পৃষ্ঠা:অৰ্দ্ধ-আকাশ ৰচনা সমগ্ৰ.pdf/৩৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 দুয়োখন ঘৰতে চিৰাচৰিত হুৱা-দুৱা আৰম্ভ হৈছিল। বিহুতীৰ মাক-দেউতাকে ওলাই যাবৰ বেলিকাও ছোৱালীজনীক আশীৰ্বাদ অকণ দিবলৈ নাপালোঁ বুলি কান্দোনৰ ৰোল তুলিছিল। ককায়েক কেইজনে খঙত লম্ফ-জম্ফ কৰিছিল ইফালে মুহিৰামৰ ঘৰত নবৌৱেক সেউতি আৰু নন্দে পদ্মাৰ দ্বাৰা আৰম্ভ হৈছিল বিহুতীৰ ওপৰত মানসিক নিৰ্যাতন। মাকে বৰ এটা বেয়া ব্যৱহাৰ নকৰিছিল যদিও ওপৰত এটা ককায়েক থাকোতেই মুহিৰামে ছোৱালী অনাৰ বাবে বৰ ভাল পোৱা নাছিল আৰু তাৰবাবে বিহুতীয়েই কিবা আহুদি কৰিলে বুলি তাইকেই দোষ দি থাকিছিল। মুহিৰামে সকলো দেখি শুনিও নিৰ্বিকাৰভাৱেই থাকিব লগা হৈছিল। চকুৰ পানী টুকি টুকি একালৰ হাঁহিমুখীয়া বিহুতীয়ে দিনবোৰ পাৰ কৰিবলগীয়াত পৰিছিল। নবৌৱেকৰ কেঁচুৱাৰ কাপোৰ কানি ধোৱাৰ পৰা ঘৰখনৰ সকলোবোৰ কাম তাইৰ মূৰৰ ওপৰত পৰিছিল। তদুপৰি মুহিৰামৰ আদৰুৱা সৰু ভনীয়েকে মিছা কথা লগাই লগাই মুহিৰামৰ মনটোতো ক'ৰবাত কেনা লগাই দিছিল। তাৰফলত লাহে লাহে মুহিৰামেও তাইক সৰু-সুৰা কথাতেই কেতেৰা-জেঙেৰা মৰা আৰম্ভ কৰিছিল। তাই দুচকুৰে ধুৱলী কুঁৱলী দেখিছিল। স্বাস্থ্য ভাগি পৰিছিল। মুহিৰামৰ ঘৰত বিহুতীৰ পুৱা শুই উঠাৰে পৰা নিশা পাটিত পৰালৈকে অষ্টপ্ৰহৰ কাম কৰোঁতেই যায়। ৰাতিপুৱাই ঘৰখনৰ সকলোৱে পইতা ভাত খায় ,পোৰা মাছৰ লগতেই হওক বা আলু পিটিকাৰ লগতেই হওক। অকল ভাত কেইটামানৰ বাদে তাইলৈ কিন্তু অন্য বস্তুৰ ভাগ একো নাথাকে তাকে খাই তাই দিনটোলৈ গেবাৰি খাতিবলৈ সাজু হয়। এনেকুৱাতে তাইৰ মনত পৰে মাকলৈ। কেতিয়াবা আকৌ জলপান এবাতি থয় বৰা চাউল অথবা কোমল চাউলৰ। তাই বাহি বন কৰি গা ধুই আহে মানে ঘৰৰ বাকীবোৰে খাই আজৰি হয়। তাইলৈ নঢ়কা -নেমেলাকৈ থোৱা জলপানখিনি ইতিমধ্যে মাখিয়ে ঢাকি পেলায় অথবা মেকুৰীয়ে এফাল খাই থয়। তাই লাহেকৈ কুঁৱাৰ পাৰত হাঁহ-কুকুৰলৈ বুলি জলপানখিনি চটিয়াই বাতিটো ধুই আনে।

 ঘৰত তাইৰ মাকে পুখুৰীৰ পৰা ভেঁট ফুলৰ গুটি টানি টানি উঠাই পটাত পিহি বড় ভাজি খাবলৈ দিয়ে ভাতৰ লগত। কেতিয়াবা ৰঙালাওৰ ফুলকে দুপাহ ছিঙি চাউলৰ খুদকণ পিহি তাৰ লগতে বড় ভাজি খাবলৈ দিয়ে তাইক কেতিয়াবা আকৌ বৰশীৰে দুজনী পুঠিমাছকে তুলি তাকে ভাজি বা পুৰি দিয়ে। সেইবোৰ মনত পেলাই তাই নিৰৱে চকুলো টোকে ইয়াত গিৰিয়েকে মাৰি অনা মাছৰো তাই ভাগ নাপায়। অন্য সকলো সহিব পাৰিলেহেঁতেন যদিহে কাৰোবাৰ পৰা অন্ততঃ ভাল মাত এষাৰকে পালেহেঁতেন তাই। এই অভাৱগ্ৰস্থ সংসাৰখনত মৰমৰ মাত এষাৰিৰো অভাৱ তাইৰ কাৰণে।

 ইতিমধ্যে এই অৱস্থাৰেই তাই নিজৰ চাৰিটি সন্তান জন্ম দিলে। গাওঁখনৰ নিয়ম কানুন শ্ৰুতিমতেই চলি আছিল হোম পুৰি বিয়া নোহোৱাৰ বাবে তেতিয়ালৈকে সিহঁতক ৰাইজে সামৰি লোৱা নাছিল। সেয়ে চাৰিটি সন্তান জন্মৰ পিছত বিহুতী -মুহিৰামৰ বিয়াৰ নিয়ম কৰা হৈছিল। মুহিৰামৰ ঘৰখনৰ চাৰিওটি ককাই-ভায়ে বিয়া কৰোৱাৰ পিছত কৃষিভিত্তিক ঘৰখন ভাগ ভাগ হৈছিল।মুহিৰামে লাওপানী খাই দিনে দিনে হুলস্থুল কৰি ঘৰখনত অশান্তি সৃষ্টি কৰিবলৈ ধৰিছিল। এনেকৈয়ে তাই সাতোটি সন্তানৰ জননীও হ’ল। অসীম ধৈৰ্যৰে তাই লোকৰ ঘৰত ৰোৱা-তোলা কৰি তাইৰ ল'ৰা-ছোৱালীকেইটা স্কুললৈ পঠিয়াই থাকিল।বিহুতীয়ে হাঁহিবলৈ প্ৰায় পাহৰিয়েই পেলাইছিল। এনেতে ভগৱানৰ কৃপাত তাইৰ ডাঙৰ ল'ৰা দেউকণে তেল কোম্পানীত এটা চাকৰি পালে। শান্ত প্ৰকৃতিৰ দেউকণে পৰিয়ালটোৰ দায়িত্ব মূৰ পাতি ল'লে।আৰ্থিক দৈন্য দূৰ হ'লেও তাই মুহিৰামৰ অত্যাচাৰৰ পৰা আজীৱন মুক্তি নাপালে।এইয়েই সেই মুহিৰামনে? সূদৰ্শন,গম্ভীৰ,কৰ্মী,কম কথা কোৱা বিয়াৰ আগৰ মুহিৰাম চুতীয়া। নেপালীবস্তিত গৈ নিতৌ মদ খোৱা আৰু ৰাতি ঘূৰি আহি ঘৰখনত সদায় অশান্তি সৃষ্টি কৰাই আছিল মুহিৰামৰ নিত্য নৈমিত্তিক কাম মাৰ-কিল খাই খাই তাইৰ গোটেই গাটোত বিষ হ'লগৈ। একেৰাহে তিনিবছৰ বিছনাত পৰি থাকি মুহিৰামৰ মৃত্যু হ’ল। মুহিৰামৰ মৃত্যুৰৰ এতিয়া দুবছৰ পাৰ হৈ গ'ল। তাইৰ স্বাস্থ্যও আগতকৈ বহুত হানি হ'ল।

 সময়ৰ পৰিৱৰ্তনৰ লগে লগে সমাজেও গতি কৰে। স্থবিৰতা কোনো সমাজৰ লক্ষণ হোৱা উচিত নহয় স্থবিৰ সমাজে আচলতে উন্নতি নোহোৱাকে সূচায়। বিহুতীয়েও এই চাৰিকুৰি দুবছৰত গাওঁখনৰ বহু পৰিৱৰ্তন হোৱা দেখিলে দেখিলে উদ্যোগীৰ হাতত হোৱা উন্নতিৰ ঢল। দেখিলে কৰ্মবিমুখৰ অধোগতি। এই পৰিৱৰ্তনৰ ঢৌৱে বিহুতলীকে চুই গ'ল ঘৰে ঘৰে গোৱা হুচৰিৰ লগতে বিহু আহিল মঞ্চলৈ। নতুনচামে প্ৰতিভা বিকাশৰ সুযোগ পালে। হুচৰী প্ৰতিযোগিতা, বিহুনৃত্য প্ৰতিযোগিতাৰ লগে লগে থাকে বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান। কণ কণ নাতি-নাতিনীবোৰে নিৰ্ভয়ে কৰা অনুষ্ঠান পৰিৱেশন সঁচায়ে বৰ আকৰ্ষণীয় হৈ পৰে। সেইবোৰ দেখি-শুনি বিহুতীৰ আনন্দৰ চকুলো নিগৰে। বৃহত্তৰ চাচনী মৌজাতো মঞ্চবিহু আৰম্ভ হোৱা আজি ভালে কেইবছৰেই হ'লহি। এইবছৰ চাৰিদিনীয়াকৈ পতা বিহুতলীত বিহু উৎসৱৰ আজি তিনিদিন পাৰ হৈ গ'লেই