰ মা দেউতা বন্ধু সকলো। মোৰো কোনো কথা এওঁৰ পৰা লুকাই নাথাকে। মই নোকোৱাকৈ সকলো কথাৰ উমান পোৱা মানুহ এইজন। দেউতা মোৰ বাবে পৃথিৱী। দেউতা কাষত থাকিলে মই আন একোৰে হাবিয়াস নকৰোঁ। মই বিচাৰোঁ তুমি মোৰ কথাখিনি যাতে ভালদৰে বুজি পোৱা।

 মই মাথোঁ থৰ লাগি চাই ৰলোঁ মোৰ প্ৰাণৰ পুতলাজনীলৈ। এইজনীয়ে নে সেই অকণমানীজনী

 যাক নন্দিনীয়ে পঁচিছ বছৰৰ আগতে মোৰ হাতত তুলি দিছিল। আজিচোন বহুত ডাঙৰ ডাঙৰ কথা কব পৰা হ'ল।

 মইনাৰ কথা খিনি শুনি জোনাকে বুজি পাইছিল, মাক নথকা ছোৱালীজনীক যে ডাঙৰ কৰাৰ বাবে কিমান কষ্ট স্বীকাৰ কৰিব লগা হৈছিল তাইৰ দেউতাকে সি সকলো বুজি পাইছিল। সেই মুহূৰ্ততে জোনাকে কথা দিছিল। মইনাচৰাইক দেউতাকে যেনেকৈ ৰাখিছে তেনেকৈয়ে ৰাখিব। দুখৰ ছাঁ পৰিবলৈ নিদিয়ে মইনাৰ গাত কোনো কাহানিও।

 মই সুখী হৈছিল। দুয়ো আশীৰ্বাদ লৈছিল মোৰ ভৰি চুই। মইনা চৰাইৰ সন্মতি পাই সেইদিনায়ে আঙুঠি এটা পিন্ধাই থৈ গৈছিল জোনাকে। প্ৰতিশ্ৰুতি দি থৈ গ'ল।

 পিছৰ মাহত মইনাচৰাইৰ আমেৰিকালৈ যোৱাৰ ভিছা বনাই আনি জোনাকে মইনা চৰাইক বিয়া কৰাই আমেৰিকালৈ লৈ যাব।

 মইনা চৰাইৰ বিয়াৰ খবৰটোৱে যিমান সুখী কৰিলে সিমানেই দুগুণ দুখীও কৰি তুলিলে মোক। ঘৰখন চোন খালি হৈ যাব। মইনা নাথাকিলে মইনো কাৰ সতে থাকিম। পুতলাজনীক ক্ষন্তেক নেদেখাকৈ থাকিব নোৱাৰোঁ। এতিয়া মাহেকে, পষেকেটো দূৰৰ কথা বছৰৰ মূৰত মইনাজনীক দেখা পাম নে নাই সন্দেহ হ'ল। কথাবোৰ ভাবিলে চোন বুকুখন খোচ মাৰি ধৰা হল। যিমানেই বিয়াৰ দিন কাষ চাপি আহিল সিমানেই কষ্ট বাঢ়ি যাবলৈ ধৰিলে। মইনা চৰাইৰো একেই দশা হল। মুখ ফুটাই একো কব নোৱাৰিলেও দেউতাকটো হৈ তাইৰ মনৰ ভাব সকলো বুজি পালোঁ। দুয়ো অভিনয় কৰিবলৈ ধৰিলোঁ। বিয়াৰ কথাটো লৈ যে আমি কষ্ট পাইছোঁ কোনেও দেখুৱাই নিদিলোঁ। মইনাক লৈ গৈ কাপোৰৰ বজাৰ কৰিলোঁ। তাইৰ ভাল লগা সকলোবোৰ ৰঙৰ একোজোৰকৈ কাপোৰ আনি দিলো।

 জোনাকে যৌতুকৰ নামত একো বিচৰা নাই। খুব জোৰ দি একো নিদিবলৈ মোক অনুৰোধ কৰিলে। সেয়েহে জোনাকৰ কথা ৰাখি মইনাক প্ৰয়োজনীয় কাপোৰকেইজোৰ মানৰ বাদে আন একোৱেই দিয়া নাই। মইনায়ে কিন্তু যৌতুক লৈছে। যৌতুকৰ নামত তাইৰে মোৰে স্মৃতি জড়িত হৈ থকা ফটো এবাকছ সামৰি লৈছে। সেইবোৰ হেনো তাই লগত লৈ যাব আমেৰিকালৈ। তেতিয়া হেনো মোক তাইৰ লগতে থকাৰ দৰে পাব। উসঃ মইনা.... তাৰ মাজতে

 জোনাকে ভিদিঅ কল কৰে মইনা চৰায়ে মোকো টানি নিয়ে। তিনিও মিলি কথা পাতোঁ। মইনাক বুজাওঁ তই অকলে কথা পাতিবি তাৰ লগত। নাই তাই নুশুনে আনকি জোনাকেও মোক বিচাৰে ফোন কৰিলে। জোনাকো যেন মইনা চৰাইৰ নিচিনা একেই হৈ পৰিল।

 ৰাতিপুৱা জোৰোণ আহি গল। জোৰোণত ভকতৰ ওচৰত সেৱা লওঁতে মোৰ কাষত দীঘলকৈ উৰণি টানি বগা সাজত সোণালী গুণাৰ কাম কৰা কাপোৰযোৰে সৈতে সোণালীজনী হৈ মোৰ কাষতে আঁঠুকাঢ়ি সেৱা আগবঢ়াই গ'ল। মুখখন

অৰ্দ্ধ-আকাশ ⵓ ৰচনা সমগ্ৰ, প্ৰথম খণ্ড